ডিজিটেল ডেস্কঃ চুবুৰীয়া দেশ শ্ৰীলংকাৰ এটি খবৰে কপাইছে বিশ্বক৷ ১৯৮৩ চনৰ পৰা ২০০৯ চনলৈ শ্ৰীলংকাত চলা গৃহ যুদ্ধৰ এই ভয়াবহ খবৰটোৱে বিশ্বৰ সংবাদ মাধ্যমৰ লগতে মানৱ অধিকাৰ সংস্থাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে এই ঘটনাৰ বিৰুদ্ধে সক্ৰিয় হৈ পৰে৷ ১৯৮৩ চনৰ পৰা ২০০৯ চনলৈ চলা গৃহ যুদ্ধত বন্দী সকলক অমানুষিক অত্যাচাৰ কৰাৰ খবৰ ৰাষ্ট্ৰ হোৱাত বিশ্বত চাঞ্চল্যৰ সৃষ্টি কৰে৷
ঘটনাৰ গভীৰতালৈ সোমাবলৈ বাধ্য হৈছে আন্তর্জাতিক সংবাদমাধ্যম তথা মানৱধিকাৰ সংগঠন৷ ইতিমধ্যে এই ঘটনাৰ তদন্ত কৰাৰ বাবে মানৱ অধিকাৰ সংগঠন আগবাঢ়ি আহিব বুলি জানিব পৰা গৈছে৷ শ্রীলংকাৰ গৃহযুদ্ধৰ পিছত দেশৰ নিৰাপত্তা বাহিনীৰ হাতত বন্দী হোৱ শ-শ লোকে চৰম নির্যাতনৰ সন্মুখীন হোৱাৰ ভয়াবহ স্মৃতি ৰোমন্থন কৰাৰ পিছতে হৈ-চৈৰ সৃষ্টি হৈছে বিশ্বত৷ ইতিমধ্যে এই ঘটনাৰ স্বীকাৰ হোৱা ২০ জন লোকে মুখ খুলিছে।