লিডুঃ এক কৰুন দুৰ্ঘটনা সংঘটিত হৈছে মাৰ্ঘেৰিটাত ৷ বনভোজ খাবলৈ গৈ বুঢ়িদিহিং নদীত সলিল সমাধি ঘটিল তিনিগৰাকিকৈ কিশোৰী ৷ এই ঘটনা সংঘটিত হৈছে মাৰ্ঘেৰিটা মহকুমাৰ বৰগোলাইলৰ বুঢ়িদিহিং ঘাটত ৷ 

আজি পুৱা বান্ধৱীৰ সৈতে বুঢ়িদিহিং নদীৰ পাৰত বনভোজ খাবলৈ গৈ নৈৰ বুকুত খেলি থকাৰ অৱস্থাত হঠাৎ নৈৰ গভীৰ দুবিত সোমাই পৰে তিনিওঁ বান্ধৱী আৰু অকাল মৃত্যুক আকোৱালী লয় ৷ মৃত তিনি গৰাকী বান্ধৱী ক্ৰমে লিডু শামুকজানৰ অচুক তামাংৰ কন্য এলি তামাং (১৬ ), বৰগোলাইৰ ফুলেশ্বৰ চেতিয়াৰ কন্যা সুজিতা চেতিয়া  (১৫ ), আৰু কৃষ্ণ বাহাদুৰ সোনাৰৰ কন্যা শিমাশ্ৰী সোনাৰ (১৫)  বুলি জানিব পৰা গৈছে ৷ 

তিনিওঁগৰাকী কিশোৰী বৰগোলাইৰ আদৰ্শ হিন্দী হাইস্কুলৰ ছাত্ৰী ৷ বৰ্তমান মৃত যুৱতী কেইগৰাকীৰ মৃতদেহ মৰনোত্তৰ পৰিক্ষাৰ বাবে মাৰ্ঘেৰিটা আৰক্ষীয়ে নিজৰ জিম্বাত ৰাখিছে ৷ ঘটনাটোৱে এতিয়া এলেকাটোত গভীৰ শোকৰ ছাঁ পেলাইছে ৷