ওদালগুৰিঃ পৰেশ পন্থী আলফাৰ নামনি অসমৰ অন্যতম নেতা আলফাৰ দৰং-ওদালগুৰিৰ চাৰ্জেন্ট মেজৰ ৰাজেন ডেকা ০১ ডিচেম্বৰৰ পুৱতি নিশা সেনা-আৰক্ষীৰ গুলীত নিহত হয়৷ দৰং জিলাৰ বালিপোতাৰ আলফা নেতাগৰাকীক নিশা ওদালগুৰি জিলাৰ অন্তৰ্গত টংলাৰ ছৈবাৰীৰ খৈৰাপাৰা গাঁৱত সেনাৰ গুলীত নিহত হয়। খবৰ অনুসৰি নিশা টংলাৰ নলবাৰী নামৰ ঠাইত এঘৰ লোকৰ ঘৰত আলফা নেতাগৰাকীয়ে বাহৰ পাতি আছিল৷ বিশেষ সুত্ৰ যোগে উক্ত খবৰ লাভ কৰে সেনা-আৰক্ষীয়ে৷

তাৰ পিছতে সস্তম হৈ পৰে সেনা-আৰক্ষী৷ সেনা আৰক্ষীয়ে মুহূৰ্ততে অঞ্চলটো ঘেৰি লয়৷ ঘেৰি লৈ প্ৰায় দুঘন্টা অভিযান চলাই সেনা-আৰক্ষীয়ে। ওদালগুৰি জিলাৰ আৰক্ষী অধীক্ষক ৰাজবীৰ সিঙৰ নেতৃত্বত চলোৱা এই অভিযানত অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি হয়৷ আৰক্ষীৰ দলৰ লগতে সেনাবাহিনীৰ বৃহৎ দলে গাঁও খনত প্ৰবেশ ফলত সেনা-আৰক্ষীৰ বেহুৰ পৰা সাৰি যাবলৈ গুলী চালনা কৰিছিল যদিও নিজৰ বন্দুকেৰে আত্মহত্যা কৰা বুলি অভিযোগ উত্থাপন হয়৷

তাৰ মাজতে আলফা নেতা ৰাজেন ডেকাৰ দুই দেহৰক্ষীক আটক কৰে আৰক্ষীয়ে। জিলাখনৰ পাকিমুড়ীৰ পৰা আৰক্ষীয়ে মঙলবাৰে নিশা অভিযান চলাই আটক কৰে মৃত আলফা নেতা ৰাজেন ডেকাৰ দুই দেহৰক্ষী ক্ৰমে মৃদুল ডেকা ওৰফে মোহন আৰু ধ্ৰুৱ নামৰ দুই দেহৰক্ষীক। আলফাৰ ছাৰ্জেণ্ট মেজৰগৰাকীৰ দুই দেহৰক্ষীক আটক কৰা বুলি সদৰী কৰে ওদালগুৰি আৰক্ষী অধীক্ষক ৰাজবীৰ সিঙে।