,কেইবা টুকুৰা হৈ গ'ল বিকানেৰ-গুৱাহাটী এক্সপ্ৰেছ

গুৱাহাটী,১৩ জানুৱাৰীঃ ভোগালী বিহুৰ উলহ মালহেৰ মাজত এক ভয়ংকৰ ৰেল দূৰ্ঘটনা সংঘটিত হৈছে পশ্চিমবংগত৷পশ্চিমবংগৰ ভয়ংকৰ ৰে'ল দুৰ্ঘটনাটোত কেইবা টুকুৰা হৈ গ'ল বিকানেৰ-গুৱাহাটী এক্সপ্ৰেছ৷এই দূৰ্ঘটনাটোত বহু যাত্ৰীৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে৷

ভোগালী বিহুৰ উলহ-মালহৰ সময়ে আজি সন্ধিয়া ৫ বজাত পশ্চিমবঙ্গৰ নিউ মইনাগুড়ি ষ্টেছনৰ সমীপত "বিকানেৰ-গুৱাহাটী" এক্সপ্ৰছ ৰেলগাড়ীখন লাইনচ্যুত হৈ দুৰ্ঘটনাগ্ৰস্থ হৈছে।

দুৰ্ঘটনাটোত শতাধিক যাত্ৰী আহত হোৱাৰ লগতে তিনি জনৰো অধিক যাত্ৰীৰ মৃত্যু হোৱা বুলি বাতৰিত প্ৰকাশ।

আজিৰ এই ভোগালী বিহুৰ দিনতোয়ে যেন বহুতো পৰিয়ালৰ বাবে বিভীষিকাৰ বাতৰি কঢ়িয়াইছে। মৃত্যু হোৱাসকলৰ নাম জানিব পৰা হোৱা নাই৷