ডিজিটেল ডেস্কঃ সাতখন ৰাষ্ট্ৰৰ সন্মিলিত দুদিনীয়া জি-৭ সন্মিলনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ভাবুকি দিছে সদস্যৰাষ্ট্ৰ জাপানক৷ কানাডত  ৮ আৰু ৯ জুনত অনুষ্ঠিত হোৱা সন্মিলনখনত মেক্সিকোৰ পৰা আমেৰিকালৈ হোৱা বিশাল প্ৰব্ৰজনৰ সমস্যা সন্দৰ্ভত মতবিৰোধৰ মাজতে ট্ৰাম্পে জাপানৰ প্ৰধানমন্ত্ৰী আবে চিনঝোক কটাক্ষ কৰে।

ট্ৰাম্পে কয় যে প্ৰব্ৰজনৰ সমস্যাৰ সৈতে আমেৰিকাইহে যুঁজ দিবলগীয়া হৈছে৷ এই সমস্যা ইউৰোপ মহাদেশৰহে, জাপানৰ নহয়৷ গতিকে ভুক্তভোগী ৰাষ্ট্ৰখনেহে জানে এয়া কিমান ভয়াৱহ৷ ২ কোটি ৫০ লাখ প্ৰব্ৰজনকাৰীক জাপানলৈ পঠিয়াই দিলে জাপান চৰকাৰে দায়িত্বৰ পৰা তৎকালেই অৱসৰ লবলগীয়া অৱস্থা হ’ব বুলি জাপানৰ প্ৰশাসনিক দক্ষতাৰ ওপৰতো ব্যংগ কৰে ট্ৰাম্পে৷

এনেধৰণৰ কঢ়া মন্তব্যই অইন সদস্যৰাষ্ট্ৰৰ মাজত অসন্তোষৰ বাতাবৰণ সৃষ্টি কৰিছে বুলি প্ৰকাশ পাইছে৷ ট্ৰাম্পে প্ৰব্ৰজনৰ সমস্যাক ৰাষ্ট্ৰখনৰ বাবে সুৰক্ষাজনিত ভাবুকিৰ সৃষ্টি কৰা বুলি বৈঠকত মত ব্যক্ত কৰাৰ লগতে অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও সদৰী কৰে৷

উল্লেখ্য যে চলিত দশত মধ্যপ্ৰাচ্যৰ অস্থিৰ আৰ্থ-সামাজিক পৰিস্থিতিৰ কবলত পৰা প্ৰাচ্যৰ ভালেমান দেশৰ পৰা লাখে লাখে নাগৰিকে ইউৰোপীয় দেশসমূহৰ আশ্ৰয় বিচাৰিছে৷