Newsnextone | ডিজিটেল ডেস্কঃ অ’বামাৰ প্ৰশাসনৰ সময়ত ২০১৫ চনত স্বাক্ষৰিত ইৰান-আমেৰিকা পাৰমাণৱিক চুক্তিখন বাতিল কৰাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সিদ্ধান্তক কটু সমালোচনা কৰিছে ইৰাণৰ সংসদৰ অধ্যক্ষ আলী লাৰিজানিয়ে৷ ৰাজ্যিক টিভিত লাইভ হৈ থকা অৱস্থাত বুধবাৰে অধ্যক্ষগৰাকীয়ে সংসদত কয় যে সমস্যা সমাধানৰ ক্ষেত্ৰত ট্ৰাম্পৰ মানসিক সক্ষমতা নাই৷

ৰাষ্ট্ৰপতি পদৰ বাবে ট্ৰাম্পৰ যোগ্যতাৰ ওপৰত প্ৰশ্ন তুলি অধ্যক্ষগৰাকীয়ে কয় যে পাৰমাণৱিক চুক্তিখন বাতিল কৰাৰ সিদ্ধান্তটো এখন কূটনৈতিক নাটকহে৷ কিন্তু সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইৰাণ চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি আৰু পণ ৰক্ষা কৰি চলিব বুলিও জনায় অধ্যক্ষগৰাকীয়ে৷ 

ইৰাণৰ লগতে ছখন ৰাষ্ট্ৰৰ সৈতে স্বাক্ষৰিত চুক্তিখন বাতিল কৰাৰ কথা মঙলবাৰে ট্ৰাম্পে ঘোষণা কৰিছিল৷ মধ্যপ্ৰাচ্যৰ দেশসমূহত পাৰমাণৱিক অস্ত্ৰনিৰ্মাণৰ মূল ধাতু ইউৰেনিয়াম আহৰণৰ বাবে অনুমতি লাভ কৰা চুক্তিখন একপ্ৰকাৰ সমগ্ৰ বিশ্বৰ বাবেই ভয়াৱহ বুলি মত প্ৰকাশ কৰিছিল ট্ৰাম্পে৷ তাৰ পিছতেই এনেদৰে ট্ৰাম্পৰ ওপৰত সৰৱ হৈ পৰিছে ইৰাণ চৰকাৰ৷    

ট্ৰাম্পে কি কৈছিল পঢ়িবলৈ এই লিংকটোত ক্লিক কৰিব পাৰেঃ 

https://newsnextone.com/donald-trump-withdraws-US-from-Iran-nuclear-deal