ডিজিটেল ডেস্কঃ সাতখন ৰাষ্ট্ৰৰ সন্মিলিত দুদিনীয়া জি-৭ সন্মিলনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ভাবুকি দিছে সদস্যৰাষ্ট্ৰ জাপানক৷ কানাডত ৮ আৰু ৯ জুনত অনুষ্ঠিত হোৱা সন্মিলনখনত মেক্সিকোৰ পৰা আমেৰিকালৈ হোৱা বিশাল প্ৰব্ৰজনৰ সমস্যা সন্দৰ্ভত মতবিৰোধৰ মাজতে ট্ৰাম্পে জাপানৰ প্ৰধানমন্ত্ৰী আবে চিনঝোক কটাক্ষ কৰে।
ট্ৰাম্পে কয় যে প্ৰব্ৰজনৰ সমস্যাৰ সৈতে আমেৰিকাইহে যুঁজ দিবলগীয়া হৈছে৷ এই সমস্যা ইউৰোপ মহাদেশৰহে, জাপানৰ নহয়৷ গতিকে ভুক্তভোগী ৰাষ্ট্ৰখনেহে জানে এয়া কিমান ভয়াৱহ৷ ২ কোটি ৫০ লাখ প্ৰব্ৰজনকাৰীক জাপানলৈ পঠিয়াই দিলে জাপান চৰকাৰে দায়িত্বৰ পৰা তৎকালেই অৱসৰ লবলগীয়া অৱস্থা হ’ব বুলি জাপানৰ প্ৰশাসনিক দক্ষতাৰ ওপৰতো ব্যংগ কৰে ট্ৰাম্পে৷