newsnextone.com | ওদালগুৰিঃ বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিটিএডিৰ ওদালগুৰি জিলাৰ দুই পৰীক্ষাৰ্থীয়ে জিলা খনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়৷ টংলাস্থিত নেশ্যনেল পায়নীয়েৰ জুনিয়ৰ কলেজৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ উচ্চতৰ মাধ্যমিকৰ ফলাফলত ৰাজ্যৰ ভিতৰতে বাণিজ্য শাখাত স্থান লাভ কৰি জিলা খনক জিলিকাই তোলে টংলাৰ দুই শিক্ষাৰ্থীয়ে। 

টংলাস্থিত নেশ্যনেল পায়নীয়েৰ জুনিয়ৰ কলেজৰ পৰা বাণিজ্য শাখাত পঞ্চম স্থান দখল কৰে মেধাবী ছাত্ৰ মোহন প্ৰধান আৰু ষষ্ঠ স্থান দখল কৰে বিধি বেৰিয়াই৷
মোহন প্ৰধানে আটাইকেইটা বিষয়ত লেটাৰ নম্বৰসহ ৪৬১ নম্বৰ লাভ কৰি পঞ্চম স্থান লাভ কৰাৰ লগতে বিধি বেৰীয়াই ৪৬০ নম্বৰ লাভ কৰি ষষ্ঠ স্থান লাভ কৰে।

উল্লেখ্য যে, মোহন প্ৰধানে হাইস্কুল শিক্ষান্ত পৰীক্ষাতো সমগ্ৰ ৰাজ্যৰ ভিতৰতে বিংশ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। দুয়োগৰাকী শিক্ষাৰ্থীৰ ফলাপল লাভ কৰাৰ পিছতে বিভিন্ন দল-সংগঠনে শুভেচ্ছা যাচে৷ টংলা চহৰৰ লগতে সমগ্ৰ ওদালগুৰি জিলাত আনন্দৰ জোৱাৰ উঠে৷