ডিজিটেল ডেস্কঃ কেনিয়াৰ এখন অৰণ্যত দুটা মাইকী গঁড়ৰ সৈতে ব্যস্ত বগা প্ৰজাতিৰ অন্তিম মতা গড়টো৷ বিশ্বত নাইকীয়া হোৱাৰ উপক্ৰম বিৰল প্ৰজাতিৰ এই গড়ৰ৷ এই প্ৰজাতিৰ শেষ মতা গঁড়টো বয়সৰ বাবেই মৃত্যু হ’ব পাৰে যিকোনো মুহুৰ্তত৷
গঁড়টোৰ প্ৰজননৰ বাবে কৰা সকলো প্ৰচেষ্টা বিফল হ’ব ধৰিছে৷ বিবিচিত প্ৰকাশ কৰা তথ্য অনুসৰি কৃত্ৰিম উপায়ে প্ৰজনন কৰাবলৈ এক কোটি ডলাৰৰ প্ৰয়োজন৷ মূলতঃ শিঙৰ বাবেই চিকাৰীয়ে হত্যা কৰে৷ ৪৩ বছৰীয়া ছুডান নামৰ উক্ত গঁড়টো ২৪ ঘন্টাই ৰখা হৈছে কটকটীয়া নিৰাপত্তাৰ মাজত৷