89
জাগীৰোডঃ এগৰাকী মহিলা, দুচকুত অলেখ সপোন, নিজাকৈ কিবা এটা কৰাৰ। ঘৰ-সংসাৰৰ দায়িত্বই হেচাঁ মাৰি ধৰি আছিল সপোনটোক, অস্থিৰ হৈ আছিল মনটো! এসময়ত এই সপোনটোক পোখা মেলিবলৈ সাৰ-পানী দিলে নিজৰ আপোন জনে!
ইলামনি বৰা। ত্ৰিনয়ন গ্ৰামীণ ফুড প্ৰডাক্টৰ ৰুচি নামৰ ব্ৰেণ্ডটোৰ জৰিয়তে জাগী নামৰ এখন ভিতৰুৱা অথচ ঐতিহাসিক গাঁৱৰ পৰা লাহে লাহে এক নিজা পৰিচয়ৰে উজলি উঠিবলৈ সক্ষম হৈছে এইগৰাকী মহিলাই।