পহুকটাত দিন ডকাইতিৰ ঘটনা, ডকাইতে লুটি নিয়ে প্ৰায় দুই লক্ষাধিক টকা

নগাঁও: পুৰণিগুদাম আৰক্ষী চকীৰ পৰা প্ৰায় ৫০০মিটাৰ নিলগত পহুকটাত মঙ্গলবাৰে বিয়লি সংঘটিত হয় এক চাঞ্চ্যলকৰ দিন ডকাইতিৰ ঘটনা। বাইকত অহা তিনিজনীয়া ডকাইতৰ এটা দলে আক্ৰমণ কৰি আৰোহন নামৰ এটা বিত্তীয় প্ৰতিষ্ঠানৰ এজন কৰ্মীৰ পৰা লুটি নিয়ে প্ৰায় দুই লক্ষাধিক টকা। ৰূপহীহাটৰ পৰা পুৰণিগুদামৰ কাৰ্যালয়লৈ  বাইকেৰে আহি থাকোতেই ডকাইতৰ দলটোৱে আক্ৰমণ কৰে যুৱকজনক। পাছত স্থানীয় ৰাইজে ঘটনাৰ খৱৰ পায় পথৰ দাঁতিত মুমূৰ্ষু অৱস্থাত পৰি থকা আহত আৰোহনৰ কৰ্মী আনন্দ বৰাক উদ্ধাৰ কৰি ১০৮ যোগে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উল্লেখ্য যে, বৰ্তমান ঘটনাস্থলীত পুৰণিগুদাম আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।