ওদালগুৰিঃ প্ৰকৃতিৰ ৰম্য ভূমি খ্যাত ভৈৰৱকুণ্ড পৰ্যটন দিৱসলৈ মাজত মাথো কেইটামান দিন৷ স্থানীয় ৰাইজ, বিধায়ক, প্ৰশাসন সকলোৱে এতিয়া ব্যস্ত হৈ পৰিছে মহোৎসৱকলৈ৷ ষষ্ঠ বাৰ্ষিক ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ অনুষ্ঠিত কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলি থকা পৰিলক্ষিত হৈছে৷

ওদালগুৰি জিলাৰ উত্তৰে অসম-অৰুণাচল প্ৰদেশ আৰু চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ ত্ৰিৱেণীসংগমস্থলীত ভৈৰৱকুণ্ড বনভোজস্থলীত লোকে লোকাৰণ্য পৰিৱেশ। নতুন বছৰৰ সময়ছোৱাত প্ৰকৃতিৰাণী ভৈৰৱকুণ্ডৰ বুকুত ইতিমধ্যে প্ৰতিদিনে প্ৰতিদিনে হাজাৰ হাজাৰ লোক সমবেত হয়৷ প্ৰকৃতিপ্ৰেমী তথা দেশী-বিদেশী পৰ্যটক অহা পৰিলক্ষিত হৈছে। ভূটান পাহাৰৰ বুকু ফালি বৈ অহা ধনশিৰি নৈৰ কুলু কুলু শব্দই বনভোজস্থলীক সোণত সুৱগা পৰিৱেশৰ সৃষ্টি কৰে।

ইফালে বনভোজস্থলীৰ পৰা কিছু নিলগত অৱস্থিত ভূটান প্ৰদেশলৈ অনায়সে গৈ ভূটানৰ লোকসকলৰ জনজীৱনৰ বিষয়ে জানিব পাৰি। আনহাতে অসমৰ গাতে লাগি থকা ভূটানৰ জমোতস্বাংখা জিলাৰ ওলোমা দলংখনেও প্ৰকৃতিপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। ওলোমা দলংখনত উঠি সমগ্ৰ ভৈৰৱকুণ্ড বনভোজস্থলীৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰিব পৰা যায়। যিকোনো নাগৰিক প্ৰকৃতিপ্ৰেমীয়ে এই মনোমোহা পৰিৱেশ অনায়সে উপভোগ কৰিব পাৰে।

ইয়াৰোপৰি ভৈৰৱকুণ্ড মহোৎসৱস্থলীৰ গাতেই লাগি আছে অসম বিখ্যাত মানৱসৃষ্ট অৰণ্যখন। প্ৰায় ছয়খন গাঁৱৰ প্ৰকৃতিপ্ৰেমী লোকৰ প্ৰচেষ্টাত গঢ় লৈ উঠা এই মানৱসৃষ্ট অৰণ্যখনলৈ ইতিমধ্যে প্ৰকৃতিপ্ৰেমীৰ আগমণ ঘটিছে। ২০০৭চনৰ এপ্ৰিল মাহৰ পৰা প্ৰায় ২২বৰ্গকিল'মিটাৰ এলেকা সামৰি ৫৫০০ বিঘা মাটিত স্থানীয় লোকে বহু মূল্যৱান গছপুলি ৰোপন কৰিছে। বৰ্তমানলৈ প্ৰায় চৈধ্য লাখ জোপা বিভিন্ন প্ৰজাতিৰ গছ মানৱসৃষ্ট অৰণ্যত ৰোপন কৰা বুলি জানিব পৰা যায়।

প্ৰাকৃতিক বিনন্দীয়া পৰিৱেশ চাবলৈ দেশৰ ভিন্ন প্ৰান্তৰ লগতে বহু বিদেশী পৰ্যটকৰ দলেও ইতিমধ্যে অৰণ্যখনত পদাৰ্পন কৰিছে। বিশেষকৈ বনভোজৰ বতৰৰ লগতে প্ৰতি বছৰে অনুষ্ঠিত হৈ অহা ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱৰ সময়ত মানৱসৃষ্ট অৰণ্যত প্ৰকৃতিপ্ৰেমীয়ে ভিৰ কৰা দেখা যায়। এইবেলিও চলিত মাহৰ ১৭ জানুৱাৰীৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱত প্ৰকৃতি প্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰিব অৰণ্যৰ লগতে ওলোমা দলংখনে।

মহোৎসৱৰ সৈতে অনুষ্ঠিত হ’বলগীয়া বিভিন্ন প্ৰতিযোগীতাৰ লগতে মেলাত বিভিন্ন ধৰণৰ ভূটানী কুকুৰৰ পৰা আদি কৰি পকা মিঠা কমলাৰ লগতে থলুৱা উৎপাদিত ষ্ট্ৰবেৰীয়েও দৰ্শকৰ কেন্দ্ৰবিন্দু হৈ পৰা দেখিবলৈ পোৱা যায়। অলপ সময় উলিয়াই পৰিয়ালৰ সৈতে ভৈৰৱকুণ্ডলৈ আহি উপভোগ কৰক প্ৰকৃতিৰ মধুৰ পৰিৱেশ। ব্যস্ত জীৱনটোত উশাহ লবলৈ পাহৰিছে তেন্তে তেন্তে আপুনি প্ৰকৃতিৰ ৰম্য ভূমি খ্যাত ভৈৰৱকুণ্ডলৈ আহক৷ প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশৰ মাজত আপোন পাহৰা হ’ব পাৰিব ভৈৰৱকুণ্ডত।