চকীদাৰৰ পাছত এইবাৰ ছ'চিয়েল মিডিয়াত ‘ড্ৰাইভাৰ’....কিন্তু কি এই ড্ৰাইভাৰ?

 | by NNO Correspondent  |  0
Printer-friendly version

ওদালগুৰিঃ বিগত দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ পুৰ্বে ছ'চিয়েল মিডিয়াত এক বিশেষ চৰ্চা লাভ কৰা বিষয়টো আছিল "চকীদাৰ"। দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজকে দেশখনৰ চকীদাৰ হিচাপে ঘোষণা কৰাৰ লগে লগে বহুসংখ্যক বিজেপি কৰ্মকৰ্তা, শুভাকাংশীয়ে ফেচবুক, টুইটাৰ ইত্যাদিত নিজৰ নামৰ আগত চকীদাৰ লিখি একপ্ৰকাৰ নৰেন্দ্ৰ মোডী তথা বিজেপি দলটোক সমৰ্থন জনাইছিল। 

কি বিজেপিৰ কেন্দ্ৰীয় সভাপতি, কি বিজেপিৰ প্ৰভাৱশালী মন্ত্ৰী? 

সকলোৱে ছ’চিয়েল মিডিয়াত নিজৰ নামটোৰ আগত চকীদাৰ শব্দৰ ব্যৱহাৰ কৰিলে। ফলত চকীদাৰ শব্দটো ভাইৰেল হৈ পৰিছিল। এই চকীদাৰ শব্দটোৰ বিপৰীত তথা খুহুতীয়া ব্যাখ্যা কৰি বিতৰ্কত সোমাই পৰিছিল বিৰোধী দলসমূহ। নিৰ্বাচনৰ অভিলাসী ফলাফলৰ অন্তত মোডীয়ে তেওঁৰ সমৰ্থক তথা শুভাকাংশীসকলক চকীদাৰ শব্দটো আতৰাবলৈ অনুৰোধ কৰাত সকলোৱে ছ’চিয়েল মিডিয়াত নিজৰ নামটোৰ আগৰ পৰা চকীদাৰ শব্দটো আতৰাই দিছিল। 

কিন্তু এইবাৰ পুনৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আন এটা শব্দ। শব্দটো হৈছে ‘ড্ৰাইভাৰ’। কিন্তু কি এই ড্ৰাইভাৰ? 

ছ’চিয়েল মিডিয়াত কিয় কাৰ আদেশত একাংশ লোকে ড্ৰাইভাৰ শব্দটো ব্যৱহাৰ কৰিছে? এয়াকে লৈ সৰ্বতে চৰ্চাৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে এই ড্ৰাইভাৰ শব্দটো কোনো লোকক সমৰ্থন কৰি নিজৰ নামৰ আগত লিখা হোৱা নাই। ই হৈছে এক মৌন প্ৰতিবাদী ভাষা। ৰাজ্যৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বিৰুদ্ধে ৰাজ্যৰ একাংশ টেট' শিক্ষকে মৌনভাৱে গ্ৰহণ কৰা এক প্ৰতিবাদ। 

ইয়াকে লৈ ছ'চিয়েল মিডিয়া ফেচবুকত খলকনিৰ সৃষ্টি হৈছে। জানিব পৰা মতে ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে এক মাধ্যমযোগে ৰাজ্যৰ শিক্ষা ব্যৱস্থা সন্দৰ্ভত পোনপটীয়া অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। অনুষ্ঠানটোত ফোনযোগেও মন্ত্ৰীগৰাকীক প্ৰশ্ন সোধাৰ সুবিধা কৰা হৈছিল। বিভিন্নজনে শিক্ষামন্ত্ৰীগৰাকীক বিভিন্ন প্ৰশ্ন কৰাত মন্ত্ৰীগৰাকীয়ে প্ৰশ্নসমূহৰ উত্তৰ দি গৈছিল। 

তেনে সময়তে এগৰাকী টেট' উত্তীৰ্ণ ঠিকাভিত্তিক কৰ্মৰত শিক্ষক এগৰাকীয়ে মন্ত্ৰীগৰাকীক নিয়মীয়াকৰণৰ বিজ্ঞাপন সন্দৰ্ভত প্ৰশ্ন কৰি কৈছিল যে যিহেতু তেওঁলোকৰ টেট' চাৰ্টিফিকেটখনৰ ম্যাদ বৰ্তমান উকলি গৈছে আৰু তেওঁলোকে বৰ্তমান উক্ত চাৰ্টিফিকেটখনেৰে নিয়মীয়াকৰণৰ বিজ্ঞাপনত আবেদন কৰিব পাৰিব নে নাই? বা এই সন্দৰ্ভত কি ব্যৱস্থা আছে? 

উক্ত প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কৈছিল যে তেওঁলোকে বৰ্তমানৰ বিজ্ঞাপনত আবেদন কৰিব নোৱাৰে যিহেতু তেওঁলোকৰ টেট' চাৰ্টিফিকেটসমূহৰ ম্যাদ উকলি গৈছে। লগতে শিক্ষামন্ত্ৰীগৰাকীয়ে এক উদাহৰণসহ কৈছিল যে যেনেকৈ এজন ড্ৰাইভাৰে নিজৰ অনুজ্ঞাপত্ৰখনৰ ম্যাদ উকলি যোৱাৰ অন্তত পুনৰ পৰিবহন কাৰ্যালয়লৈ গৈ ম্যাদ বঢ়াব লাগে, ঠিক তেনেদৰে টেট' চাৰ্টিফিকেটৰ ম্যাদ উকলা শিক্ষকসকলেও পুনৰ টেট' পৰীক্ষাত উত্তীৰ্ণ হৈ চাৰ্টিফিকেটৰ ম্যাদ বঢ়াব লাগিব। 

এই উত্তৰৰ পাছতে শিক্ষক সমাজত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়া। লগে লগেই শিক্ষামন্ত্ৰীগৰাকীৰ এনে কাৰ্যক একাংশ শিক্ষকে ছ’চিয়েল মিডিয়াযোগে দুখ প্ৰকাশ কৰি এগৰাকী শিক্ষামন্ত্ৰীয়ে শিক্ষক সমাজক ড্ৰাইভাৰৰ লগত তুলনা কৰা কাৰ্যক দুৰ্ভাগ্যজনক আখ্যা দিয়ে। ইয়াৰ পাছত টেট' শিক্ষকসকল ছ'চিয়েল মিডিয়াযোগে একগোট হৈ চৰকাৰক বিষয়টো দৃষ্টিগোচৰ কৰাৰ উদ্দেশ্যে প্ৰত্যেকে নিজৰ নামৰ আগত ড্ৰাইভাৰ লিখি প্ৰতিবাদ কৰাৰ ঠিৰাং কৰে। 

ফলত ইতিমধ্যে ছ'চিয়েল মিডিয়াত এজনৰ পাছত এজন টেট' শিক্ষকৰ নামৰ আগত ড্ৰাইভাৰ শব্দৰ ব্যৱহাৰ হোৱা আৰম্ভ হৈছে। অভিযোগ অনুসৰি ৰাজ্যৰ প্ৰায় চল্লিশ সহস্ৰাধিক ঠিকাভিত্তিক টেট শিক্ষকক চৰকাৰখনে নিয়মীয়াকৰণৰ আশ্বাস দি বৰ্তমানলৈ নিয়মীয়াকৰণ কৰা নায়। শিক্ষক সমাজে শিক্ষকতা বৃত্তিক এনেদৰে অপমান নকৰি এইসকল শিক্ষকক নিয়মীয়াকৰণ কৰিবলৈ দাবী উত্থাপন কৰিছে। এইসন্দৰ্ভত আগন্তুক দিনত ঠিকাভিত্তিক টেট শিক্ষকসকলে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ কথাও জানিব পৰা গৈছে।