ডিজিটেল ডেস্কঃ ইন্টাৰনেট তথা ডিজিটেল দুনীয়াত মানুহ ভুৱা বাতৰিৰ চক্ৰৰ পৰা বাচি থকা কঠিন৷ ভুৱা বাতৰিৰ চক্ৰত কেৱল সাধাৰণ মানুহেই নহয়, বিশেষ বিশেষ ব্যক্তিও কেতিয়াবা সোমাই পৰে৷ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শশী থাৰুৰো এইবাৰ সোমাই পৰিল ভুৱা বাতৰিৰ জালত৷

টুইটাৰত শশী থাৰুৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্ণৰ ৰঘুৰাম ৰাজন সম্বন্ধিত এটা ভুৱা বাতৰি শ্বেয়াৰ কৰি বিপাঙত পৰে৷ অৱশ্যে কিছু মূহুৰ্ত পিছতেই কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে সেয়া ভুৱা বাতৰি বুলি জানিব পাৰি ক্ষমা বিচাৰি ভুল সংশোধন কৰে৷ 
  
শনিবাৰে শশী থাৰুৰে ‘ৰঘুৰাম ৰাজনক বেংক অৱ ইংলেণ্ডৰ গভৰ্ণৰ’ হিচাপে নিযুক্তি প্ৰদান বিষয়ক এটা ভুৱা বাতৰি শ্বেয়াৰ কৰি ৰঘুৰাম ৰাজনক শুভেচ্ছা জ্ঞাপন কৰে৷ শশী থাৰুৰে টুইটত লিখে যে এজন ভাৰতীয় ক্ৰিকেটাৰ নাছিৰ হুছেইনে এসময়ত ইংলেণ্ডৰ ক্ৰিকেট দলৰ নেতৃত্ব বহন কৰিছিল৷ এতিয়া ৰঘুৰাম ৰাজনে ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী হৈ দাসত্বৰ প্ৰতিশোধ লওক৷ 

থাৰুৰে এই টুইট কৰাৰ কিছু সময় পিছতে নিজৰ ভুল জানিব পাৰে আৰু পুনৰ এটা টুইট কৰি কয় যে তেওঁ এটা ভুৱা বাতৰিৰ চক্ৰত পৰিছিল৷ ইয়াৰ ববে তেওঁ ক্ষমা বিচাৰে৷ 

আনহাতে শশী থাৰুৰে কৰা টুইটত নিজৰ ভুল স্বীকাৰ কৰাক লৈ বহু কেইজনে থৰুৰৰ প্ৰশংসা কৰে৷ বিপৰীতে কিছু সংখ্যকে এনে বাতৰি শ্বেয়াৰ কৰাৰ আগতে অধ্যয়ন কৰি বাতৰিৰ সত্যাসত্য নিৰ্ধাৰণ কৰিবলৈও পৰামৰ্শ দিয়ে৷  

উল্লেখ্য যে, ৰঘুৰাম ৰাজনক বেংক অৱ ইংলেণ্ডৰ গভৰ্ণৰ হিচাপে নিযুক্তি প্ৰদানৰ সম্ভাৱনাৰ বাতৰি প্ৰচাৰ হোৱাৰ সময়তে শশী থাৰুৰে এই টুইটযোগে ৰঘুৰাম ৰাজনক শুভেচ্ছা জ্ঞাপন কৰিছিল৷ 

এমাহ পূৰ্বে ইংলেণ্ডৰ প্ৰতিষ্ঠিত বাতৰিকাকত ‘ফাইনেন্সিয়েল টাইমছ’-এ ৰঘুৰাম ৰাজন ‘বেংক অৱ ইংলেণ্ড’ৰ গভৰ্ণৰ পদৰ প্ৰাৰ্থীৰ তালিকাত সকলোতকৈ আগত থকা বুলি এক বাতৰি পৰিৱেশন কৰিছিল৷