খেৰণিঃ দুৰ্নীতিৰ অভিযোগত লুতুৰি-পুতুৰি হৈ থকা পূৰ্বৰ কংগ্ৰেছী তথা বৰ্তমানৰ বিজেপি নেতা তুলিৰাম ৰংহাঙৰ হাততেই বিজেপিয়ে অৰ্পণ কৰিলে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ দায়িত্বভাৰ। ইয়াক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ মাজতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাৰ্বি আংলঙত সংঘটিত কোনোধৰণৰ দুৰ্নীতি সহ্য কৰা নহ'ব বুলি কৰা ঘোষণাক লৈয়ো প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা যায়। 

ইয়াৰ মাজতে ব্যাপক চৰ্চা আৰু বিতৰ্কৰ অন্তত পুনৰ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী পদত অধিষ্ঠিত হ'বলৈ সমৰ্থ হোৱা তুলিৰাম ৰংহাঙৰ  সমৰ্সথককলে আজি গৃহ সমষ্টিত আনন্দ উছৱ পালন  কৰে৷

সমৰ্থকসকলৰ সৈতে তুলিৰামে বিথুং ৰেংথেমাৰ তুমপ্ৰেঙত খোলা গাড়ীত ঘূৰি ৰাইজৰ অভিবাদন গ্ৰহণ কৰে৷ তুলিৰামৰ সৈতে মপ্ৰেঙত উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নৱ নিৰ্বাচিত অধ্যক্ষ হৰেনছিং বে, নৱ নিৰ্বাচিত পৰিষদীয় সদস্য ক্ৰমে লুনছিং টেৰন, ৰিনা টেৰাংপি, প্ৰভাত টাৰ’, অমৰছিং টিছ’ আৰু মংগলছিং তিমুঙৰ লগতে কাৰ্বি ৰজা হাৰছিং ৰংহাং।

নৱ নিৰ্বাচিত কাৰ্বি পৰিষদৰ অধ্যক্ষ হৰেনছিং বে’ই পুনৰবাৰ তথা দ্বিতীয়বাৰৰ বাবে মুখ্য কাৰ্য্যবাহী সদস্য হিচাপে নিৰ্বাচিত হোৱা তুলিৰাম ৰংহাং অবিহনে কাৰ্বি আংলঙৰ উন্নয়ন আৰু বিকাশ অসম্ভৱ বুলি কয়৷ কেৱল ৰংহাঙৰ নেতৃত্বতহে কাৰ্বি আংলঙত সৰ্বাংগীন উন্নয়ণ আৰু বিকাশ সাধন কৰাটো সম্ভৱ বুলি কয় অধ্যক্ষগৰাকীয়ে৷

তুমপ্ৰেঙ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৰাইজক উদ্দেশ্যি প্ৰদান কৰা ভাষণত কাৰ্বি আংলঙৰ পৰিবৰ্তনৰ স্বাৰ্থত ৰাইজে ইতিমধ্যে ৰাজনৈতিক ক্ষেত্ৰত এক অভূতপূৰ্ব ইতিহাস ৰচনা কৰি দেখুৱাইছে বুলি কয়৷ পৰিষদীয় মুঠ ২৬ টা সমষ্টিৰ ভিতৰতে ২৪ টা সমষ্টিতে বিজেপিয়ে জয় লাভ কৰাটোৱে পৰিৱৰ্তনৰ প্ৰতি ৰাইজৰ আস্থা থকাৰ কথা স্পষ্টভাৱে প্ৰমানিত কৰিছে বুলিও তেওঁ দাবী কৰে৷

কাৰ্বি আংলঙত এতিয়া পূৰ্বৰ তুলনাত আৰু অধিক উন্নয়ন, বিকাশ, নিবনুৱা সমস্যা, শিক্ষাৰ উন্নয়ন সাধন সুনিশ্চিত হ'ব বুলি কয় ৰংহাঙে৷  নিৰ্বাচনৰ পূৰ্বে ৰংহাঙ আৰু বে’য়ে কৰা প্ৰতিটো প্ৰতিশ্ৰুতিয়েই আখৰে আখৰে পালন কৰি যাব বুলিও প্ৰতিশ্ৰুতি দিয়ে নেতাদ্বয়ে৷ ইফালে পৰিষদীয় সদস্য প্ৰভাত টাৰেই সকলোৱে একেলগে পৰস্পৰে পৰস্পৰক সহায় সহযোগ কৰি কাৰ্বি আংলঙক জাকত-জিলিকা কৰিব লাগিব বুলি মন্তব্য কৰে৷