62
newsnextone.com | ডিজিটেল ডেস্কঃ সংসদৰ বৰ্ষকালীন অধিবেশনৰ দ্বিতীয় দিনটোত অনাস্থা সন্দৰ্ভত আলোচনা কৰাৰ সময়ত গো হত্যা ৰোধ কৰাৰ নামত দেশত সংঘটিত গণপ্ৰহাৰ আৰু হত্যাকাণ্ড সন্দৰ্ভত উত্তাল পৰিবেশৰ সৃষ্টি হয়।
গৃহমন্ত্ৰী ৰাজনাথ সিঙে এই ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছিল। তাৰ কেইটামান ঘণ্টাৰ পিছতে দেশত পুনৰাই গো হত্যা ৰোধ কৰাৰ নামত সংঘটিত হিংসাৰ ঘটনাৰ বলি হৈ এগৰাকী লোকে ২০ জুলাইত প্ৰাণ হেৰুৱাব লগা হয় ৰাজস্থানত।