আগৰতলাঃ পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটদানে অভিলেখ গঢ়ি ১১ বজালৈকে ২৩ শতাংশ লোকে ভোটদান কৰে৷ চহৰ অঞ্চলৰ তুলনাত গ্ৰাম্য এলেকাত ৰাইজে অত্যাধিক ভোটদান প্ৰদান কৰে৷ মহিলাই পুৱাৰ ভাগত বেছিকৈ ওলাই আহে৷ দেওবাৰে পুৱা ৭ বজাৰ পৰা ত্ৰিপুৰাত ভোটদান অনুষ্ঠিত হৈছে৷

ত্ৰিপুৰাত ৩,২১৪টা ভোটগ্ৰহণ কেন্দ্ৰত ২৬ লাখ ভোটাৰে নিজ নিজৰ মতদান কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে৷ পুৱাই ত্ৰিপুৰাৰ ভোট কেন্দ্ৰ সমূহত মহিলাৰ সংখ্যা বেছি দেখা যায়৷ লাইনত থিয় দিয়া লোকৰ ভিতৰত মহিলাৰ সংখ্যা বেছি দেখা যায়৷

দেওবাৰে ৫৯ সমষ্টিত ভোটদান অনুষ্ঠিত হৈছে৷ চাৰিলম সমষ্টিৰ চিপিআইএমৰ প্ৰৰ্থী ৰমেন্দ্ৰ নাৰায়ণ দেৱৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল৷ যাৰ ফলত চাৰিলম সমষ্টিত ১২ মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ’ব৷

মাথো ৬০টা বিধান সভা সমষ্টিৰ পাহাৰীয়া আৰু জনজাতিয় লোকে বাস কৰা ৰাজ্য খনত এইবাৰৰ দৰে নিৰ্বাচনৰ গৰম বতাহ কেতিয়াও দেখা নাই ৰাইজে৷ হয়তো ৰাইজেও ইয়াৰ পূৰ্বে নিৰ্বাচনক লৈ ইমান গুৰুত্বও প্ৰদান কৰা নাছিল৷