বিহালীঃ গ্ৰাম্য অঞ্চলৰ শিক্ষকক ঠাট্টা মস্কৰা কৰি কেমেৰাৰ সন্মুখত খতিয়ান লোৱা স্বাস্থ্যমন্ত্ৰীৰ খতিয়ান কোনে লব৷ ৰাজ্যৰ স্বাস্থ্য তথা শিক্ষা মন্ত্ৰীয়ে কেমেৰাৰ সন্মুখত বহুৱাই ঠাট্টা-মস্কৰা কৰি খতিয়ান লোৱাৰ দৰে স্বাস্থ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ খতিয়ান লবলৈ সাজু হৈছে ৰাজ্যৰ এটা অঞ্চলৰ লোকে৷

মন্ত্ৰী ৰঞ্জিত দত্তৰ বিহালী বিধান সভা সমষ্টিৰ ৰাইজে খতিয়ান লবলৈ সাজু হৈছে৷ মন্ত্ৰী দত্তৰ সমষ্টিত ৰাইজে বছৰ বছৰ ধৰি ঠেলাত ৰোগী কঢ়িয়াব লগা হৈছে৷ বৰ বৰ কথা কৈ চমক সৃষ্টি কৰা মন্ত্ৰীসকলৰ বিভাগত এতিয়া চৰম অৰাজকতাই দেখা দিছে৷ ৰাজ্য তথা সমষ্টিৰ উন্নয়নৰ পৰিবৰ্তে কেৱল ৰাজনীতি কৰি ক্ষমতা দখল কৰি ৰখাৰ কুচকাৱাজ চলাই গৈছে মন্ত্ৰী-বিধায়কসকলে৷

নিৰ্বাচনৰ পূৰ্বে এটা আৰু নিৰ্বাচনৰ পিছত পাভলুটি মাৰি অসমৰ ৰাইজৰ জনমতক উপেক্ষা কৰি কাম কৰি যোৱা চৰকাৰ খনে ৰাইজৰ প্ৰধান সমস্যাসমূহ সমাধান কৰাত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ চৰকাৰ গঠন কৰিয়েই নানান চমক সৃষ্টি কৰিলে যদিও সময়ত সকলো ফুটুকাৰ ফেনত পৰিণত হ’ল৷ গ্ৰাম্য অঞ্চলৰ বাট-পথ, বিশুদ্ধ খোৱাপানী, স্বাস্থ্য, শিক্ষা আদিৰ ক্ষেত্ৰত ৰাইজে আজিও হাহাকাৰ কৰিব লগা হয়৷

বিশেষকৈ গ্ৰাম্য অঞ্চলৰ লোকে সাধাৰণ ৰোগৰ চিকিৎসাৰ বাবে হাহাকাৰ কৰিব লগা হয়৷ আজিও ৰাজ্যৰ বহু চিকিৎসালয়ত চিকিৎসক, নাৰ্ছ নাই৷ চিকিৎসালয় আছে যদিও চিকিৎসক নাই ৰাজ্যৰ বহু চিকিৎসালয়ত৷ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ উন্নয়নৰ কথা সততে কৈ ফুৰা চৰকাৰ খনৰ স্বাস্থ্য বিভাগটোত ঘটিছে কি? এই কথা নাজানে খোদ স্বাস্থ্য মন্ত্ৰীয়ে৷

গাঁৱৰ ৰোগীয়ে কেনেদৰে চিকিৎসালয়লৈ আহিব লগা হৈছে সেই কথা খবৰ লবলৈ আহৰি নাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ ৰাজনীতিত ব্যস্ত মন্ত্ৰীৰ বিভাগত এম্বুলেঞ্চৰ অভাৱত এতিয়া মানুহে ঠেলাত ৰোগী কঢ়িয়াব লগা হৈছে৷ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিভাগত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি, অগপ, বিপিএফ মিত্ৰজোটৰ চৰকাৰেখনে সভা-সমিতিয়ে উন্নয়নৰ ঢাক-ঢোল বজাই আছে যদিও প্ৰকৃততে উন্নয়ন হৈছেনে? এই প্ৰশ্নৰ উত্তৰ ওলাই পৰিব ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ ৰূপ প্ৰত্যক্ষ কৰিলে৷

এগৰাকী ৰোগীক ঠেলাত নি চিকিৎসা কৰিবলগীয়া হোৱা ঘটনাই আকৌ এবাৰ উদঙালে চৰকাৰৰ উন্নয়নৰ প্ৰকৃত স্বৰূপটো তথা ৰাজ্যৰ উন্নয়নৰ প্ৰকৃত স্বৰূপটো৷ একবিংশ শতিকাৰ তথ্য আৰু প্ৰযুক্তি বিদ্যাৰ দ্ৰুত উন্নয়নৰ সময়তে অসম-অৰুণাচল সীমান্তৰ বিহালীৰ বিহমাৰী অঞ্চলত আজিও ৰাইজে ঠেলাত ৰোগী অনা-নিয়া কৰিব লগা হয়৷ স্বাস্থ্য সেৱাৰ মানদণ্ড উন্নত নোহোৱাৰ ফলত ৰাইজে ব্যাপক সমস্যাত পৰা দেখা যায়৷ অঞ্চলটোৰ জনসাধৰণে আজিও ঠেলাৰে ৰোগীক চিকিৎসালয়লৈ নিব লগা হয়৷ প্ৰায়ে ৰোগীক ঠেলাত অনা নিয়া কৰা দেখা যায়৷

ঠেলাৰে ৰোগীক কঢ়িয়াওৱাৰ বিৰল দৃশ্য প্ৰতিদিনে দেখা পোৱাৰ পিছতো সকলোৱে শুই থাকে৷ সীমান্তৰ নানান সমস্যাৰে যুঁজ দি অহা লোকসকলে ভয়াবহ জীৱন কটাই আহিছে৷ অসম অৰুণাচল সীমান্তৰ বিহমাৰী অঞ্চলটোত আজিও ৰোগীক প্ৰাথমিক চিকিৎসা কৰাৰ বাবে নাই এখন চিকিৎসালয়৷ চৰকাৰে প্ৰাথমিক চিকিৎসালয় স্থাপন কৰিছিল যদিও আজিলৈ চিকিৎসক নিয়ুক্তি নিদিয়াৰ বাবে ৰাইজে স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হৈছে। ফলত ৰাইজে সাধাৰণ ৰোগ হলে বহু দূৰলৈ ঠেলাত নিব লগা হয় ৰোগীক৷

পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ আমোলত এখন প্ৰাথমিক চিকিৎসালয়-আবাসগৃহ নিৰ্মাণ কৰিছিল যদিও চূণ-তেল সানি থলে চিকিৎসালয়খন৷ অঞ্চলটোৰ দূৰ্গম অঞ্চলৰ জনসাধাৰণে আজিও ঠেলাত ৰোগী অনা-নিয়া কৰিব লগা হয়৷ এজাৰ বৰষুণতে ৰাজ্যৰ বাট-পথত গাড়ী-মটৰ চলাচল কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হয়৷

ৰাজ্যৰ গ্ৰাম্য অঞ্চলৰ বাট-পথত গাড়ী-মটৰ-চাইকেল চলোৱাটো দুৰৰ কথা খোজকাঢ়িব নোৱাৰা হয়৷ যাৰ বাবে যমৰ-যাতনা ভোগ কৰিব লগা হয় গ্ৰাম্য অঞ্চলৰ লোকে৷ বাৰিষা সময়ছোৱাত গ্ৰাম্য অঞ্চলৰ লোকৰ সাধাৰণ ৰোগ হ'লে সাঙীত নতুবা ঠেলাত চিকিৎসা কৰিব লগা হয় আজিও৷