ডিজিটেল ডেস্কঃ ৰ’দ, বৰষুণ, বতাহ নেওচি ১৮০ কিলোমিটাৰ বাটকুৰি বাই নাছিকৰ পৰা দেওবাৰে মহাৰাষ্ট্ৰৰ অৰ্থনৈতিক প্ৰাণকেন্দ্ৰ মুম্বাইত প্ৰৱেশ কৰিছে প্ৰায় ৩৫ হাজাৰ কৃষকৰ প্ৰতিবাদী মিছিল। বিগত দশকত খৰাং, কৃষিকাৰ্যত ব্যৱহৃত সা-সামগ্ৰীৰ জুই-ছাঁই দাম, মাটিৰ উৰ্বৰতা ক্ৰমশ হ্ৰাস পোৱা আদিকে ধৰি এশ-এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত মহাৰাষ্ট্ৰৰ কৃষকৰ ক্ষোভেই কৃষক আৰু কৃষিকৰ্মত জড়িত শ্ৰমিকসকলক মুম্বাইলৈ পদব্ৰজে আহি প্ৰতিবাদ কৰিবলৈ বাধ্য কৰোৱা বুলি ভৰিত পানীজোলা ফুটা কৃষক-শ্ৰমিকে ভাষ্য দিছে। 

উৎপাদন হ্ৰাস পোৱা আৰু উৎপাদিত শস্যৰ উচিত মূল্য নোপোৱাৰ ফলত মহাৰাষ্ট্ৰকে ধৰি বিভিন্ন ৰাজ্যত কৃষকে বেংক আৰু সুতখোৰৰ ঋণৰ বোজাত ডুব গৈ থকাৰ সময়তে চৰকাৰৰ ভূমিকাক লৈ নিৰাশ কৃষকে এনেদৰে নায্যপ্ৰাপ্তিৰ দাবীত সমবেত হৈছে। মহাৰাষ্ট্ৰৰ বাজেট অধিবেশন চলি থকাৰ মাজতে সোমবাৰে বিধান ভৱন ঘেৰাও কৰি বিজেপিশাসিত ৰাজ্য চৰকাৰখনক কৃষকৰ বিভিন্ন দাবীসমূহ পুৰণ কৰাৰ বাবে ধৰ্ণা দিব কৃষক-শ্ৰমিকে।   

কৃষিকাৰ্যত প্ৰয়োজন হোৱা বীজৰ পৰা আৰম্ভ কৰি নিত্যব্যৱহাৰ্য কীটনাশক, সাৰ, পানী আদিৰ দাম বাঢ়ি অহাৰ বিপৰীতে কৃষকৰ আয় কমি অহাৰ ফলত বহু কৃষকে আত্মহত্যা কৰাৰ ঘটনা সংবাদমাধ্যমত প্ৰচাৰ হৈ আহিছে। কৃষকে চৰকাৰক ঋণমাফি কৰি দিয়াৰ বাবে আহ্বান জনোৱাৰ লগতে ন্যুনতম সমৰ্থন মূল্য (মিনিমাম চাপ’ৰ্ট প্ৰাইচ চমুকৈ এমএচপি)ৰ নিৰিখ বৃদ্ধি কৰাৰ বাবে দাবী সময়ে সময়ে জনাই আহিছে।

কৃষিপ্ৰধান দেশখনৰ প্ৰাণস্বৰূপ কৃষকৰ এই গুৰুতৰ সমস্যাবোৰ বিধানসভালৈ মজিয়ালৈ নিয়াৰ চেষ্টাৰেই বামপন্থী সংগঠন অল ইণ্ডিয়া কিষান সভা চমুকৈ এআইকেএছৰ উদ্যোগত মহাৰাষ্ট্ৰৰ বিধানসভা ভৱনৰ সমুখত প্ৰতিবাদী জনাব ৩৫ হাজাৰৰো অধিক কৃষকে। নিজে খেতি কৰি থকা মাটিডৰাত আদিবাসীসকলে অধিকাৰ প্ৰাপ্তিৰ বাবেও গেৰুৱা চৰকাৰখনক হেঁচা প্ৰদান কৰিব কৃষকসকলে। 

তাৎপৰ্যপূৰ্ণ যে বিজেপিৰ সৈতে মিত্ৰজোঁটত থকা শিৱসেনা, ৰাজ থাকৰেৰ মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাও কৃষকৰ সৈতে সহমত প্ৰকাশ কৰিছে কাৰ্যসূচীৰ উদ্যোক্তাসকলে জনাইছে। উল্লেখ্য যে শাৰদ পাৱাৰৰ নেতৃত্বত থকা এনচিপিয়েও কাৰ্যসূচীত হাতউজান দিছে। 

সোমবাৰে বিধানসভা ভৱনৰ সমুখত কৃষকৰ ঋণমাফি, উৎপাদিত সামগ্ৰীৰ উচিত বজাৰ আৰু মূল্য, বন অধিকাৰ আইনৰ লগতে স্বামীনাথন আয়োগৰ পৰামৰ্শৱলী ৰূপায়ন আদি বিভিন্ন বিষয়ক লৈ প্ৰতিবাদী কাৰ্যসূচী প্ৰস্তুত কৰা হৈছে বুলি আয়োজনবৰ্গই সংবাদমাধ্যমক অৱগত কৰিছে।  
বিজেপি চৰকাৰখনৰ কৃষি নীতিক সমালোচনা কৰা উদ্যোক্তাসকলে শেহতীয়াকৈ চৰকাৰে পৰিকল্পনা কৰা নাছিক-থানে-পলঘৰৰ নদী সংযোজন প্ৰকল্পৰো কেতবোৰ দিশ সালসলনি কৰাৰো পোষকতা কৰিছে। 

জনজাতীয় লোকৰ খেতিৰ মাটি যাতে জলমগ্ন নহয়, আৰু খৰা্ং বতৰে কোঙা কৰা জিলাবোৰত পৰ্যাপ্ত জলসিঞ্চনৰ যথোচিত দিশ প্ৰকল্পটোত সাঙুৰি লোৱা হয়, তাৰবাবেও সোমবাৰে দাবী উত্থাপন কৰা হ’ব।  দ্ৰুতবেগী ৰেল প্ৰকল্প, চুপাৰ হাইৱে প্ৰকল্প আদিৰ বাবে কৃষকৰ মাটি অধিগ্ৰহণৰো কৃষকে প্ৰতিবাদ জনাব। 

আমি দুখীয়া খেতিয়ক আৰু কৃষি শ্ৰমিকৰ পেনচনৰ আঁচনিৰ সংশোধন, ঘুৰণীয়া পোক আৰু অইন কীট-পতংগৰ আক্ৰমণৰ ফলত হোৱা ক্ষতিৰ পূৰ্তি, ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ শুধৰণি কৰাৰ বাবে দাবী উত্থাপন কৰাৰ হেতু সমবেত হৈছো। আয়োজক এআইকেএছৰ হৈ অজিত নাৱালে এনেদৰে কয়।         

উল্লেখ্য যে নাছিকৰ পৰা সন্ধিয়া ৬ বজাত মুম্বাইৰ ৰামবাই নগৰত উপস্থিত হোৱা কৃষকৰ মিছিলটোৱে দেওবাৰে মাজনিশা আজাদ মৈদানত দিশে অগ্ৰসৰ হ’ব। মুম্বাইবাসীক কোনোধৰণৰ অসুবিধান নেপেলাবলৈ মাজনিশা আজাদ মৈদানলৈ আগবাঢ়িব মিছিলটো। তদুপৰি সোমবাৰে পুৱাৰ ভাগত এছএছচি পৰীক্ষাৰ লগতে শিক্ষান্ত পৰীক্ষা থকা হেতুকে কোনোধৰণৰ অসুবিধা সৃষ্টি নহ’বলৈ পুৱা ১১ বজাৰ পিছতহে মিছিল তাৰপৰা মুম্বাই বিধান ভৱনলৈ যাত্ৰা কৰিব বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে।