পেৰিছঃ ফ্ৰান্সৰ আৰ্ক ডি ট্ৰিয়ম্ফত আয়োজিত এক আন্তৰ্জাতিক আনুষ্ঠানত আমেৰিকা-ৰাছিয়াকে ধৰি কেইবাখনো দেশৰ মুৰব্বীসকল আহি উপস্থিত হৈছিল। সমগ্ৰ অঞ্চলটোত নিৰাপত্তাৰক্ষীৰ গিজগিজনি। তাৰ মাজতে ঘটিল অঘটনটো।
অভ্যাগত শীৰ্ষ মুৰব্বীসকলক অভিনন্দন জনোৱাৰ পৰ্ব চলি থকাৰ সময়তে যোৱা দেওবাৰে অৰ্ধনগ্ন এগৰাকী মহিলাই নিৰাপত্তাৰক্ষীৰ বেহু ভেদ কৰি মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নিচেই কাষ পালেগৈ। শৰীৰৰ নিম্নাংশত জিনছ পৰিহিত কিন্তু উৰ্ধাংশ সম্পূৰ্ণ উন্মোক্ত মহিলাগৰাকীয়ে হাতৰ আঙুলিৰে ‘ভিকট্ৰি’ চিন দেখুৱাই চিঞৰিছে ‘ভুৱা শান্তি আনোতা’ (Fake Peacemaker)৷