নলবাৰীঃ নভবাকৈয়ে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান দখল কৰে নলবাৰী জিলাৰ টিহু জাতীয় বিদ্যালয়ৰ ছাত্ৰ পাৰ্থ প্ৰতীম ভূঞাই। সৰ্বমুঠ ৫৮৯ নম্বৰ লাভ কৰে পাৰ্থ প্ৰতীমে।
'খবৰটো পোৱাৰ সময়ত মোৰ বিশ্বাস কৰিবলৈকে টান নাগিছিল। পৰীক্ষা ভালেই হৈছিল। কিন্তু কিমান ভাল হৈছিল সেয়া জনা নাছিলো। স্থান পাম বুলিও ভবা নাছিলো।’-এইদৰে কয় স্থান লাভ কৰি আনন্দিত হৈ পৰা পাৰ্থই।
♦ ৩ গৰাকী কীৰ্তিমানে উজলালে নলবাৰী
♦ জিলিকিল টিহু জাতীয় বিদ্যালয়, অসম একাডেমী
♦ অভিযন্তা হ'ব দশম স্থানপ্ৰাপ্ত ৰিপুঞ্জয়ে
বাছনি পৰীক্ষাৰ পূৰ্বে দিনে ৫-৬ঘণ্টাকৈ অধ্যয়ন কৰিছিল পাৰ্থই। বাছনি পৰীক্ষাৰ পিছত ১০-১২ ঘণ্টাকৈ অধ্যয়ন কৰি এই সাফল্য অৰ্জন কৰা পাৰ্থৰ ভৱিষ্যত পৰিকল্পনা আই আই টিৰ পৰা স্নাতক ডিগ্ৰী অৰ্জন।
নিজৰ লক্ষ্যত উপনীত হ’বলৈ ইতিমধ্যে গুৱাহাটীৰ এণ্ট্ৰেন্স ইণ্টাৰনেশ্যনেল স্কুলত কোচিং গ্ৰহণ কৰি আছে বুলি জানিবলৈ দিয়ে শীৰ্ষ স্থান দখল কৰা ছাত্ৰজনে।
ছবি আঁকি আৰু গান শুনি ভাল পোৱা পাৰ্থৰ প্ৰিয় গ্ৰন্থ 'মোৰ জীৱন সোঁৱৰণ’। প্ৰিয় সাহিত্যিক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। আনহাতে সাম্প্ৰতিক সময়ৰ ৰাজনৈতিক নেতাসকলৰ ভিতৰত তেঁওৰ আটাইতকৈ প্ৰিয় নেতাগৰাকীয়েই হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
ভালদৰে পঢ়া-শুনা অব্যাহত ৰাখিলে সফলতা নিশ্চিত বুলি বিশ্বাস কৰা পাৰ্থই এই কৃতিত্বৰ বাবে পিতৃ-মাতৃ আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে।
ইফালে ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান লাভ কৰাত সমগ্ৰ টিহুতে সৃষ্টি হৈছে এক উছৱমুখৰ পৰিৱেশ। ফলাফল ঘোষিত হোৱাৰ লগে লগে টিহু জাতীয় বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলে আনন্দত কিৰিলি পাৰি উঠে। উৎফুল্লিত হৈ পৰে শিক্ষক-শিক্ষয়িত্ৰীসকল। একেদৰে নলবাৰী জিলাৰ পৰা এইবাৰৰ ফলাফলত শীৰ্ষ স্থান দখল কৰাত জিলাবাসীয়েও সন্তুষ্টি প্ৰকাশ কৰিছে।
উল্লেখ্য যে প্ৰথম স্থানৰ লগতে দ্বিতীয় স্থানো লাভ কৰিবলৈ সমৰ্থ হৈছে নলবাৰীৰে এগৰাকী ছাত্ৰই। জিলাখনৰ মুকালমুৱাৰ ৰঘুনাথ চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ নুৰুলে ৫৮৮ নম্বৰেৰে ৰাজ্যৰ ভিতৰতে দখল কৰে দ্বিতীয় স্থান। জিলাখনৰ পৰা আৰু এজন ছাত্ৰই নাম অন্তৰ্ভূক্ত কৰিবলৈ সমৰ্থ হৈছে শীৰ্ষ ১০ৰ তালিকাত। কৃতী এই ছাত্ৰ গৰাকী হৈছে ৰিপুঞ্জয় শৰ্মা।
নলবাৰী চহৰৰ অসম একাডেমীৰ ছাত্ৰ ৰিপুঞ্জয়ে সৰ্বমুঠ ৫৮০ নম্বৰেৰে ৰাজ্যৰ ভিতৰতে দশম স্থান লাভ কৰিবলৈ সমৰ্থ হয়। নলবাৰী বিদ্যাপুৰৰ শিক্ষাবিদ তপন কুমাৰ শৰ্মা আৰু দীপালী দেৱীৰ প্ৰথম সন্তান ৰিপুঞ্জয়ে ভৱিষ্যতে এজন সফল অভিযন্তা হ’ব বিচাৰে।