মঙলদৈ/ছিপাঝাৰঃ সৰ্বমুঠ ৫৮০ নম্বৰ লাভ কৰি দশম স্থান দখলেৰে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত দৰং জিলালৈ সুনাম কঢ়িয়াই আনিছে দুগৰাকীকৈ শিক্ষাৰ্থীয়ে। এই কৃতী শিক্ষাৰ্থী দুগৰাকী হৈছে হৃদ্ৰিপ্ৰিয়ম শৰ্মা আৰু কৌস্তভ কিশোৰ কলিতা।

মঙলদৈ কেন্দ্ৰীয় জাতীয় বিদ্যালয়ৰ ছাত্ৰী হৃদ্ৰিপ্ৰিয়ম শৰ্মা। দেওঁমৰনৈ চিকিৎসালয়ত কৰ্মৰত ডাঃ কমলা কান্ত শৰ্মাৰ কন্যা  হৃদ্ৰিয়ে ইংৰাজীত ১০০¸ উচ্চ গণিতত ১০০¸ সাধাৰণ বিজ্ঞানত ৯৭¸ সমাজ বিজ্ঞান ৯৪¸ অসমীয়াত ৯০ আৰু সাধাৰণ গণিতত ৯৯ নম্বৰ লাভ কৰে।

হৃদ্ৰিপ্ৰীয়মে দিনত ৬-৭ ঘন্টাকৈ পঢ়িছিল। পৰিয়ালৰ সকলোৰে অতিকৈ মৰমৰ হৃদ্ৰিয়ে ভৱিষ্যতে ভাল প্ৰশাসনিক বিষয়া হোৱাৰ সপোন পুহি ৰাখিছে। আজৰি সময়ত কিতাপ পঢ়ি¸ হাঁহি-ধেমালি কৰি ভাল পোৱা ছাত্ৰীগৰাকীৰ কৃতিত্বৰ খবৰ পোৱা মাত্ৰকে অগণন লোক আহি ভিৰ কৰিছে হৃদ্ৰিৰ বাসগৃহত।

আনহাতে জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনা আন গৰাকী শিক্ষাৰ্থী কৌস্তভ কিশোৰ কলিতাৰ ঘৰ হৈছে  ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত বুঢ়া অঞ্চলত। অঞ্চলটোৰ কমলেশ্বৰ কলিতা আৰু ফুলমণি চহৰীয়াৰ সন্তান কৌস্তভে শংকৰদেৱ শিশু নিকেতন, বুঢ়াৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল। কৌস্তভে ইংৰাজীত ৯৬¸ উচ্চ গণিতত ৯৮¸ সাধাৰণ বিজ্ঞানত ৯৭¸ সমাজ বিজ্ঞান ১০০¸ অসমীয়াত ৯২ আৰু সাধাৰণ গণিতত ৯৭ নম্বৰ লাভ কৰে।

দৈনিক ১০-১২ ঘন্টাকৈ পঢ়া শুনা অব্যাহত ৰখা কৌস্তভে এই সাফল্যৰ বাবে পিতৃ-মাতৃ আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলক ধন্যবাদ  জ্ঞাপন কৰে। কৌস্তভে ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ আশা পুহি ৰাখিছে৷