কামপুৰঃ ৰাজ্যৰ পৰ্যটন বিভাগৰ অমনোযোগীতাৰ বাবে বৰ্তমান ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা ঐতিহ্য বহনকাৰী প্ৰাচীন চিহ্নসমূহ নষ্ট হৈ অহাৰ সময়তে এনে এক পৰিস্থিতিয়ে দেখা গৈছে নগাঁৱৰ কামপুৰত। নগাঁও জিলাৰ কামপুৰ কাৱৈমাৰী বিষ্ণুপুৰী থানৰ বাৰ শ শতিকাৰ শিলৰ ঐতিহাসিক ভিন্ন দেৱ দেৱতাৰ মূৰ্ত্তি সমূহ।

জানিবপৰা মতে, ১৯৫৯ খৃষ্টাব্দত সেই স্থানত বোকাৰ মাজত পোত গৈ থকা অৱস্থাত শিলৰ এটি চৰ্তুভূজ মূৰ্ত্তি উদ্ধাৰ কৰে স্থানীয় ৰাইজে। তেতিয়াৰ পৰাই সেই ঠাইৰ নাম বিষ্ণুপুৰী থান বুলি পৰিচিত হয়।

পাছত ১৯৭৯ চনত চৰকাৰৰ পূৰাতত্ব বিভাগে উক্ত স্থানত খনন কাৰ্য চলাই বহু পূৰণি শিলৰ দেৱ দেৱতাৰ মূৰ্ত্তি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। বৰ্তমান সংৰক্ষণৰ অভাৱত এতিয়া অ’ত-ত’ত শিলৰ মূৰ্ত্তিসমূহ পৰি থকাত হাবি-জংঘলৰে আবৰি ধৰিছে।

ৰাজ্যৰ পৰ্যটন বিভাগে ব্ৰেণ্ড এম্বেচাদৰ প্ৰিয়কা চোপ্ৰাক অসমলৈ পৰ্যটন বিভাগৰ প্ৰচাৰ আনি কোটি কোটি টকা খৰচ কৰিব বিচাৰিছে, কিন্তু গুৰুত্ব নাই পৰ্যটন ক্ষেত্ৰসমূহৰ উন্নয়ন দিশত। উল্লেখযোগ্য যে চৰকাৰলৈ বাট নাচাই ৰাইজৰ দান বৰঙণিৰে বৰ্তমান ঐতিহাসিক মূৰ্ত্তিসমূহ সংৰক্ষণ কৰাৰ লগতে মন্দিৰৰ নিৰ্মাণ কাৰ্য চলাইছে ৰাইজে।