newsnextone.com | ডিব্ৰুগড়ঃ উজনিত চলাচল কৰা ৰেল সমূহত নিৰাপত্তা ব্যৱস্থাক লৈ সময়ে সময়ে প্ৰশ্ন উত্থাপন হৈ আহিছে৷ ৰেল বিভাগৰ বিষয়া-কৰ্মচাৰীৰ বাবে বিভিন্ন দুৰ্ঘটনা সংঘটিত হৈ অহা বুলি সময়ে সময়ে অভিযোগ উত্থাপন হৈ আহিছে৷ মাথো কিছুদিন পূৰ্বে এগৰাকী মহিলা আৰু এগৰাকী উচ্চ শিক্ষিত ছাত্ৰীৰ ৰেলত সুৰক্ষা নথকাৰ বাবেই প্ৰাণ হেৰুৱাব লগা হয়৷

চিচিটিভি, ৰেলত সুৰক্ষা নথকাৰ ফলতেই যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰী ৰাধা কুমাৰী অাৰু ললিমাই দেৱী নামৰ ৰুগীয়া মহিলাগৰাকীক ৰেলৰ ভিতৰতে ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনাই ৰেল বিভাগৰ গাফিলতিৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে এইবাৰ ৰেল বিভাগৰ গাফিলতিৰ বাবে পিতা-পুত্ৰই একেলগে প্ৰাণ হেৰুৱাবলগীয়া হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ডিব্ৰুগড় জিলাৰ চাবুৱাত৷

জানিব পৰা মতে, দেওবাৰে নিশা চাবুৱাত ৰেলগেট অতিক্ৰম কৰিব খোজেতেই আই-২০ গাড়ী এখনত খুন্দা মাৰে ৰাজধানী এক্সপ্ৰেছে৷ খুন্দা মৰাৰ ফলত গাড়ী খনৰ বিস্তৰ ক্ষতি হয় আৰু গাড়ীৰ ভিতৰত থকা বিমল কুমাৰ শৰ্মা আৰু পুত্ৰ অৰ্ণৱ গাৰ্গ শৰ্মাৰ থিতাতে মৃত্যু হয়। জানিব পৰা মতে, বিমল কুমাৰ শৰ্মাই পুত্ৰৰ বিয়াৰ দিন-বাৰ ঠিক কৰি পুত্ৰৰ বিয়াৰ আঙঠি পিন্ধাবলৈ গৈ ঘৰলৈ আহি আছিল। উক্ত সময়তে ৰাজধানী এক্সপ্ৰেছত চাবুৱাত এই অঘটন সংঘটিত হয় আৰু প্ৰাণ হেৰুৱাব লগা হয় পিতা-পুত্ৰই৷

অভিযোগ উত্থাপন হোৱা মতে, উক্ত সময়ত ক্ৰচিঙত ৰেল বিভাগৰ লোক কৰ্তব্যৰত অৱস্থাত নাছিল৷ এজন আন লোকহে উক্ত সময়ত ৰেলগেটত দায়িত্ব পালন কৰি আছিল বুলি জানিব পৰা গৈছে৷ ৰাইজে ৰেল বিভাগৰ কৰ্মচাৰীৰ গাফিলতিৰ ফলতেই একেটা পৰিয়ালৰ দুজন সদস্যৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰে৷ দেওবাৰে নিশা সংঘটিত দুৰ্ঘটনাৰ পাছতে সোমবাৰে চাবুৱাৰ শিয়ালকটী ৰেলগেটত উপস্থিত হয় ৰেল বিভাগৰ এছজিএম মুকেশ নাৰায়ণ আৰু জিএম সঞ্জীৱ ৰয়৷ 

দুয়োগৰাকী উচ্চ পদস্থ বিষয়াই ঘটনাৰ তদন্ত কৰি গেটমেনৰ যদি গাফিলতি ধৰা পৰে তেন্তে উচিত শাস্তি বিহা হ’ব বুলি কয়৷ আনহাতে একাংশ লোকে গেটমেন মুনীন সোণোৱালে আন এজন লোকক গেটত ৰখাই তেওঁ আন ঠাইত আছিল বুলি কব খোজে৷