নগাঁও/গোৰেশ্বৰ/খেৰণিঃ দেশৰ চৰকাৰে ৰূপায়ন কৰা গ্ৰাম স্বৰাজ অভিযানৰ অধিনত শুকুৰবাৰে সমগ্ৰ দেশৰ লগতে অসমতো বিভিন্ন প্ৰান্তত উজ্জ্বলা দিৱস পালন কৰা হয়৷ ৰাজ্যৰ খনৰ বিভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাতো উজ্জ্বলা দিৱস পালন কৰা হয়৷  বাক্সা জিলাৰ এইচ পি গেছৰ নোডেল বিষয়া অনীশ দেৱে বাক্সা জিলাৰ গোৰেশ্বৰৰ ৰামপুৰ, নিকাচী, দৰংগা, বৰিমাখা, নাগ্ৰীজুলি, শালবাৰী, মুছলপুৰ, শিমলা, তামুলপুৰ আৰু দ্বাৰকুছিত উজ্জ্বলা দিৱস পালন কৰা হয় বুলি জানিবলৈ দিয়ে। 

জিলা খনৰ গোৰেশ্বৰ এইচ পি গেছ এজেন্সীৰ উদ্যোগত উজ্জ্বলা দিৱস পালন কৰা হয়। বাক্সা জিলাৰ গোৰেশ্বৰ ৰামপুৰ গোসাঁই হাউলীত এশ গৰাকী জৰিদ্ৰ মহিলাক বিনামূলীয়া গেছৰ সংযোগ দিয়া হয়। গোৰেশ্বৰ এইচ পি গেছ এজেন্সীৰ স্বত্বাধিকাৰী পুলেন হাজৰিকাই আঁতধৰা সভাত বিটিচিৰ ইএম মহেশ্বৰ বসুমতাৰী, গোৰেশ্বৰ টাউন সমিতিৰ অধ্যক্ষ ধনঞ্জয় বসুমতাৰী, স্থানীয় গাওঁবুঢ়া আৰু কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে। 

সভাত ই এম মহেশ্বৰ বসুমতাৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ এনে আঁচনিয়ে দৰিদ্ৰ জনসাধৰণক উপকৃত কৰাৰ লগতে এনে আচঁনিয়ে গাঁও সমূহক প্ৰদূষণ মুক্ত কৰাতো সহায় কৰিব বুলি আশা ব্যক্ত কৰে। আঁচনি সমূহ যাতে গাঁৱৰ লোকক এলেহুৱা নকৰে তাৰ বাবে গাঁৱৰ লোকসকলে চৰকাৰে দিয়া আঁচনিৰ লগে লগে নিজেও পৰিশ্ৰম কৰি যাব লাগ বুলি ভাষণত কয়। 

উল্লেখ্য যে, গোৰেশ্বৰ এইচ পি গেছ এজেন্সী অন্তৰ্গত ৯১০১টা বিনামূলীয়া গেছ সংযোগ উজ্জ্বলা যোজনাৰ অধীনত অনুমোদিত হৈছে আৰু ইয়াৰে ৭৯৪০ টা সংযোগ ইতিমধ্যে দিয়া হৈছে। সভাত ৰন্ধন গেছ ব্যৱহাৰ কৰাৰ নিয়ম, সুৰক্ষা সম্বন্ধীয় দিশ সম্পৰ্কত প্ৰদৰ্শনী কৰা হয়। গেছ এজেন্সীটোৰ অন্তৰ্গত বৃহত্তৰ গোৰেশ্বৰ অঞ্চলটোত মুঠ ৩৩ খন গাঁৱত ধোঁৱামুক্ত গাঁও হিচাপে গঢ়ি তুলি ৰন্ধন গেছ সংযোগৰ লক্ষ্য গ্ৰহণ কৰা হৈছে। অহা ৫ মে'ৰ ভিতৰত সমগ্ৰ বাক্সা জিলাত মুঠ ২৬০ খন গাঁৱক ধোঁৱাবিহীন কৰি প্ৰদূষণ মুক্ত কৰাৰ বাবে উজ্জ্বলা যোজনাৰ অধীনত লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

NNO নগাঁওঃ গ্ৰাম্য স্বৰাজ অভিযানৰ অধীনত প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ দ্বাৰা দেশৰ ১৫০০০ পঞ্চায়তত শুকুৰবাৰে উজ্জ্বলা দিৱস পালন কৰা হয়৷ নগাঁও জিলাৰ সদৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দক্ষিণপাটতো উজ্জ্বলা দিৱস পালন কৰা হয়। 

পাখিমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত দক্ষিণপাটত কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোঁহাইৰ পত্নী তথা বিজেপিৰ নগাঁও জিলা মহিলা মৰ্চাৰ মুখ্য উপদেষ্টা ৰীতা গোঁহাইৰ উপস্থিতিত এই দিৱস পালন কৰা হয়৷ ৰীতা গোঁহাই কয় যে ভাৰত চৰকাৰে ২০১১ চনত চলোৱা আৰ্থ সামাজিক জৰীপৰ ভিত্তিত দেশৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা পৰিয়াল সমূহৰ মহিলা আৰু যুৱতীসকল ধোঁৱামুক্ত পৰিৱেশত ৰন্ধা বঢ়া কৰি সু-স্বাস্থ্যৰ অধিকাৰী হৈ জীয়াই থাকিব পৰাৰ প্ৰতি লক্ষ্য ৰাখি এই আঁচনি খন ২০১৬ চনৰ পহিলা মেত উত্তৰ প্ৰদেশৰ বালিয়া জিলাত শুভাৰম্ভ কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

উপযুক্ত হিতাধিকাৰীকে এই আঁচনিৰ জৰিয়তে সামৰি লোৱা হৈছে। উজ্জ্বলা দিৱসৰ অনুষ্ঠানত সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা উপস্থিত থাকি ২০২০ চনলৈ যাতে এই আঁচনিৰ পৰা কোনো হিতাধিকাৰী বঞ্চিত নহয় তাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা বুলি মন্তব্য প্ৰকাশ কৰে। বিধায়কগৰাকীয়ে লগতে কয় যে এই আঁচনিৰ জৰিয়তে মহিলা-যুৱতীসকল যথেষ্ট পৰিমাণে লাভৱান হব। ৰন্ধন গেছ বিতৰকৰ জৰিয়তে অনুষ্ঠিত কৰা এল পি জি পঞ্চায়তত হিতাধিকাৰীসকলক গেছ ব্যৱহাৰ, তাৰ নিৰাপত্তা , স্বাস্থ্য সন্মত ব্যৱহাৰ সম্পৰ্কত জ্ঞান দিয়াৰ লগতে নতুন হিতাধিকাৰীসকলৰ মাজত ৰন্ধন গেছ সংযোগ বিতৰণ কৰা, প্ৰধানমন্ত্ৰী উজলা যোজনাৰ প্ৰসাৰ আৰু প্ৰচাৰ কৰা আৰু হিতাধিকাৰীসকলৰ পৰা কে ৱাই চি সংগ্ৰহ কৰা হয়। 

পাখিমৰীয়া উন্নয়ন খণ্ডৰ ৩৩ গৰাকী এছটি আৰু এছচি হিতাধিকাৰীক এল পি জি গেছ বিতৰণ কৰা হয় অনুষ্ঠানত৷ ভাৰতীয় তেল নিগমৰ উপ মহা প্ৰৱন্ধক মোস্তাফা আহমেদ, ৰণ ইন্ধনৰ স্বত্বাধিকাৰী, নগাঁও জিলা বিজেপিৰ উপ-সভাপতি বাবুল বৰা, সাধাৰণ সম্পাদক ৰঞ্জিত বৰদলৈ, কঠিয়াতলি ব্লক সভাপতি পোনা বৰা, ময়ূৰী মহন্তকে ধৰি বিজেপিৰ কেইবাগৰাকী দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰাৰ লগতে প্ৰায় চাৰিশতাধিক লোক উপস্থিত থাকে। উজলা দিৱসৰ লগত সংগতি ৰাখি জিলাখনৰ ১৭টা ৰন্ধন গেছ বিতৰকৰ জৰিয়তে ১৭০০ হিতাধিকাৰীকে বিনামূলীয়াকৈ ৰন্ধন গেছ বিতৰণ কৰা হৈছে৷

NNO খেৰণিঃ ২০১৬ চনৰ ১ মে’ত উত্তৰ প্ৰদেশৰ বালিয়াত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিছিল উজ্জ্বলা আঁচনি। এই আঁচনিখন ভাৰত চৰকাৰৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰনালয়ৰ দ্বাৰা ৰূপায়ন কৰা হৈছিল। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ৰ দ্বাৰা ৰূপায়ন কৰা কল্যানমূখী আঁচনি খনে দেশখনৰ প্ৰায় ৫ কোটি দৰিদ্ৰ পৰিয়ালৰ মহিলাক সহায় কৰিছে৷

যিসকল মহিলা দৰিদ্ৰ সীমাৰেখাৰ তলৰ, ইন্ধনৰ পৰা হ'ব পৰা স্বাস্থ্যজনিত ৰোগ হ্ৰাস কৰা, ইন্ধনৰ পৰা হোৱা মৃত্যুৰ পৰিমাণ হ্ৰাস কৰা ঘৰৰ ভিতৰত অপৰিশোধিত ইন্ধনৰ দহনৰ ফলত হোৱা বায়ু প্ৰদুষণে লৰা ছোৱালীৰ ক্ষেত্ৰত দেখা দিয়া শ্বাস প্ৰশ্বাসজনিত সমস্যাৰ হ্ৰাস কৰাৰ উদ্দেশ্যে এই আঁচনি ৰূপায়ন কৰা হৈছে৷ আঁচনিৰ জৰিয়তে উজ্জ্বলা দিৱসৰ লগত সংগতি ৰাখি একে সময়তে সমগ্ৰ ভাৰতবৰ্ষত দাৰিদ্ৰ পৰিয়ালৰ ১৫ লাখ মহিলাক বিনামূলীয়াকৈ ৰন্ধন গেছ বিতৰণ কৰাৰ কথা প্ৰধান মন্ত্ৰী মোডীয়ে ঘোষণা কৰিছিল। 

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ এম এছ ডেৰা ইণ্ডেণ্ট গ্ৰামীণ বিতৰক নামৰ প্ৰতিষ্ঠানটোৱে শুকুৰবাৰে খেৰণি হাইস্কুলত এখন ৰাজহুৱা সভা আয়োজন কৰে। সভাতস্থানীয় বিধায়ক ডা০ মানছিং ৰংপি, ৭ নং কপিলী সমষ্টিৰ পৰিষদীয় সদস্য পাৱান কুমাৰ, পৰিষদীয় ৯ নং আমৰেং সমষ্টিৰ সদস্য ৰিনা তেৰাংপি, খাদ্য অসামৰিক যোগান বিভাগ( হামৰেন) পৰিদৰ্শক পি কে দাস উপস্থিত থাকে।

সভাত ভাষণ প্ৰদান কৰি স্থানীয় বিধায়ক ডা০ মান ছিং ৰংপীয়ে মহিলাসকলে জংঘলত খৰি কাটিবলৈ যোৱাৰ সময়ত বহুত সাৱধানতা অৱলম্বন কৰিব লগীয়া হয় আৰু বহু সময়ত হয়তো বহু অকল্পিত সমস্যাৰ সন্মুখীন হবলগীয়া হয়  বুলি কয় ৰংপিয়ে। তেনেবোৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে ৰন্ধন গেছ দিয়াৰ ব্যৱস্থা কৰি দিছে৷ পুৱা শুই উঠি খৰি কাটিবলৈ যোৱাৰ বিপৰীতে গেছ অনিবলৈ যোৱাটোতহে অগ্ৰসৰ হবলৈ আহ্বান কৰে মহিলাসকলক। সভাত প্ৰতিষ্ঠানটোৱে ৰন্ধন গেছ বিতৰণ কৰাৰ লগতে ৰন্ধন গেছ ব্যৱহাৰ আৰু লবলগীয়া সাৱধানতাৰ সম্পর্কে জ্ঞান প্ৰদান কৰে।