68
ডিজিটেল ডেস্কঃ এসময়ত সংসদীয় গণতন্ত্ৰৰ দেশ পেৰুৰ সাংবিধানিক মুৰব্বীৰ পদ শুৱনি কৰা প্ৰাক্তন ৰাষ্ট্ৰপতি ওলান্তা হামালাক পত্নিসহিতে ১৮ মাহৰ বাবে কাৰাগাৰত ৰখাৰ ৰায় দিছে দেশখনৰ ন্যায়ালয়ে।
দুৰ্নীতিৰ অভিযোগত অভিযুক্ত হামালাই এতিয়া সংগ দিব আন এজন প্ৰাক্তন ৰাষ্ট্ৰপতিক। একেখন জেলতে আছে আন এজন প্ৰাক্তন ৰাষ্ট্ৰপতি আলবাৰ্টো ফুজিমৰি। মানৱ অধিকাৰ উলংঘনৰ গুৰুতৰ অপৰাধৰ বাবে ২৫ বছৰৰ বাবে জেল খাটিবলগা হোৱা আলবাৰ্টো এতিয়া নিসংগ নহয়।