newsnextone.com | ডিব্ৰুগড়ঃ বুধবাৰে তিনিচুকীয়া চহৰত কুৰিতাতকৈ অধিক সংগঠনৰ নেতৃত্বত কেইবাশতাধিক লোকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত আৰু কুৰিটা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ সহযোগত তিনিচুকীয়া থানা চাৰিআলিৰ পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বিশাল প্ৰতিবাদী সমদল উলিয়াই বিভিন্ন ধ্বনিৰে আকাশ বতাহ কঁপাই তোলে৷ 

সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত সংগঠন সমূহে স্বাক্ষৰ কৰা যৌথ স্মাৰক পত্ৰৰ লগতে ৩৫হাজাৰ নাগৰিকৰ স্মাৰক পত্ৰ, ২হাজাৰ বিভিন্ন সংগঠনৰ স্মাৰক পত্ৰ তিনিচুকীয়া জিলাৰ উপায়ুক্তৰ জৰিয়তে যুটীয়া সংসদীয় সমিতি, ৰাষ্ট্ৰপতি, প্ৰধান মন্ত্ৰী, গৃহমন্ত্ৰী, অসমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে। নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বাতিল নকৰা পৰ্যন্ত সংগ্ৰাম অব্যাহত ৰখাৰ সংকল্প গ্ৰহণ কৰে সংগঠনসমূহে। সমদলত ১৫সহস্ৰাধিক ৰাইজে অংশ গ্ৰহণ কৰে। তিনিচুকীয়া জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ আহ্বানমৰ্মে জিলাখন চাহ খেতিয়কসকলে কেচা চাহপাত চিঙাৰ পৰা বিৰত থাকি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহে৷ 

সমদলৰ অন্তত সদৌ মৰাণ ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক প্ৰতাপ মৰাণে আঁত ধৰা প্ৰতিবাদী সভাত সদৌ মৰাণ ছাত্ৰ সন্থাৰ উপদেষ্টা তৰুণ বৰুৱা মৰাণ, সভাপতি অৰুণজ্যোতি মৰাণ, অসম মৰাণ সভাৰ সাধাৰণ সম্পাদক ধৰ্মেন্দ্ৰ নেওগ, মৰাণ জাতীয় মহিলা পৰিষদৰ সহকাৰী সম্পাদিকা হেমা মৰাণ, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সুৰজিৎ মৰাণ, আটছাৰ সাংগঠনিক সম্পাদক যতীন বৰাইক, ভোজপুৰী সন্মিলনৰ প্ৰেম উপাধ্যায়, প্ৰাক্তন মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, প্ৰাক্তন বিধায়ক অনুপ ফুকন, সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি বিৰিঞ্চি নেওগ, তিনিচুকীয়া জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি পূণ্য ৰাজখোৱাই ভাষণ প্ৰদান কৰি চৰকাৰ আৰু বিজেপি তীব্ৰ সমালোচনা কৰে৷ 

কাৰ্যসূচীত তিনিচুকীয়া জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা, অসম মৰাণ সভা, মৰাণ সাহিত্য সভা, মৰাণ জাতীয় মহিলা পৰিষদ, সদৌ মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰ, মৰাণ জাতীয় কৰ্মচাৰী শৈক্ষিক বিকাশ মঞ্চ, অসম জাতীয়তাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতি, তিনিচুকীয়া জিলা ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ পৰিষদ, তিনিচুকীয়া জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম চাহ জনজাতি ছাত্ৰ সন্থা, তিনিচুকীয়া জিলা টাই আহোম ছাত্ৰ সন্থা, তিনিচুকীয়া জিলা গোৰ্খা ছাত্ৰ সন্থা, সদৌ অসম ভোজপূৰী সন্মিলন, তিনিচুকীয়া ব্ৰাক্ষ্মণ সমাজ, অসম ছাত্ৰ সংগঠন, তিনিচুকীয়া জিলা সাহিত্য সভাকে ধৰি ২৫টা সংগঠনৰ লোক উপস্থিত থাকে।