newsnextone.com। ডিজিটেল ডেস্কঃ বিশ্বৰ শক্তিশালী দেশৰ ভিতৰত এখন অন্যতম দেশ হৈছে জাপান৷ ভূমিকম্প তথা ছুনামীৰ দৰে প্ৰাকৃতিক দুৰ্যোগক বিট কৰি যোৱা জাপানে এইবাৰ এক নতুন যুঁজৰ বাবে সাজু হৈছে৷ এক শক্তিশালী ধুমুহা জেবীৰ কবলত পৰিবলৈ জাপানে নিজকে প্ৰস্তুত কৰি তুলিছে৷
যোৱা ২৫ বছৰৰ ভিতৰত এইবাৰৰ ধুমুহাজাক ইতিহাসৰ আটাইতকৈ ডাঙৰ আৰু ভয়ংকৰ শক্তিশালী ধুমুহা বুলি কোৱা হৈছে৷ দেশৰ বতৰ বিজ্ঞান কেন্দ্ৰসমূহৰ তথ্য অনুসৰি অতিপাত বৰষুণ তথা প্ৰৱল বতাহৰ আগজাননী দি জাপানবাসীক সৰ্তক কৰি দিয়া হৈছে৷ লগতে জাপানলৈ যোৱা কমেও ৬০০ খন বিমানক বাতিল কৰা হৈছে৷