ডিজিটেল ডেস্কঃ কোনো দেশৰ মুৰব্বীয়ে প্ৰথমবাৰলৈ এছিয়া মহাদেশত একেৰাহে ১৩ দিন থাকিব৷ সেয়া আন দেশ নহয় চুপাৰ পাৱাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে এছিয়া মহাদেশত অতিবাহিত কৰিব ১৩ দিন৷ চীন আৰু উত্তৰ কোৰিয়াক মুৰৰ কামোৰণি কৰি জাপানৰ সৈতে বন্ধুত্বৰ ইতিহাত ৰচনা কৰি দেওবাৰে ট্ৰাম্পে জাপানত থকা আমেৰিকাৰ সেনাৰ সন্মুখত থিয় দি জোৱানৰ সকলে দেশৰ বাবে দিয়া বলিদানৰ কথা উল্লেখ কৰে৷

আমেৰিকা আৰু উত্তৰ কোৰিয়াৰ মাজত বাক যুদ্ধ অব্যাহত থকাৰ সময়তে ট্ৰাম্পে এছিয়া মহাদেশত ১৩ দি অতিবাহিত কৰিবলগীয়া ঘটনাক বিশ্বৰ সংবাদ মহলে বিশেষ গুৰুত্ব প্ৰদান কৰিছে৷ আমেৰিকা-উত্তৰ কোৰিয়াৰ মাজৰ যুদ্ধ সদৃশ পৰিস্থিতিৰ সময়তে ট্ৰাম্পে উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম জঙক তেওৰ ঘৰত সোমাই হত্যা কৰাৰ ভাবুকি প্ৰদান কৰে৷

উত্তৰ কোৰিয়াৰ সৈতে সামৰিক উত্তেজনা বৃদ্ধি পাই থকাৰ সময়তে ডোনাল্ড ট্ৰাম্পে প্ৰথমবাৰলৈ ১৩ দিনীয়া এছিয়া ভ্ৰমণ কাৰ্যসূচিৰে জাপানত উপস্থিত হয় দেওবাৰে। ৰাজধানী টকিঅ’স্থিত য়’কটোত ট্ৰাম্পৰ বিমান অৱতৰণ কৰে দেওবাৰে। জাপানত উপস্থিত হৈ ট্ৰাম্পে কোনো একনায়কত্ববাদী শাসকে আমেৰিকাক মূল্যায়ন কৰা অনুচিত বুলি কয়।

ইতিমধ্যে উত্তৰ কোৰিয়াই জাপানৰ আকাশেৰে মিছাইল নিক্ষেপ কৰাত উত্তেজনাৰ সৃষ্টি হৈছিল। আনহাতে ট্ৰাম্পৰ কাণ্ডজ্ঞানহীন মন্তব্যৰ প্ৰতিবাদ জনাই উত্তৰ কোৰিয়াৰ সংবাদ পত্ৰ 'ৰদং চিনমুন’-এ কঠোৰ ভাবে সকীয়াই দিয়ে আমেৰিকাক।

কাকত খনে এনে অবিবেচকী মন্তব্যৰ বাবে আমেৰিকাৰ মাটিত উত্তৰ কোৰিয়াই পৰমাণু আক্ৰমণ চলাবলৈ কুণ্ঠাবোধ নকৰে বুলি কয়। ইয়াৰ পিছতেই এক বিস্ফোৰক প্ৰত্যুত্তৰ দিয়ে ট্ৰাম্পে। প্ৰয়োজন হ’লে উত্তৰ কোৰিয়াৰ শাসক কিম জঙৰ ঘৰত সোমাই হত্যা কৰিব অত্যাচাৰী শাসকগৰাকীক। উল্লেখ্য যে ট্ৰাম্পৰ এয়াই প্ৰথম দীঘলীয়া ভ্ৰমন সূচী। জাপানৰ পিছত যাব দক্ষিণ কোৰিয়া, চীন, ভিয়েটনাম আৰু অন্তিম দেশ ফিলিপাইনছৰ ৰাজধানী মেনিলাত এই ভ্ৰমণৰ অন্ত পৰিব। আনহাতে এই ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে৷ যিকোনো মুহূৰ্তত যুদ্ধ হ’ব পাৰে এয়া একপ্ৰকাৰ খতাং হৈ পৰিছে৷