newsnextone.com। ডিজিটেল ডেস্কঃ বিশ্বৰ শক্তিশালী দেশৰ ভিতৰত এখন অন্যতম দেশ হৈছে জাপান৷ ভূমিকম্প তথা ছুনামীৰ দৰে প্ৰাকৃতিক দুৰ্যোগক বিট কৰি যোৱা জাপানে এইবাৰ এক নতুন যুঁজৰ বাবে সাজু হৈছে৷ এক শক্তিশালী ধুমুহা জেবীৰ কবলত পৰিবলৈ জাপানে নিজকে প্ৰস্তুত কৰি তুলিছে৷

যোৱা ২৫ বছৰৰ ভিতৰত এইবাৰৰ ধুমুহাজাক ইতিহাসৰ আটাইতকৈ ডাঙৰ আৰু ভয়ংকৰ শক্তিশালী ধুমুহা বুলি কোৱা হৈছে৷ দেশৰ বতৰ বিজ্ঞান কেন্দ্ৰসমূহৰ তথ্য অনুসৰি অতিপাত বৰষুণ তথা প্ৰৱল বতাহৰ আগজাননী দি জাপানবাসীক সৰ্তক কৰি দিয়া হৈছে৷ লগতে জাপানলৈ যোৱা কমেও ৬০০ খন বিমানক বাতিল কৰা হৈছে৷

পশ্চিম জাপানত দুপৰীয়া সময়ত ২১৬ কিলোমিটাৰ প্ৰতি ঘন্টাত তীব্ৰ গতিত ঘূৰ্ণী বতাহ দিয়াৰ কথা জানিব পৰা গৈছে৷ এফেৰ সূত্ৰে টাইফ’ন জেবী ধুমুহাই সাগৰৰ জোৱাৰ, বানপানী তথা ভূমিস্থখলন সৃষ্টি কৰি ক্ষতি কৰাৰ সম্ভাৱনা আছে বুলি কয়৷ জাপানৰ প্ৰধানমন্ত্ৰী শিনজৌ আবেয়ে সকলোদেশবাসীকে ঠাই খালী কৰিবলৈ আহ্বান জনোৱাৰ লগতে নিজৰ চৰকাৰক দেশৰ নিবাসীসকলৰ বাবে সুৰক্ষিত তথা ৰক্ষা কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে৷

শেহতীয়াকৈ বিমান তথা দেশৰ হিৰোচিমাৰ নিকট অঞ্চলৰ স্থানীয় ৰে’ল সেৱা, বিদ্যালয় সমূহক অনিৰ্দিষ্টকালীন বন্ধৰ ঘোষণা কৰিছে৷ লগতে কোম্পানীৰ কৰ্মচাৰীসকলকো ঘৰতে বহি কাম কৰিবলৈ অনুৰোধ জনায় বতৰ বিজ্ঞানীসকলে৷ উল্লেখযোগ্য যে এই বৰ্ষৰ গ্ৰীষ্মকালীনৰ সময়ত ভয়ংকৰ ধুমুহাৰ আগমন ঘটিছিল য’ত ২০০ জনতকৈও অধিক লোকে প্ৰাণ হেৰুওৱালগীয়া হৈছিল৷