ত্রিপুৰা  চৰকাৰক ছুপ্ৰিম ক’ৰ্টৰ জাননী

ত্ৰিপুৰাত এন আৰ চি(NRC)তৈয়াৰ কৰাৰ বাবে ৰাজ্যখনৰ ‘‘ত্ৰিপুৰা পিপুলছ ফ্ৰন্ট’’ নামৰ আদিবাসী সকলক প্ৰতিনিধিত্ব কৰা ৰাজনৈতিক দল এটাই ৰাজ্যজুৰি আন্দোলনৰ হুঙ্কাৰ দিছে৷ 

newsnextoneআগৰতলা,৯ অক্টোবৰঃ অসমৰ পিচত এইবাৰ ত্ৰিপুৰাতো এন আৰ চি(NRC)কাৰনে ৰাজ্যখনৰ বিভিন্ন দল-সংগঠনে দাৱী উত্থাপন কৰা বুলি জানিব পৰা গৈছে৷ ত্ৰিপুৰাত এখন এন আৰ চি(NRC)তৈয়াৰ কৰাৰ বাবে ৰাজ্যখনৰ ‘‘ত্ৰিপুৰা পিপুলছ ফ্ৰন্ট’’নামৰ আদিবাসী সকলক প্ৰতিনিধিত্ব কৰা ৰাজনৈতিক দল এটাই ৰাজ্যজুৰি আন্দোলন কৰিব বুলি হুঙ্কাৰ দিছে৷‘‘ত্ৰিপুৰা পিপুলছ ফ্ৰন্ট’’নামৰ দলটোৱে ইতিমধ্যে উচ্ছতম ন্যায়ালয়ৰ দ্বাৰাস্থ হৈছে৷

এই প্ৰসঙ্গত উচ্ছতম ন্যায়ালয়ে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰলৈ জাননী জাৰী কৰা বুলিও এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে৷ 

আনহাতে ক্ষমতাধিস্থ বিজেপি দলৰ মিত্ৰদল ইণ্ডিজেনাছ নেচনেলিষ্ট পার্টি অফ ত্রিপুৰাই এই প্ৰসঙ্গত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙকো সাক্ষাৎ কৰিছ৷দলটোৰ সভাপতি বিজয় কুমাৰে কয় যে ত্ৰিপুৰাত এন আৰ চি(NRC)কৰা হ’ব নে নহ’ব এই বিষয়ে চিত্না-ভাৱনা কৰিহে সিদ্ধান্ত গ্ৰহন কৰা হ’ব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে জনাইছে৷

আনহাতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে লটি-বাগৰ মৰা দেখা গৈছে৷মুখ্যমন্ত্ৰী গৰাকীয়ে আগতে কৈছিল যে ৰাজ্যখনত এন আৰ চি(NRC) নহ’ব৷কিন্তু যোৱা শনিবাৰে কলিকতাত এটা অনুষ্টানত বিপ্লৱ বাবুই এন আৰ চি(NRC)সপক্ষেহে কোৱা দেখা গ’ল৷