• চিকিৎসালয়ৰ বিছনাৰ পৰাই নিজ কৰ্তব্য সম্পাদনত ব্যস্ত এজন ক'ভিড যোদ্ধা
  • ক'ভিডত আক্ৰান্ত স্বাস্থ্য কৰ্মী সঞ্জুমনি বৰাৰ স্বাস্থ্যৰ বুজ ল'লে বিধায়ক মৃণাল শইকীয়াই

  

গোলাঘাটঃ ক'ৰণা অতিমাৰীৰ দ্বিতীয় ঢৌৰ কবলত এতিয়া সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্য। কিন্তু প্ৰথমবাৰৰ দৰে এইবাৰো ফ্ৰণ্টলাইন ক'ভিড যোদ্ধা সকলে নিজৰ দায়িত্ব পালনত অলপো হেমাহি প্ৰদৰ্শন কৰা নাই।  চিকিৎসালয়ৰ বিছনাৰ পৰাই নিজ কৰ্তব্য সম্পাদন কৰিবলগা হৈছে এজন ক'ভিড যোদ্ধাই।উল্লেখ্য যে দীৰ্ঘদিন ধৰি কৰ্তব্যত কোনো ধৰনৰ গাফিলতি নকৰাকৈ নিষ্ঠাসহকাৰে স্বাস্থ্য কেন্দ্ৰত নিজৰ দায়িত্ব সম্পাদন কৰি অৱশেষত যোৱা ২৩মে'ত ক'ভিডত আক্ৰান্ত হৈ খুমটাই ক'ভিড কেয়াৰ চেন্টাৰত চিকিৎসাধীন হৈ আছে বি.পি.এম.সঞ্জুমনি বৰা। 

গোলাঘাট জিলাৰ চাৰিঙীয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বি.পি.এম.সঞ্জুমনি বৰাই চিকিৎসালয়খনৰ অন্তৰ্গত দহখন ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু এখন মডেল হস্পিটেলৰ বাবে নিৰ্দিষ্ট সময়ত গ্ৰহণ কৰিবলগা আচঁনিসমূহ নিৰ্দিষ্ট সময়তেই গ্ৰহণ কৰি নিয়মিতভাৱে স্বাস্থ্য কেন্দ্ৰসমূহক প্ৰয়োজনীয় তথ্য যোগান ধৰাৰ লগতে স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত সন্মুখৰ পৰা আগভাগ লৈ আহিছিল। বিশেষকৈ এই ক'ৰণা মহামাৰীৰ জটিল ক্ষণত এই গৰাকী স্বাস্থ্য কৰ্মীয়ে এজন ফ্ৰণ্টলাইন ক'ভিড যোদ্ধা হিচাপে কাম কৰি আহিছিল। বৰ্তমান সঞ্জুমণি চিকিৎসাধীন অৱস্থাত আছে যদিও চিকিৎসালয়ৰ বিচনাৰ পৰাই তেওঁ সম্পাদন কৰিবলৈ লৈছে নিজ কৰ্তব্য। 

আজি খুমটাই বিধান সভা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া চিকিৎসালয়খনত উপস্থিত হৈ সঞ্জুমনিৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে চাৰিঙীয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত সকলো ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিশেষকৈ (ক'ভিড আক্ৰান্তসকলৰ) সামগ্ৰিক পৰিস্থিতিৰো বুজ লয়।