newsnextone.com | ডিজিটেল ডেস্কঃ ১৮ জুলাইৰ পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষকালীন অধিবেশনৰ চতুৰ্থটো দিন দুয়োখন সদন উত্তপ্ত হৈ পৰাৰ আশংকা কৰা হৈছে ৷ অন্ধ্ৰপ্ৰদেশৰ সাংসদসকলে বিশেষ ৰাজ্যৰ দাবীত পুনৰ সংসদ উত্তপ্ত কৰাৰ লগতে গো ৰক্ষাৰ নামত হত্যাৰ বিৰুদ্ধে কংগ্ৰেছ, তৃণমূল কংগ্ৰেছকে ধৰি বিভিন্ন দলে সংসদ উত্তপ্ত কৰিব পাৰে।
আনহাতে, টিডিপিৰ সাংসদসকলে সংসদ ভৱনৰ চৌহদৰ মহত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত মঙলবাৰেও প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দি অন্ধ্ৰক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদানৰ দাবী জনায়। আনহাতে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সাংসদসকলে গো হত্যা ৰোধৰ নামত হত্যাকাণ্ড ৰোধৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰে গো হত্যা ৰোধৰ নামত সংঘটিত হত্যাকাণ্ড ৰোধ কৰাত বিফল হোৱাৰ অভিযোগ উত্থাপন কৰে।