শিলচৰঃ আনন্দত মতলীয়া হৈ পানীৰ মাজত ছেলফি উঠাৰ পিছতে সন্ধানহীন হ'ল ৩ যুৱক। এই ঘটনাৰ স্থান কাছাৰ জিলাৰ লক্ষীপুৰৰ কালাবিল। কালাবিলৰ পানীত নৌকা বিহাৰত ব্যস্ত আছিল এটি যুৱকৰ দল।

তথ্য অনুসৰি কেবাজনো যুৱকে আনন্দ উপভোগৰ বাবে কালাবিললৈ গৈছিল। তাতে তেওঁলোকে এখন নৌকাত উঠে। দীৰ্ঘসময় তেওঁলোকে আনন্দত মতলীয়া হৈ পানীৰ মাজত ভ্ৰমণ কৰে।

সেইসময়তে তেওঁলোকে আৰম্ভ কৰে গ্ৰুপ ছেলফি তুলিবলৈ। ছেলফিৰ বাবে হেতা-ওপৰা লগোৱাৰ ফলত ৯জনকৈ যুৱক পানীত পৰি যায়। ইয়াৰে ৬জনক স্থানীয় লোকে তৎপৰতাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

দেওবাৰে বিয়লি প্ৰায় ৩ বজাত সংঘটিত হয় এই অঘটন। ঘটনাৰ খবৰ পোৱা মাত্ৰকে এছ ডি আৰ এফৰ দল উপস্থিত হৈ বাকী ৩জন যুৱকৰ সন্ধানত অভিযান আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত উদ্ধাৰ কৰিবলৈ সমৰ্থ হোৱা নাই।

সন্ধানহীন যুৱক ৩ জন হৈছে মেহবুব আলম লস্কৰ, ৰাজীৱ দাস আৰু বাণ্টি পাল।