সকলোৰে টিকট বিচৰাৰ অধিকাৰ আছে, ময়েই জিকিম- ৰমেন ডেকা

ওদালগুৰিঃ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এটা মাহ বাকী। ইতিমধ্যে প্ৰতিটো দলেই নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰিছে। সমানে ব্যস্ততা বাঢ়িছে সাম্ভাব্য প্ৰাৰ্থীসকলৰ মাজত। ৰাজ্যৰ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত অতিগুৰুত্বপূৰ্ণ লোকসভা সমষ্টি হ'ল মঙ্গলদৈ লোকসভা সমষ্টি। 

ইতিমধ্যে উক্ত লোকসভা সমষ্টিৰ ওপৰত বিভিন্ন ৰাজনৈতিক দলৰ শেনচকু পৰা দেখিবলৈ পোৱা গৈছে। প্ৰতিটো ৰাজনৈতিক দলেই সমষ্টিটোত দখলৰ বাবে ৰাজনৈতিক কুচকাৱাজ অব্যাহত ৰাখিছে। কংগ্ৰেছ দলৰ পৰাও উক্ত সমষ্টিত নিৰ্বাচনত প্ৰতিদন্দ্বীতাৰ বাবে বিগত ২১ ফেব্ৰুৱাৰীত ১০ গৰাকী প্ৰাৰ্থীয়ে আৱেদন দাখিল কৰিছে। ফলত সমষ্টিটোত বিজেপি দলৰ হৈ কোনে প্ৰাৰ্থীত্ব লাভ কৰিব তাকে লৈ অব্যাহত আছে জল্পনা কল্পনা। 

বৰ্তমানৰ সাংসদগৰাকীৰ সলনি নতুন মুখৰ প্ৰাৰ্থী প্ৰত্যাশী বহুকেইজনৰ নাম চৰ্চালৈ আহিছে। ইফালে আঞ্চলিক দল বি পি এফেও উক্ত মঙ্গলদৈ সমষ্টিটো বিজেপিক এৰি দিয়া বুলি চৰ্চা অব্যাহত আছে। ইয়াৰ মাজতে কালি ওদালগুৰিৰ এক অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী আৰু বৰ্তমানৰ সাংসদ ৰমেন ডেকাই কৰিলে কেতবোৰ বিস্ফোৰক মন্তব্য। 

বৰ্তমানৰ মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ ৰমেন ডেকাক ওচৰত ৰাখি ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে সংবাদ মাধ্যমৰ সন্মুখত কয় "আমাৰ বি পি এফ আৰু বি জে পিৰ একো প্ৰব্লেম নাই। ৰমেন দা যদি প্ৰাৰ্থী হয় তেন্তে আমি সকলোৱে আছো তেওঁৰ বাবে"। 

সাংসদ বিশ্বজিৎ দৈমাৰীৰ এই ভাষ্য‌ৰ দ্বাৰা মংগলদৈ লোকসভা সমষ্টিটোত পুনৰ ৰমেন ডেকাক প্ৰাৰ্থীত্ব প্ৰদানৰ ইংগিত বহন কৰে। যিসময়ত বৰ্তমানৰ ৰাজ্য চৰকাৰখন বি পি এফৰ আশীৰ্বাদতহে বৰ্তি আছে বুলিব পাৰি, তেনে সময়ত বিপিএফৰ সাংসদগৰাকীৰ এনে ভাষ্য‌ই বিজেপিৰ ভিতৰচৰাত খলকনিৰ সৃষ্টি কৰাটো স্বাভাৱিক। 

মংগলদৈ লোকসভা সমষ্টিটোৰ বাবে বিজেপি দলটোৰ বহুকেইজন নতুন মুখৰ নেতাই প্ৰতিদ্বন্দীতা কৰাৰ ইচ্ছা কৰা বুলি ৰাজহুৱাকৈ ঘোষণা কৰিছে। সেই সন্দৰ্ভত বৰ্তমানৰ সাংসদ ৰমেন ডেকাক প্ৰশ্ন কৰাত ডেকাই কয় "বি জে পি আৰু বিপিএফৰ মাজত মিত্ৰতা অব্যাহত আছে। যিহেতু বি পি এফে সমৰ্থন কৰিছে গতিকে উক্ত সমষ্টিত বিজেপিৰ জয় নিশ্চিত। 

ৰাজনীতিৰ পথাৰত বহুতৰে নাম উচ্চাৰিত হৈ থকাটো স্বাভাৱিক। কিয়নো সকলোৰে টিকট বিচৰাৰ অধিকাৰ আছে। ম‌ই যিহেতু ইয়াত বিজেপিৰ প্ৰাৰম্ভিক অৱস্থাৰ পৰাই আছো গতিকে ম‌ই টিকট পোৱাটো নিশ্চিত। কিন্তু দলেহে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু বিশ্বজিৎ দৈমাৰীৰ দৰে ৰাজনৈতিক নেতা থাকিলে ম‌ই হেট্ৰিক মৰাটো নিশ্চিত।" বুলি কয়৷

ইফালে অ গ পৰ সৈতে পুনৰ মিত্ৰতা সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত ডেকাই কয় এই সন্দৰ্ভত দলে সিদ্ধান্ত গ্ৰহণ কৰিব যদিও মোৰ কোৱাৰ অধিকাৰ নাই। দলে নিশ্চিতভাৱে ভাবি চিন্তি এটা সুস্থ সিদ্ধান্ত লব বুলিও তেওঁ মত প্ৰকাশ কৰে। দুয়োগৰাকী সাংসদৰ এই ভাষ্য‌ই স্বাভাৱিকতে যে ৰাজ্যৰ ৰাজনীতিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব তাক নুই কৰিব নোৱাৰি।