ডিজিটাল ডেস্কঃ এষাৰ কথাই আছে অতিমাত্ৰাই বেয়া৷ যিকোনো বস্তুৰে বেছি ভাল নহয়৷ সেইয়ে অতিৰিক্ত কাম কৰা কাৰণে চাকৰি হেৰুৱাব লগা হ’ল এজন ব্যক্তিয়ে৷ সেই ব্যক্তি জনে কাৰ্যালয়ৰ নিৰ্দিষ্ট সময়তকৈ ভালেখিনি ঘন্টা বেছিকৈ কাম কৰিছিল৷ যিটো কোম্পানিৰ নিয়মৰ বাহিৰ৷ কোম্পানিৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছে বৰখাস্ত হোৱা কর্মীজনে৷
স্পেইনৰ বাসিন্দা জিন পি কামৰ ক্ষেত্ৰত পাগল। নির্দিষ্ট সময়ৰ পূৰ্বেই কাৰ্যালয়লৈ আহে আৰু ছুটিৰ শেষতো ভালেখিনি সলয়লৈ কাম কৰি থাকে। বাৰ্চিলোনাৰ এটা ৰিটেইল কোম্পানিত মেনেজাৰ জিন পিক কোম্পানিৰ ফলৰ পৰা একাধিক বাৰ সতর্কও কৰা হৈছে। কিন্তু জিন পি নিজৰ মতত অলৰ অচৰ। দিনৰ পিছত দিন ধৰি অতিৰিক্ত কাম কৰি গ’ল কাৰ্যালয়ত৷ সেয়ে শেষত কোম্পানিয়ে উপাই নাপাই বৰ্খস্ত কৰিব ল’গা হয় জিনক৷