
মাত্ৰ কেইদিনমান আগলৈকে পুৱাবোৰ বৰ মনোৰম আছিল। প্ৰি-স্কুলখনৰ প্ৰাংগণত প্ৰতি পুৱাই প্ৰতিধ্বনিত হৈছিল শিশুৰ হাঁহি। কিন্তু আজি সেই ঠাইখন কেৱল মাথো ধ্বংসৰ নীৰৱ সাক্ষী হৈ ৰৈ গৈছে। ম্যানমাৰৰ দ্বিতীয় বৃহত্তম চহৰ মাণ্ডেলেৰ পৰা মাত্ৰ ৪০ কিলোমিটাৰ দক্ষিণে অৱস্থিত কিয়উচে চহৰত অৱস্থিত এই বিদ্যালয়খনৰ ধ্বংসাৱশেষত প্ৰায় ১৫টা শিশুৰ বেগ সিঁচৰতি হৈ আছে। এই গোলাপী, নীলা, কমলা ৰঙৰ বেগবোৰ ধ্বংসস্তূপৰ য’তে ত’তে পৰি গৈছে, যেন ভয়াৱহ দিনটোৰ প্ৰতিচ্ছবি অংকিত একো একোখন কেনভাচহে!
বেগৰ ভিতৰত আলফুলে ভৰাই অনা কিতাপ, টিফিন বক্সবোৰো পৰি ৰৈছে ইফালে-সিফালে। একা-বেঁকা আখৰেৰে পৰিপূৰ্ণ কিতাপবোৰৰ প্ৰতিটো পৃষ্ঠাত লিখা আছিল শিশুৰ সপোন, আছিল কণ কণ হাতৰ পৰশ! কিন্তু এই সকলোবোৰ কেৱল ধূলিময়। ভঙা চকী, টেবুল আৰু বাগিচাৰ স্লাইডৰ মাজত স্পাইডাৰমেনৰ পুতলা আৰু বৰ্ণমালাৰ আখৰবোৰ বিশৃংখল হৈ পৰি ৰৈছে ধ্বংসস্তূপৰ মাজত। যেন সেই সকলোবোৰে বাট চাই আছে আৰু এটা নতুন দিনলৈ, যিদিনা আকৌ এবাৰ খেলনাবোৰ কণ কণ শিশুৰ হাতত প্ৰাণ পাই উঠিব, আকৌ এদিন এই প্ৰাংগণ ভৰি পৰিব অস্ফুট স্বৰেৰে গোৱা বৰ্ণমালাৰ ধ্বনিৰে।
যোৱা শুকুৰবাৰে ম্যানমাৰত সংঘটিত হোৱা ৭.৭ প্ৰাবল্যৰ ভয়াৱহ ভূমিকম্পই এই বিদ্যালয়খনকো নিঃশেষ কৰি পেলাইছে। এই অঞ্চলটো চহৰখনৰ আটাইতকৈ বেছি প্ৰভাৱিত অঞ্চলৰ ভিতৰত অন্যতম। প্ৰতি মুহূৰ্ততে বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা, এতিয়া ৩ হাজাৰ অতিক্ৰম কৰিছে। প্ৰতিটো ধ্বংসাৱশেষৰ তলত হেৰাই যোৱা হাঁহি, ছিন্নভিন্ন সপোন আৰু এটা পৰিয়ালৰ কান্দোন। এই দৃশ্য কেৱল চকুৰে দেখাই নহয়, হৃদয়েৰেও অনুভৱ কৰিব পাৰি। ইয়াত থিয় হৈ এনে লাগে যেন সময় স্থবিৰ হৈ পৰিছে, আৰু ধ্বংসস্তূপৰ মাজত যেন বন্দী হৈ পৰিছে শিশুবোৰৰ বিলাপ!
"যেতিয়া ভূমিকম্প আহিছিল, তেতিয়া মাকে দুপৰীয়াৰ আহাৰ ৰান্ধি আছিল"
৭১ বছৰীয়া ক্যোয়ে ন্যানৰ চকুত চকুলো আৰু বুকুত অজস্ত্ৰ বিষাদে স্তব্ধ কৰিব খোজে মাত। কান্দি কান্দি তেওঁ কয় যে তেওঁৰ পৰিয়ালে তেওঁলোকৰ পাঁচ বছৰীয়া নাতিনীয়েক থেট হেটাৰ ছাইনৰ অন্ত্যেষ্টিক্ৰিয়াৰ যো-জা চলাই আছে। এই কণমানি ছোৱালীজনী আছিল তেওঁলোকৰ জীৱনৰ পোহৰ— তাইৰ হাঁহি, তাইৰ কথা, তাইৰ সৰু ভৰিৰ থুনুক থুনুক খোজে পৰিয়ালটোক সমৃদ্ধ কৰিছিল। কিন্তু এতিয়া তাই মাথোঁ এটা স্মৃতি, যিটো তেওঁলোকৰ হৃদয়ত চিৰদিনৰ বাবে ৰক্তাক্ত ঘা হৈ থাকিব।
তেওঁ কয় যে কণমানিটিৰ মাতৃয়ে দুপৰীয়াৰ আহাৰ প্ৰস্তুত কৰি আছিল, সেই সময়তে আহিছিল ভয়াৱহ ভূমিকম্প। হঠাৎ মাটি কঁপি উঠিছিল। বনাই থকা আহাৰখিনি তেনেকৈয়ে থৈ তেওঁ দৌৰিছিল- স্কুললৈ। কিন্তু স্কুল গৈ পোৱাৰ আগতেই যে সকলো শেষ গৈ গ’ল। প্ৰি-স্কুল ঘৰটোৰ ঠাইত তেতিয়া মাথো ৰৈ গৈছিল ধূলি আৰু ধ্বংসাৱশেষ।
প্ৰায় তিনি ঘণ্টাৰ পিছত উদ্ধাৰ হয় কণমানি ছাইনৰ কণমানি মৃতদেহটো। কিয়ো ন্যানৰ মাতটো গধুৰ হৈ পৰিল, "আমি আমাৰ মৰমৰ সন্তানৰ মৃতদেহৰ এটা খণ্ড পাইছিলোঁ।" কথাবোৰ কোৱাৰ পৰত গধুৰ হৈ পৰিছিল তেওঁৰ উশাহ। কেৱল এসোতা চকুপানীয়ে বৰ্ণাই গৈছিল তেওঁৰ যন্ত্ৰণাৰ কাহিনী। এই দুখ কেৱল তেওঁলোকৰ বাবেই নহয়, কলিজাৰ এটা টুকুৰা হেৰুওৱা প্ৰতিটো পৰিয়ালৰে এই একেই যন্ত্ৰণা। এই কান্দোন কেতিয়াও বন্ধ নহ’ব, এই ঘা কেতিয়াও ভাল নহ’ব।
৪০টি শিশুৰ মৃত্যুৰ আশংকা
শুকুৰবাৰে পুৱা এই বিদ্যালয়খনত দুবছৰৰ পৰা সাত বছৰ বয়সৰ প্ৰায় ৭০ গৰাকী শিশু আছিল। সৰু সৰু হাত দুখনে ৰঙীণ পেঞ্চিলেৰে ছবি আঁকি আছিল, সৰু সৰু মুখ দুখনে বৰ্ণমালা আবৃত্তি কৰি আছিল। স্কুলৰ দেৱালত তেওঁলোকৰ হাঁহিৰ প্ৰতিধ্বনি ঘটিছিল। কিন্তু হঠাতে সকলো শেষ হৈ গ’ল। এতিয়া কেৱল ইটা, কংক্ৰিট, লোহাৰ ৰডৰ স্তূপ।
বিদ্যালয় কৰ্তৃপক্ষই জনোৱা মতে, ১২টা শিশু আৰু এজন শিক্ষকৰ মৃত্যু হৈছে। কিন্তু স্থানীয় ৰাইজৰ হৃদয়ে এক বেলেগ কাহিনী কয়। তেওঁলোকৰ মতে ধ্বংসাৱশেষৰ তলত কমেও ৪০টা শিশু পুতি থোৱা হৈছে। বিদ্যালয়ৰ তলৰ অংশত খেলা-ধূলা কৰি থকা শিশুবোৰৰ এতিয়াও সম্ভেদ পোৱা হোৱা নাই। সিঁহত জীয়াই যে আছে, সেয়াও নিশ্চিত নহয়।
শুকুৰবাৰে সমগ্ৰ চহৰখনে সহায়ৰ হাত আগবঢ়ায়। হাতত হাত ধৰি ধ্বংসাৱশেষ আঁতৰাবলৈ চেষ্টা কৰে সকলোৱে। ইয়াৰ পিছত ধ্বংসস্তূপৰ মাজৰ পৰা কেইটামান শিশুৰ মৃতদেহ উদ্ধাৰ কৰা হয়। কেইটামান শিশুক অতি সংকটজনক অৱস্থাত উদ্ধাৰ কৰাৰ পিছত হাস্পতাললৈ প্ৰেৰণ কৰা হয়। কিন্তু বহুতৰে সম্ভেদ পোৱা নগ’ল। ঘণ্টাৰ পিছত ঘণ্টাধৰি সেই ধংসস্তূপৰ কাষত থিয় হৈ নিজৰ সন্তানৰ নাম উচ্চাৰণ কৰি থাকিল দুৰ্ভগীয়া পিতৃ-মাতৃয়ে। জানোচা ভাগি পৰা দেৱালৰ ইটা এটা গুচাই হঠাৎ কোনোজনে থিয় হৈ মাত লগাই- 'মই ইয়াতে আছো মা...’! এই বিদ্যালয়খনে এতিয়া কেৱল ধ্বংসৰ নহয়, জীৱন নাশৰ এক সহ্যাতীত কাহিনী কঢ়িয়াই লৈ ফুৰিছে।
স্থানীয় ৰাইজৰ উদ্বিগ্নতা আৰু উদ্ধাৰৰ প্ৰচেষ্টা
স্থানীয় বাসিন্দা আৰু অভিভাৱকসকলৰ চকুত ঘুমতি নাই। তেওঁলোকৰ হৃদয়ত মাথোঁ নিজৰ আপোনজনক হেৰুৱাৰ এক অসীম উদ্বিগ্নতা আৰু ভয়। শুকুৰবাৰে যেতিয়া ভূমিকম্প নামে, তেতিয়া মহানগৰীৰ সকলোৱে দৌৰি আহিছিল। হাতত হাত ধৰি ধ্বংসাৱশেষবোৰ আঁতৰাবলৈ সকলোৱে চেষ্টা কৰিছিল, যেন এটা জীৱনকো ৰক্ষা কৰিব পাৰিলে তেওঁলোকৰ হৃদয়ৰ বোজা অলপ পাতল হ’ব।
কিছু শিশুৰ মৃতদেহ উদ্ধাৰ কৰা হয় যদিও বহুকেইজন এতিয়াও আবদ্ধ হৈ আছে। গোটেই নিশা বিদ্যালয়খনৰ ধ্বংসস্তূপৰ কাষতে পাৰ কৰে সন্তানৰ সম্ভেদ নোপোৱা পিতৃ-মাতৃৰ লগতে বহু স্থানীয় লোকে। সময় যিমানেই আগবাঢ়িছিল সিমানেই আপোনজনক হেৰুওৱাৰ উদ্বিগ্নতা আৰু ভয়ে ক্ৰমশে তেওঁলোকক ভিতৰৰ পৰা গ্ৰাস কৰি আহিছিল।
তিনিদিন পাৰ হৈ গ’ল। ঘটনাস্থলীত এতিয়া এক অদ্ভূত নিস্তব্ধতা। এতিয়াও বহু পিতৃ-মাতৃয়ে এটা ক্ষীণ আশা লৈ ধ্বংসস্তূপৰ ফালে চাই আছে। ওচৰৰ বাসিন্দা, বাটেৰে পাৰ হৈ যোৱা প্ৰত্যেকখন মুখেই বিষণ্ণ। সকলোৰে চকুত এটা নিৰৱ প্ৰশ্ন— আৰু কিমান হেৰুৱাব লাগিব? উদ্ধাৰৰ আশাৰে এতিয়াও অপেক্ষাৰত তেওঁলোক, কিন্তু সময় যেন শত্ৰু হৈ পৰিছে। অঞ্চলটোৰ এই মৌনতা লাহে লাহে অধিক ভয়ংকৰ হৈ পৰিছে, যেন প্ৰতিটো মুহূৰ্তই এক নতুন শোকৰ জন্ম দিছে।
গভীৰ হ’ব পাৰে মানৱীয় সংকট
সাহায্য সংস্থাসমূহৰ কণ্ঠ চিন্তাৰে ভৰি পৰিছে। তেওঁলোকৰ মতে ম্যানমাৰৰ মানৱীয় সংকট গভীৰ হ’বলৈ ওলাইছে। ভাঙি পৰিছে চিকিৎসালয়। যিবোৰ এতিয়াও থিয় হৈ আছে সেইবোৰ ৰোগীৰে ভৰি আছে। ডাক্তৰৰ সময় নাই, ঔষধৰ অভাৱ, সঁজুলিও এতিয়া ৰোগী অনুপাতে তেনেই তাকৰ।
ভূমিকম্পৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বিষয়ে এতিয়াও সম্পূৰ্ণৰূপে জানিব পৰা হোৱা নাই। পি টাউত এটা প্ৰশাসনিক অট্টালিকা দেখিলেই জিকাৰ খাই উঠে গা। তলৰ মহলাটো সম্পূৰ্ণৰূপে ভাঙি গৈছে যদিও ওপৰৰ তিনিটা মহলা এতিয়াও ওলমি আছে। লেতেৰা তেজৰ দাগ আৰু প্ৰবল দুৰ্গন্ধই ইংগিত দিয়ে যে ইয়াতো প্ৰাণ হেৰুৱাইছে বহু লোকে।
কিন্তু কোনোৱেই সহায় কৰিবলৈ নাহিল। এতিয়াও অপেক্ষাৰত পৰিয়ালবোৰ, আপোনজন ঘূৰি আহিব বুলি বাট চাই ৰৈছে কোনো পত্নী, কোনো মাতৃ, সন্তানে। এই দুৰ্যোগ কেৱল শাৰীৰিক নহয়, মানসিকও। প্ৰতিজন মানুহৰ হৃদয় এতিয়া ভাৰাক্ৰান্ত। জীয়াই থকা সকলৰ চকুতো জীৱনৰ পোহৰ ম্লান হৈ গৈ আছে। এই আন্ধাৰ কেতিয়া শেষ হ’ব কোনেও নাজানে।
সামৰিক চৰকাৰৰ ভয়ত মাত মাতিবলৈ অনিচ্ছুক
আৰক্ষীৰ এটা দলে ট্ৰাকত ভঙা আচবাব আৰু ঘৰুৱা সামগ্ৰী ভৰাই আছিল। মুখখন ভাগৰুৱা, হাত দুখন ব্যস্ত। এনে লাগিল যেন তেওঁলোকে জীৱিতসকলৰ বাবে যি ব্যৱহাৰযোগ্য সেয়া বচাবলৈ শেষ প্ৰচেষ্টা চলাইছে। তেওঁলোকৰ চকুত এক মৌন অনুশোচনা— কিমান ৰক্ষা কৰিব পাৰি?
কিন্তু সাংবাদিকৰ সৈতে কথা পাতিবলৈ ৰাজী নহয় কোনো বিষয়া। সমগ্ৰ এলেকাটোত বুকুঁ কঁপাই তোলা কান্দোনৰ ৰোল উঠি আছে এতিয়াও। মানুহবোৰ চকুত জীৱনৰ কোনো লেশ নাই, যেন সকলো ভিতৰি ভিতৰি মৰি গৈছে। কিন্তু সামৰিক চৰকাৰৰ ভয়ত তেওঁলোকে মুখ মেলিব নিবিচাৰে। তেওঁলোকৰ মৌনতা এটা অদৃশ্য শিকলিৰ দৰে, তেওঁলোকৰ মাত বান্ধি ৰাখিছে।
মনত প্ৰশ্নৰ ধুমুহা। ধ্বংসাৱশেষৰ তলত কিমান মানুহ আবদ্ধ হৈ আছে? কোনোবাই এতিয়াও উশাহ লৈ আছে নেকি? কিয় উদ্ধাৰ হোৱা নাই মৃতকৰ মৃতদেহ? এই প্ৰশ্ন এতিয়া ভয়াৱহতাৰ সাক্ষী হোৱা প্ৰতিজনেই নিজক সুধি আছে। কিন্তু উত্তৰলৈ অপেক্ষা কৰাৰ বাহিৰে কোনেও একো কৰিব নোৱাৰে, একো ক’বও নোৱাৰে।
ধ্বংসস্তূপত বিলীন ম্যানমাৰৰ আটাইতকৈ বৃহৎ চিকিৎসালয়খন
ৰাজধানীৰ আটাইতকৈ বৃহৎ হাস্পতালখনো এতিয়া কেৱল এক ধ্বংসাৱশেষ। ১০০০ বিচনাৰ চিকিৎসালয়খনৰ জৰুৰীকালীন কক্ষৰ চাল ভাঙি গৈছে। প্ৰৱেশদ্বাৰত "জৰুৰীকালীন বিভাগ" বুলি লিখা ফলকখন মাটিত পৰি আছে। যেন এই চিকিৎসালয়খনেই নিজৰ প্ৰাণ হেৰুৱাইছে।
বাহিৰত ছখন সামৰিক চিকিৎসা ট্ৰাক আৰু টেণ্টত আহতসকলৰ চিকিৎসা কৰি থকা হৈছে। তীব্ৰ গৰমত মানুহ অস্থিৰ হৈ পৰিছে। তম্বুত পানী ছটিয়াই দিয়া হৈছে, যেন কিছু শান্তি দিবলৈ চেষ্টা কৰা হৈছে। হাস্পতালখন খহি পৰাৰ সময়ত প্ৰায় ২০০ জন লোক আহত হৈছিল- কিছুমানৰ মূৰ ফাটি তেজ ওলাইছিল, কিছুমানৰ হাত-ভৰি ভাঙিছিল। সকলোৱেই যন্ত্ৰনাত চটবটাই আছে।
বিভীষিকাময় নিশাৰ শেষৰ পুৱাটোলৈ অপেক্ষা!
মাণ্ডেলে চহৰত এতিয়া ভয়ংকৰ অন্ধকাৰ! পথত ষ্ট্ৰীট লাইট, ঘৰত বিদ্যুৎ বা পানী যোগান নাই। ইয়াত বাস কৰাসকলৰ বাবে তেওঁলোকৰ জীৱন যেন স্তব্ধ হৈ পৰিছে। দুৰ্যোগৰ পৰা বাচি মানুহৰ চকুত এটাই প্ৰশ্ন- এই আন্ধাৰ কেতিয়া শেষ হ’ব? তেওঁলোকৰ অন্তৰত এটা নিৰৱ চিঞৰ, কিন্তু তাৰ ভিতৰতো এটা ক্ষীণ আশা ৰৈ গৈছে যে এদিন এই ৰাতিটো পাৰ হৈ যাব।
এই চহৰত থকা সকলে এতিয়া কেৱল অপেক্ষা কৰিয়েই দিন কটাইছে। ধ্বংসৰ ছাঁত ঢাকি ৰখা প্ৰতিটো কোণে তেওঁলোকৰ দুখ-কষ্টৰ কাহিনী কয়। কিন্তু তেওঁলোকৰ হৃদয়ত এটা বিশ্বাস এতিয়াও আছে যে এদিন ওৰ পৰিব এই বিভীষিকাময় দিনৰ। এটা নতুন পুৱাই অপেক্ষা কৰি আছে তেওঁলোকৰ বাবেও, যেতিয়া সূৰ্য্যৰ প্ৰথম কিৰণে তেওঁলোকৰ জীৱনলৈ ৰং ঘূৰাই আনিব।
সেই পুৱাটো কেতিয়া আহিব তাৰ সঠিক উত্তৰ এই মুহূৰ্তত কাৰো ওচৰত নাই। কিন্তু এই কথা মানুহবোৰে জানে... আন্ধাৰ যিমানেই গভীৰ নহওক কিয়, তাৰো অন্ত আছে। আৰু সেই শেষৰ পিছত এক উজ্জ্বল প্ৰভাতে নাশ কৰিব তেওঁলোকৰ দুখৰ ৰাতি।