আগৰতলাঃ ইয়াৰ পূৰ্বে ইমান বিলাসী নিৰ্বাচন কেতিয়াও দেখা নাছিল ত্ৰিপুৰাৰ জনসাধাৰণে৷ এইবাৰৰ নিৰ্বাচন বিশেষ নিৰ্বাচন ৰাইজৰ বাবে৷ কিয়নো কেতিয়াও নোহোৱা-নোপোজা কেইবাটাও ঘটনা সংঘটিত হৈছে এইবাৰৰ নিৰ্বাচনত৷ টকাৰ পয়োভৰ এইবাৰৰ নিৰ্বাচনৰ এটা নতুন দিশ৷ নিৰ্বাচনত ব্যাপক হাৰত ধন বিতৰণ হৈছে সেই কথা সকলোৱে জানে৷

বিশেষ ৰাজনৈতিক দলে ধন বিতৰণ কৰাৰ কথা ত্ৰিপুৰাৰ গাঁৱে-ভূঞে এতিয়া সৰৱ চৰ্চা৷ যাৰ ফলত এইবাৰৰ নিৰ্বাচন প্ৰভাৱশালী নিৰ্বাচন বুলি কোৱা হৈছে৷ আকাশমাৰ্গত যোৱা এমাহত কিমান হেলিকপ্তাৰ উৰিছে সেয়া গণনা কৰিব পৰা নাছিল জনসাধৰণে৷ ত্ৰিপুৰাৰ আকাশত ইমান হেলিকপ্তাৰ উৰা ত্ৰিপুৰাৰ জনসাধৰণে যে দেখিব সেয়া অনুমানেই কৰিবই পৰা নাছিল৷

ত্ৰিপুৰাৰ গ্ৰাম্য এলেকাত উৰাজাহাজ চাবলৈ মানুহৰ হেতা ওপৰা লাগিছিল৷ কণ কণ শিশুৱে স্কুল এৰি দৌৰিছিল৷ উৰাজাহাজে কৌতুহলৰ সৃষ্টি কৰিছিল৷ নেতাই অহা উৰাজাহাজৰ ধূলিয়ে দৰিদ্ৰ, খাটিখোৱা, শ্ৰমিকৰ চকু-মূখক স্পৰ্শ কৰিছিল৷ ধন্য হৈছিল সাধাৰণ জনতা, বৰ বৰ মানুহ আৰু উৰাজাহাজ প্ৰত্যক্ষ কৰি৷ 

মাটিৰ যুদ্ধ যে আকাশত হ’ব কোনেও ভবা নাছিল৷ ভোটদান যে ইমান ডাঙৰ উৎসৱ হ’ব পাৰে ত্ৰিপুৰাৰ মানুহে কেতিয়াও ভাবিবই পৰা নাছিল৷ মাথো ৬০টা বিধানসভা সমষ্টিৰ পাহাৰীয়া আৰু জনজাতীয় লোকে বাস কৰা ৰাজ্যখনত এইবাৰৰ দৰে নিৰ্বাচনৰ গৰম বতাহ কেতিয়াও দেখা নাই ৰাইজে৷ দিল্লীৱালা নেতা ৫৫গৰাকী কেন্দ্ৰীয় মন্ত্ৰী প্ৰচাৰ চলাবলৈ আহিছে ত্ৰিপুৰাত৷

ৰাইজেও ইয়াৰ পূৰ্বে নিৰ্বাচনক লৈ ইমান গুৰুত্বও প্ৰদান কৰা নাছিল৷ দিল্লীৱাল নেতা-মন্ত্ৰীৰ সমাৱেশ হয়তো ইয়াৰ পূৰ্বে কেতিয়াও দেখা নাছিল ত্ৰিপুৰাবাসীয়ে৷ ব্যাপক প্ৰচাৰৰ অন্তত দেওবাৰে দ্বাদশ বিধান সভাৰ নিৰ্বাচনৰ ভোটদান আৰম্ভ হৈছে৷

দেওবাৰে পুৱাৰে পৰা চুবুৰীয়া ৰাজ্য ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ভোটদান আৰম্ভ হৈছে৷ ভয় আৰু শংকা মুক্ত হৈ পুৰুষ-মহিলাই ভোট দিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে৷ প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা পৰিলক্ষিত হৈছে৷

ৰাজ্যৰ প্ৰশাসনে প্ৰতিটো ভোট কেন্দ্ৰত নিৰাপত্তাৰক্ষী নিয়োগ কৰিছে৷ শনিবাৰৰে পৰা বৰ বৰ ভাষণেৰে গৰম হৈ থকা ত্ৰিপুৰাত আজি ৰাইজ ওলাই আহিছে ভাষণৰ উত্তৰ দিবলৈ৷ বিজেপিয়ে বামপন্থীৰ চৰকাৰ ওলোটাব নেকি তাক লৈ ব্যাপক চৰ্চা চলি আছে যদিও বামপন্থীৰ ভোট বিজেপিয়ে নিজৰ দখললৈ আনিব পৰাটো সম্ভৱ নহয় বুলি এটি মহলে চিন্তা ব্যক্ত কৰে৷

বিজেপিৰ জাক-জমক প্ৰচাৰৰ সন্মুখত সকলো দল 'ফেইল' যদিও চিপিআইএমে বৰ বৰ সভা অনুষ্ঠিত কৰাৰ পূৰ্বে গাঁৱে-ভূঞে সভা-সমিতি কৰি ভোটাৰৰ ওচৰ চপাৰ চেষ্টা কৰিছিল৷ বিজেপিয়ে প্ৰতিশ্ৰুতিৰে ৰাজ্য দখলৰ চেষ্টা কৰিছে৷ ত্ৰিপুৰাত গেৰুৱা পতাকা উৰুৱাবৰ বাবে চেষ্টা কৰিছে যদিও সফল হয় নে নহয় সেয়া সময়েহে কব৷