আগৰতলাঃ ত্ৰিপুৰাত বলিছে নিৰ্বাচনৰ গৰম বতাহ৷ ত্ৰিপুৰা বিধান সভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিজেপিয়ে ব্যাপক প্ৰচাৰ চলোৱাৰ লগতে কেন্দ্ৰীয় আঁচনি ৰূপায়ণ-ঘোষণা কৰাৰ লগতে কেন্দ্ৰীয় নেতাৰে ভৰি পৰিছে ত্ৰিপুৰা৷ ৬০টা বিধান সভা সমষ্টিৰ ত্ৰিপুৰৰা শাসন ভাৰ যোৱা প্ৰায় ৩০ বছৰে চিপিআইএমে দখল কৰি আছে৷ কিন্তু এইবাৰ চিপিআইএমৰ সন্মুখত প্ৰত্যাহ্বান হিচাপে থিয় দিছে বিজেপি৷ বিজেপিয়ে ইতিমধ্যে নানা প্ৰতিশ্ৰুতি দি প্ৰচাৰ অভিযান আৰম্ভ কৰিছে৷

দুৰ্নীতি মুক্ত ত্ৰিপুৰা, শ্ৰেষ্ঠ ত্ৰিপুৰাৰ শ্ল’গানেৰে ইতিমধ্য মানিক সৰকাৰক শাসনৰ গাদীৰ পৰা ওফৰাই পেলাবলৈ বিজেপিয়ে ব্যাপক প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে ত্ৰিপুৰাত৷ ত্ৰিপুৰাত বিজেপিয়ে ৰণডংকা বজাই শুকুৰবাৰে সমগ্ৰ ৰাজ্যতে বাইক ৰেলী উলিয়াই৷ দুৰ্নীতি মুক্ত ত্ৰিপুৰা, শ্ৰেষ্ঠ ত্ৰিপুৰা গঢ়াৰ লক্ষ্যৰে ৰাইজক বিজেপি মুখী কৰৰা চেষ্টা অব্যাহত ৰাখিছে বিজেপিয়ে৷ বিজেপিৰ আহ্বানত শুকুৰবাৰে হাজাৰ হাজাৰ লোকে বাইক লৈ ওলাই আহে ত্ৰিপুৰাৰ ৰাজ পথলৈ৷

বিজেপিৰ যুৱ মৰ্চাৰ আহ্বানত ত্ৰিপুৰাৰ ৬০ বিধান সভা সমষ্টিত পুৱাৰে পৰা আৰম্ভ হয় বাইক ৰেলী৷ কিয়নো ০৭ জানুৱাৰীত ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ আহিব ত্ৰিপুৰালৈ৷ অমিত শ্বাহ অহাৰ পূৰ্বে প্ৰচাৰৰ বাবে এই ৰেলী উলিয়াই বিজেপিয়ে৷ একেটা দিনতে ৰাইজত চমক দিয়াৰ লক্ষ্যৰে ত্ৰিপুৰাৰ মাতাবাৰী ৰেল ষ্টেছনত শুকুৰবাৰে কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইয়ে হামচফৰ নামৰ ৰেল খনৰ সেৱা আৰম্ভ কৰে৷ ৰেল খন ত্ৰিপুৰা আৰু বাংগালুৰুৰ মাজ চলাচল কৰিব এই খন ৰেল৷

আনহাতে শুকুৰবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাত্‍ কৰে আইপিএফটিৰ এটা দলে। পৃথক ৰাজ্যৰ দাবীত প্ৰতিবাদ কৰি অহা আইপিএফটিৰ দলটোৱে অসমৰ মন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহ মন্ত্ৰীক সাক্ষাৎ কৰে৷ আলোচনা কালত পৃথক ৰাজ্যৰ দাবী সন্দৰ্ভত এটি সমিতি গঠন কৰিব বুলি জানিব পৰা যায়৷ অহা ৮ জানুৱাৰীত এই সমিতিটো ঘোষণা কৰিব কেন্দ্ৰীয় চৰকাৰে৷ বিদেশিৰ অনুপ্ৰৱেশ সন্দৰ্ভতো আলোচনা কৰা হয় আলোচনা কালত৷

আইপিএফটিৰ নেতা মেৱাৰ জমাতিয়াৰ নেতৃত্বত গৈছিল দলটোৱে৷ ইপিনে উত্তৰ পৰ্বাঞ্চলত কেইবাখনো সভাত অংশ গ্ৰহণৰ বাবে ইতিমধ্যে শুকুৰবাৰে নিশা গুৱাহাটীত আহি উপস্থিত হয় অমিত শ্বাহ৷ শ্বাহক শুকুৰবাৰে নিশা প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিত দাস, মন্ত্ৰী-নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মা, চন্দ্ৰমোহন পাটোৱাৰীয়ে বিমান বন্দৰত আদৰণী জনায়৷

শনিবাৰে কামাখ্যা দৰ্শন কৰি শ্বাহে সেৱা লয়৷ তাৰ পিছতে মেঘালয়ৰ গাৰোপাহাৰত দলীয় ৰাজহুৱা সভাত উপস্থিত থাকি ভাষণ প্ৰদান কৰিব৷ ৭ জানুৱাৰীত ত্ৰিপুৰালৈ যাব বিজেপিৰ সৰ্বভাৰতীয় সভাপতি অমিত শ্বাহ৷ মুঠৰ ওপৰত যেনেকৈয়ে নহওঁক বিজেপিয়ে ত্ৰিপুৰা দখল কৰাৰ বাবে সাজু হৈছে৷