newsnextone.com | ডিজিটেল ডেস্কঃ দুয়োজন মানুহে মুখামুখি হ’ব৷ সেয়া আজি সমগ্ৰ বিশ্বৰ বাবে খবৰ৷ দুয়োজন মানুহে যে মুখামুখি হ’ব সেয়া সঁচা৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতিয়ে মুখামুখি হ’ব৷
আমেৰিকা ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এই কথা খোদ টুইট কৰি প্ৰকাশ কৰে৷ টুইট কৰি খোদ দিন ঘোষণা কৰিলে৷ অহা জুনত সাক্ষাৎ কৰিব বুলি প্ৰকাশ কৰি ট্ৰাম্পে কয় ‘‘অহা ১২ জুনত, চিংগাপুৰত কিম-জং উন সৈতে মোৰ অত্যন্ত প্ৰত্যাশিত বৈঠক অনুষ্ঠিত হ’ব৷ বিশ্বৰ শান্তি বাবে দুয়োজনে চেষ্টা কৰিম৷ এই বিশেষ মুহূৰ্ত স্মৰণীয় হৈ ৰব৷’’