আগৰতলাঃ ইয়াৰ পূৰ্বে ত্ৰিপুৰাৰ আকাশত ইমান উৰা জাহাজ উৰা ত্ৰিপুৰাৰ জনসাধৰণে দেখা নাই৷ মাটিৰ যুদ্ধ যে আকাশত হ’ব কোনেও ভবা নাছিল৷ ভোটদান যে ইমান ডাঙৰ উৎসৱ হ’ব পাৰে ত্ৰিপুৰাৰ মানুহে কেতিয়াও ভাবিবই পৰা নাছিল৷ মাথো ৬০টা বিধান সভা সমষ্টিৰ পাহাৰীয়া আৰু জনজাতিয় লোকে বাস কৰা ৰাজ্য খনত এইবাৰৰ দৰে নিৰ্বাচনৰ গৰম বতাহ কেতিয়াও দেখা নাই ৰাইজে৷ হয়তো ৰাইজেও ইয়াৰ পূৰ্বে নিৰ্বাচনক লৈ ইমান গুৰুত্বও প্ৰদান কৰা নাছিল৷
দিল্লীৱাল নেতা-মন্ত্ৰীৰ সমাৱেশ হয়তো ইয়াৰ পূৰ্বে কেতিয়াও দেখা নাছিল ত্ৰিপুৰাবাসীয়ে৷ ব্যাপক প্ৰচাৰৰ অন্তত দেওবাৰে দ্বাদশ বিধান সভাৰ নিৰ্বাচনৰ ভোটদান আৰম্ভ হৈছে৷ দেওবাৰে পুৱাৰে পৰা চুবুৰীয়া ৰাজ্য ত্ৰিপুৰা বিধান সভা নিৰ্বাচনৰ ভোট দান আৰম্ভ হৈছে৷ ভয় আৰু শংকা মুক্ত হৈ পুৰুষ-মহিলাই ভোট দিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে৷ প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা পৰিলক্ষিত হৈছে৷ ৰাজ্যৰ প্ৰশাসনে প্ৰতিটো ভোট কেন্দ্ৰত নিৰাপত্তাৰক্ষী নিয়োগ কৰিছে৷