আগৰতলাঃ পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটদানে অভিলেখ গঢ়ি ৩ বজালৈকে ৬৫ শতাংশ লোকে ভোটদান কৰে৷ জানিব পৰা মতে, ৰাজ্য খনৰ বহু ভোটগ্ৰহণ কেন্দ্ৰত ইভিএম মেচিন খেলিমেলিৰ বাবে বহু পলমকৈ ভোটদান আৰম্ভ হৈছে৷
সেই সমূহ ভোট কেন্দ্ৰত ৪টা বজাৰ পিছতো ভোট দান অনুষ্ঠিত হ’ব৷ বৰ্তমানেও বহু কেন্দ্ৰত ১০০০ পৰ্যন্ত লোক লাইনত থিয় হৈ থকা দেখা যায়৷ নিৰ্বাচন আয়োগ ঘোষণা কৰা মতে পুৱাৰে পৰা যঠেষ্ট সংখ্যাক লোকে ঘৰৰ পৰা ওলাই আহে আৰু ভোটদান সাব্যস্ত কৰে৷ আনহাতে ৰাজ্য খনৰ আৰক্ষী, চিআৰপিএফ আৰু আইটিবিএফে নিৰাপত্তাব্যৱস্থা কটকটীয়া কৰি তুলিছে৷