তেজপুৰঃ অসমৰ বিভিন্ন প্ৰান্তৰৰ লগতে তেজপুৰতো দেখা পোৱা গ’ল প্ৰকৃতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰা দৃশ্য৷ সময় তেতিয়া দেওবাৰৰ ১ঃ৩০ বাজিছিল। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে সাংস্কৃতিক নগৰি তেজপুৰ আৰু ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চলসমূহত দেখা গ'ল প্ৰকৃতিয়ে ৰুদ্ৰমূৰ্তি ধাৰণ কৰাৰ দৃশ্য৷ প্ৰকৃতিৰ ভয়ংকৰ ৰূপ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দিনতে অন্ধকাৰ নামিল।

প্ৰচণ্ড বেগত বলিল ধুমুহা-বৰষুণ৷ বিজুলি ধেৰেকণিৰ কাণ তাল মৰা শব্দ৷ সম্পূৰ্ণৰূপে অন্ধকাৰ নামি আহিল ধৰালৈ৷ প্ৰকৃতিৰ ৰুষ্ট ৰূপত মাজতে তেজপুৰতো দেখা গ'ল বিপৰীত ছবি৷ প্ৰকৃতিৰ ৰুষ্ট ৰূপৰ সৈতে মোকাবিলা কৰাৰ বাবে দিনতে লাইট জ্বলাই চলিল সৰু-বৰ বাহন৷ মুঠৰ ওপৰত ব'হাগ আগে আগে এজাক প্ৰচণ্ড বৰদৈচিলাই চুই গ'ল অসমৰ বিভিন্ন প্ৰান্তৰ লগতে তেজপুৰৰ মিলনপুৰ, ডেকাৰগাঁও, বিন্দুকুৰি ইত্যাদি অঞ্চল।