শিৱসাগৰঃ আজি ফলাফল ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিৱসাগৰ জিলাৰ মান ৰাখে দুগৰাকীকৈ ছাত্ৰই। দুয়োগৰাকী ছাত্ৰই ৫৮০ নম্বৰেৰে ৰাজ্যৰ ভিতৰতে নৱম স্থান দখল কৰিবলৈ সমৰ্থ হয়। এই ছাত্ৰ দুগৰাকী হৈছে শিৱসাগৰ নগৰৰ হৃষীকেশ গগৈ আৰু নাজিৰাৰ অৰুণাভ শইকীয়া।  

শিৱসাগৰৰ হলিনেম স্কুলৰ ছাত্ৰ হৃষীকেশ গগৈয়ে ঐচ্ছিক গণিতত ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰে। ঢকুৱাখানা মহাবিদ্যালয়ৰ প্ৰৱক্তা জীৱনচন্দ্ৰ গগৈ আৰু থানুৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী মামনি ফুকন গগৈৰ সন্তান হৃষীকেশে ভৱিষ্যতে অভিযন্তা হোৱাৰ লক্ষ্যৰে বিজ্ঞান শাখাত নামভৰ্তি কৰিব বুলি জনাইছে।

আনহাতে স্থানপ্ৰাপ্ত অৰুণাভক লৈ উৎফুল্লিত হৈ পৰিছে তেওঁ অধ্যয়ন কৰা মেজেঙাস্থিত ছেইণ্ট পিটাৰ্ছ স্কুলৰ লগতে সমগ্ৰ নাজিৰাবাসী।

নাজিৰা নগৰৰ লখিমী আলিৰ বাসিন্দা কৃষি বিভাগৰ কৰ্মচাৰী অসীম কুমাৰ শইকীয়া আৰু গেলেকী মহাবিদ্যালয়ৰ প্ৰৱক্তা আধুনিকা কছাৰী শইকীয়াৰ জ্যেষ্ঠ সন্তান অৰুণাভৰো অভিযন্তা হোৱাৰ মন। দিনটোত যথেষ্ট সময় অধ্যয়ন কৰা অৰুণাভে আজৰি সময়ত কম্পিউটাৰত গেম খেলাৰ লগতে, গীটাৰ বজাই ভাল পায়।