আগৰতলাঃ ইয়াৰ পূৰ্বে ত্ৰিপুৰাৰ আকাশত ইমান উৰা জাহাজ উৰা ত্ৰিপুৰাৰ জনসাধৰণে দেখা নাই৷ মাটিৰ যুদ্ধ যে আকাশত হ’ব কোনেও ভবা নাছিল৷ ভোটদান যে ইমান ডাঙৰ উৎসৱ হ’ব পাৰে ত্ৰিপুৰাৰ মানুহে কেতিয়াও ভাবিবই পৰা নাছিল৷ মাথো ৬০টা বিধান সভা সমষ্টিৰ পাহাৰীয়া আৰু জনজাতিয় লোকে বাস কৰা ৰাজ্য খনত এইবাৰৰ দৰে নিৰ্বাচনৰ গৰম বতাহ কেতিয়াও দেখা নাই ৰাইজে৷ হয়তো ৰাইজেও ইয়াৰ পূৰ্বে নিৰ্বাচনক লৈ ইমান গুৰুত্বও প্ৰদান কৰা নাছিল৷

দিল্লীৱাল নেতা-মন্ত্ৰীৰ সমাৱেশ হয়তো ইয়াৰ পূৰ্বে কেতিয়াও দেখা নাছিল ত্ৰিপুৰাবাসীয়ে৷ ব্যাপক প্ৰচাৰৰ অন্তত দেওবাৰে দ্বাদশ বিধান সভাৰ নিৰ্বাচনৰ ভোটদান আৰম্ভ হৈছে৷ দেওবাৰে পুৱাৰে পৰা চুবুৰীয়া ৰাজ্য ত্ৰিপুৰা বিধান সভা নিৰ্বাচনৰ ভোট দান আৰম্ভ হৈছে৷ ভয় আৰু শংকা মুক্ত হৈ পুৰুষ-মহিলাই ভোট দিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে৷ প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা পৰিলক্ষিত হৈছে৷ ৰাজ্যৰ প্ৰশাসনে প্ৰতিটো ভোট কেন্দ্ৰত নিৰাপত্তাৰক্ষী নিয়োগ কৰিছে৷

কালিলে বৰ বৰ ভাষণেৰে গৰম হৈ থকা ত্ৰিপুৰাত আজি ৰাইজ ওলাই আহিছে ভাষণৰ উত্তৰ দিবলৈ৷ বিজেপিয়ে বামপন্থীৰ চৰকাৰ ওলোটাব নেকি তাক লৈ ব্যাপক চৰ্চা চলি আছে যদিও বামপন্থীৰ ভোট বিজেপিয়ে নিজৰ দখললৈ আনিব পৰাটো সম্ভৱ নহয় বুলি এটি মহলে চিন্তা ব্যক্ত কৰে৷ বিজেপিৰ জাক-জমক প্ৰচাৰৰ সন্মুখত সকলো দল-ফেইল যদিও চিপিআইএমে বৰ বৰ সভা অনুষ্ঠিত কৰাৰ পূৰ্বে গাঁৱে-ভূঞে সভা-সমিতি কৰি ভোটৰৰ ওচৰ চপাৰ চেষ্টা কৰিছিল৷

বিজেপিয়ে অসম্ভৱ প্ৰতিশ্ৰুতিৰে ৰাজ্য দখলৰ চেষ্টা কৰে৷ বিজেপিয়ে ত্ৰিপুৰাত পতাকা উৰুৱাবৰ বাবে চেষ্টা কৰিছে যদিও সফল হয় নে নহয় সেয়া সময়েহে কব৷ বিজেপিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিজেপিৰ সভাপতি অমিত শ্বাহ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ পৰা আৰম্ভ কৰি ৫৫গৰাকী মন্ত্ৰী ত্ৰিপুৰালৈ আনি প্ৰচাৰ চলাইছে৷ আনহাতে বিজেপিৰ ৰাজ্যিক সভাপতি বিপ্লৱ দে’ই ৰাইজক বিজেপিক ভোট দিবলৈ আহ্বান জনাই আহিছে৷

সমানে সমানে চিপিআইএমে ৰাইজক কৈ আহিছে ভোট দিবলৈ৷ দেওবাৰে পুৱাৰে অনুষ্ঠিত হোৱা নিৰ্বাচনত ৩০০০ চিচিটিভি কেমেৰা বহুওৱা হৈছে ভোট কেন্দ্ৰত৷ যাতে কোনো কাণত কোনো বিসংগতি হলে তাক সমাধান কৰাত সহয় হয়৷ যুৱকক মোবাইল ফোন, যুৱতীক স্কুটি আদি দিয়াৰ প্ৰতিশ্ৰুতি দিছে বিজেপিয়ে৷ প্ৰচাৰৰ নামত কিমান কোটি টকা বতাহত উৰিল সেয়া হিচাপ কৰিলে দৰিদ্ৰ মানুহে চকু টুকিব৷ কিয়নো দেশত আজিও চিকিৎসাৰ অভাৱত মানুহে সন্তান বিক্ৰী কৰিব লগা হৈছে৷ কিন্তু নেতাই কোটি কোটি টকা বতাহত উৰুৱাই এনেদৰে৷ বামপন্থীয়ে দাবী কৰিছে যে, তেওলোকে পুনৰ চৰকাৰলৈ আহিবই৷ তাত কোনো সন্দেহ নাই৷ জনতাই দেওবাৰে নিৰ্ণয় কৰিব শাসনৰ গাদীত কোন বহিব৷ মাণিক বাবু নে গেৰুৱা বাহিনী৷

দেওবাৰে ৫৯ সমষ্টিত ভোটদান অনুষ্ঠিত হ'ব৷ চাৰিলম সমষ্টিৰ চিপিআইএমৰ প্ৰৰ্থী ৰমেন্দ্ৰ নাৰায়ণ দেৱৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল৷ চাৰিলম সমষ্টিত ১২ মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ’ব৷