ভিয়েটনাম যুদ্ধৰ সময়ত আমেৰিকাই উত্তৰ ভিয়েটনামত বোমা বৰ্ষণৰ বাবে থাইলেণ্ডৰ বিমান বন্দৰসমূহ ব্যৱহাৰ কৰিছিল। হাজাৰ হাজাৰ মাৰ্কিন সৈন্যই থাইলেণ্ডত বাহৰ পাতিছিল আৰু ইয়াৰে বহু সংখ্যকে স্থানীয় মহিলাসকলৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছিল। এই সম্পৰ্কৰ সূত্ৰে শতাধিক থাই মহিলাই অৰ্জন কৰিছিল মাতৃত্ব। 

কিন্তু যুদ্ধ শেষ হোৱাৰ পিছতে অধিকাংশ সেনাই থাই মহিলাসকলক এৰি পুনৰ স্বদেশলৈ প্ৰত্যৱৰ্তন কৰে। যুদ্ধৰ ৫০ বছৰৰ অন্তত নতুন ডিএনএ টেষ্টৰ জৰিয়তে এতিয়া উক্ত সম্পৰ্কসূত্ৰে জন্ম লাভ কৰা সন্তানসকলক তেওঁলোকৰ জৈৱিক পিতৃৰে পৰিচয় কৰাই দিয়া দেখা গৈছে।

১৯৭০ চনত এগৰাকী থাই যুৱতীৰ গৰ্ভৰ পৰা জন্ম লাভ কৰিছিল জেনি ষ্টুবাৰে। স্থান আছিল বেংককৰ পৰা ১৪০ কিলোমিটাৰ দূৰৰ দক্ষিণ-পূব প্ৰান্তৰ ইউ-টাপাও বিমান বন্দৰ আশে-পাশে। জেনিয়ে কয়, ''মোৰ মাই মোক লগত ৰাখিব পৰা নাছিল। তেওঁ মোক তেওঁৰ এগৰাকী ঘনিষ্ঠ বান্ধৱীৰ হাতত অৰ্পণ কৰিছিল। কিন্তু সেই বান্ধৱীগৰাকীয়েও মোক নাৰাখিলে।’’ 

অৱশেষত জেনিক পাৰ্ল এছ বাক ফাউণ্ডেশ্যনত গতাই দিয়া হয়। এই সংগঠনটো হৈছে যুদ্ধৰ সময়ত জন্ম লাভ কৰা অনাকাংক্ষিত সন্তানসকলক (চিল্ড্ৰেন অব ৱাৰ) সহায় কৰা এটি আন্তঃৰাষ্ট্ৰীয় সংস্থা। 

জেনিৰ পিতৃৰ বিষয়ে কোনেও একো নাজানিছিল। কেৱল জানিছিল যে তেওঁৰ পিতৃ ইউ-টাপাও বিমানঘাটিত থকা এগৰাকী মাৰ্কিন সৈনিক। ভিয়েটনাম যুদ্ধৰ সময়ত আমেৰিকাই থাইলেণ্ডত আঠটা বায়ুসেনাৰ ঘাটি আৰু বি-৫২ যুঁজাৰু বিমানৰ বাবে এয়াৰফিল্ড নিৰ্মাণ কৰিছিল। 

১৯৫৬ চনৰ পৰা ১৯৭৩ চন পৰ্যন্ত উত্তৰ কোৰিয়াৰ কমিউনিষ্ট চৰকাৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ হাজাৰ হাজাৰ মাৰ্কিন সৈনিক প্ৰতি বছৰে থাইলেণ্ডলৈ প্ৰেৰণ কৰা হৈছিল। ইউএছ ডিপাৰ্টমেণ্ট অব ভেটাৰ্ন এফেয়াৰ্ছৰ তথ্য অনুযায়ী ভিয়েটনাম আৰু কোৰিয়াৰ যুদ্ধৰ সময়ছোৱাত দক্ষিণ এছিয়াত অতিকমেও ৩৪ লাখ মাৰ্কিন সেনা মোতায়েন কৰা হৈছিল।

শীতল যুদ্ধৰ সময়ত সাম্যবাদী বিচাৰধাৰা বিস্তাৰিত হোৱাৰ আশংকাত বিশেষকৈ 'ডমিনি তত্ব’ক লৈ মাৰ্কিন যুক্তৰাষ্ট্ৰ চিন্তিত হৈ পৰিছিল। 'ডমিনি তত্ব’ অনুসৰি আমেৰিকাই ধাৰণা কৰিছিল যে যদিহে এখনো এছিয়াৰ দেশ সাম্যবাদী আদৰ্শৰে পৰিচালিত হ’বলৈ লয় তেন্তে অঞ্চলটোৰ বাকী দেশসমূহো দ্ৰুতগতিত সেই আদৰ্শৰ প্ৰতি ধাৱিত হৈ পৰিব।

তুলি লোৱা মাতৃৰ সৈতে ২১ দিনীয়া জেনি ষ্টুবাৰ, ফটোঃ বিবিচি

এই আশংকাৰ পৰিপ্ৰেক্ষিততে আমেৰিকাই অঞ্চলটোত যিমান সম্ভৱ হয় সিমান সৈন্য প্ৰেৰণ কৰি গৈছিল। যুদ্ধই যি সময়ত চৰম অৱস্থা লাভ কৰিছিল তেতিয়া থাইলেণ্ডত প্ৰায় ৫০,০০০ মাৰ্কিন সৈন্যই বাহৰ পাতিছিল। ইয়াৰ উপৰিও ভিয়েটনাম যুদ্ধত ভাগ লোৱা হাজাৰ হাজাৰ সৈন্য তথা মাৰ্কিন চৰকাৰৰ সামৰিক বিষয়াৰ দল আৰু পৰ্যবেক্ষণৰ বাবে অহা সেনা বিষয়াসকলেও নিয়মীয়াকৈ থাইলেণ্ডলৈ অহা-যোৱা কৰিছিল।

মাৰ্কিন সেনাৰ ঘাটি স্থাপন হোৱা ঠাইসমূহৰ চাৰিওফালৰ অঞ্চলত নাইটক্লাৱ, ৰেডলাইট এৰিয়াকে আদি কৰি একাধিক মনোৰঞ্জনৰ স্থান গঢ় লৈ উঠিছিল। এই নাইটক্লাৱ আৰু ৰেডলাইট এৰিয়াত কৰ্মৰত মহিলাসকলৰ উপৰিও স্থানীয় যুৱতী-মহিলাসকলৰ সৈতেও বহু মাৰ্কিন সেনাৰ অস্থায়ী সম্পৰ্ক গঢ় লৈ উঠিছিল। পৰিয়ালৰ আৰ্থিক অৱস্থা শোচনীয় হোৱাত বহু স্থানীয় যুৱতীয়ে আমেৰিকালৈ যোৱাৰ আশাৰে মাৰ্কিন সেনা জোৱানসকলৰ সৈতে বিনাদ্বিধাই সম্পৰ্ক গঢ়ি তুলিছিল। এনে ধৰণৰ এক সম্পৰ্কৰ পৰিণতিতেই জন্ম লাভ কৰিছিল জেনিয়ে।

জন্মৰ তিনি সপ্তাহ পিছতে জেনিক থাইলেণ্ডত কৰ্মৰত এক ছুইছ দম্পতীয়ে তুলি লয়। ছুইছ ভাতৃ-ভগ্নীৰ সৈতে ডাঙৰ-দীঘল হোৱা জেনিয়ে বহু দিনলৈ কেতিয়াও নিজকে পৃথক বুলি ভবাই নাছিল। কিন্তু এদিন বেংককৰ এখন দোকানত এগৰাকী মহিলাৰ এটা প্ৰশ্নৰ পিছতে জেনিয়ে নিজকে পৃথক বুলি ভাবিবলৈ বাধ্য হৈ পৰে। জেনিয়ে কয়, ''মহিলাগৰাকীয়ে মোক মাৰ বিষয়ে সুধিছিল। মই মোৰ ছুইছ মালৈ আঙুলিয়াই দিছিলো। তেতিয়া প্ৰশ্ন কৰা মহিলাগৰাকীয়ে মোলৈ আৰু মালৈ আচৰিত হৈ চাইছিল।’’

পিছত তোলনীয়া মাক-দেউতাকে তুলি লোৱা কথাটো জেনিৰ আগত বিৱৰি কয়। জেনিৰ বয়স ১৪ বছৰ হোৱাৰ সময়ত তেওঁলোকে সপৰিয়ালে ছুইজাৰলেণ্ডলৈ উভতি যায়। ছুইজাৰলেণ্ডলৈ গৈ থকাৰ পথতে জেনিয়ে ঠিৰাং কৰিছিল যে এদিন নহয় এদিন তেওঁ নিজৰ প্ৰকৃত মাতৃক বিচাৰিবলৈ আকৌ থাইলেণ্ডলৈ উভতি আহিব আৰু পিতৃৰো সন্ধান কৰিব।

শিশু অৱস্থাত জেনি ষ্টুবাৰ

২০২২ চনত যেতিয়া নতুন প্ৰযুক্তি উদ্ভাৱনৰ ফলত ডিএনএ টেষ্টৰ প্ৰক্ৰিয়া অধিক সহজ হৈ পৰিল তেতিয়া জেনিয়ে আমেৰিকাত থকা নিজৰ পিতৃক বিচাৰি উলিয়াবলৈ সমৰ্থ হয়। কিন্তু এতিয়াও জেনিৰ সন্ধানৰ অন্ত পৰা নাই। সম্প্ৰতি ৫৩ বছৰ বয়সত ভৰি দিয়া জেনিয়ে এতিয়াও অব্যাহত ৰাখিছে নিজৰ থাই মাকৰ সন্ধান। বহু সন্ধান কৰিও কোনো সম্ভেদ নোপোৱাত সম্ভাৱনা কমি আহিছে যদিও এতিয়াও মাকক লগ পোৱাৰ আশা এৰি দিয়া নাই জেনিয়ে।

যুদ্ধ আৰু থাইলেণ্ডৰ ছেক্স পৰ্যটন

যুদ্ধৰ ভয়াৱহতাৰ লগতে অত্যাধিক খৰছ আৰু হতাহতৰ পৰিমাণ বৃদ্ধি হোৱালৈ চাই ১৯৭৩ চনত আমেৰিকাই যুদ্ধ বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰে। ইয়াৰ দুবছৰ পিছত কমিউনিষ্টৰ প্ৰভাৱ নথকা দক্ষিণ ভিয়েটনামো উত্তৰ ভিয়েটনামে নিজৰ দখললৈ নিয়ে আৰু একেলগে ছ’চিয়েলিষ্ট ৰিপাব্লিক অব ভিয়েটনাম গঠন কৰে।

বিপৰীতে যুদ্ধ শেষ হ’লেও আমেৰিকান লোকৰ সঘন আহ-যাহে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত থাইলেণ্ডৰ প্ৰতি সমগ্ৰ বিশ্বৰে দৃষ্টিভংগী সলনি কৰি তোলে আৰু পৰ্যটনে লাভ কৰে এক নতুন মাত্ৰা। ১৯৬০ চনত থাইলেণ্ডত আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা পৰ্যটকৰ সংখ্যা আছিল মাত্ৰ ২ লাখ। ১৯৭০ চনত একেকোবে বাঢ়ি সেয়া ৮ লাখ হয়গৈ আৰু এটা দশক পিছত বিদেশী পৰ্যটকৰ সংখ্যাই ৫০ লাখৰ সীমা অতিক্ৰম কৰে।

ভিয়েটনাম যুদ্ধ অন্তত পৰাৰ ৫০ বছৰ পিছতো থাইলেণ্ড সমগ্ৰ বিশ্বতে সেই যুদ্ধৰ সময়ৰ দৰে মুখ্য পৰ্যটন স্থলী হিচাপে পৰিগণিত হৈ অহাৰ লগতে 'ছেক্স পৰ্যটন’ৰ হাবো হৈ পৰিছে। বিশেষজ্ঞসকল মতে বিশ্ব পৰ্যায়ত থাইলেণ্ডৰ এই পৰিচয় ভিয়েটনাম যুদ্ধৰে অৱদান। 

পিতৃ-মাতৃৰ সন্ধানত মাৰিছ...

জেনি ষ্টুবাৰৰ দৰে মাৰিছ কে প্লি ৰবাৰ্টছকো পাৰ্ল এছ বাক ফাউণ্ডেশ্যনৰ হাতত গতাই দিয়া হৈছিল। ফাউণ্ডেশ্যনৰ মতে ১৯৬৮ চন পৰ্যন্ত তেওঁলোকে ২০০০ৰো অধিক 'আধা থাই আৰু আধা মাৰ্কিন’ শিশুৰ দায়িত্ব লাভ কৰিছিল। এই শিশুসকলৰ আটাইৰে জৈৱিক পিতৃ আছিল থাইলেণ্ডত কৰ্মৰত মাৰ্কিন সেনা জোৱান। 

দক্ষিণ-পূব এছিয়াৰ এই দেশখনত উক্ত সময়ত থাই মহিলা আৰু মাৰ্কিন সেনা জোৱানৰ সম্পৰ্কৰ ফলস্বৰূপে জন্ম লাভ কৰা অনাকাংক্ষিত এইসকল শিশুক বুজাবলৈ 'আমেৰেছিয়ান’ শব্দটোও ব্যৱহাৰ কৰা হৈছিল। ফাউণ্ডেশ্যনে আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা বিবিচিক জনোৱা মতে যুদ্ধৰ শেষত আমেৰিকালৈ উভতি যোৱা থাইলেণ্ডত পিতৃত্ব অৰ্জন কৰা সেনা জোৱানসকলৰ কেৱল মাত্ৰ ৫ শতাংশইহে নিজৰ সন্তানৰ ভৰণ-পোষণৰ বাবে ধন প্ৰেৰণ কৰিছিল। আনকি আৰম্ভণিতে ধন প্ৰেৰণ কৰাসকলৰো অধিকাংশই এবছৰ পিছতে সেয়া বন্ধ কৰি দিছিল।

মাৰিছ ডাঙৰ-দীঘল হৈছিল এটা আঢ্যৱন্ত থাই পৰিয়ালত। আজিৰ তাৰিখত মাৰিছ এগৰাকী প্ৰসিদ্ধ টিভি প্ৰেজেণ্টাৰ। কিন্তু তেওঁৰ শৈশৱ আছিল তেনেই সংঘাতেৰে পৰিপূৰ্ণ। মাৰিছে জনোৱা মতে শিশুকালত আঢ্যৱন্ত পৰিয়ালটোত তেওঁ এগৰাকী শিশু শ্ৰমিক হিচাপে আছিল আৰু কামৰ বিনিময়ত খাবলৈ পাইছিল।

তেওঁ কয়, ''ঘৰত মই মাৰ খাবলগীয়া হৈছিল আৰু মোক সকলোৱে দুৰ্ব্যৱহাৰ কৰিছিল। বিদ্যালয়ত আন শিশুসকলৰ সৈতে কাজিয়া হৈছিল। মোৰ গাৰ ৰং ক’লা হোৱা বাবে সকলোৱে মোক লেতেৰা বুলি ভাবি লৈছিল। সকলোৰে বাবে মই আছিলো দ্বিতীয় শ্ৰেণীৰ মানুহ।’’

ফটোঃ জেনি ষ্টুবাৰ আৰু মাৰিছ (সোঁফালে)

তেওঁ কেবাবাৰো পলায়নৰ চেষ্টা কৰিছিল। ১৭ বছৰ বয়সত তেওঁ সেই আঢ্যৱন্ত পৰিয়ালটোৰ ঘৰৰ পৰা পলাবলৈ সমৰ্থ হয়। তাৰপিছত তেওঁ পটায়াস্থিত ফাউণ্ডেশ্যনৰ সৈতে যোগাযোগ কৰে আৰু উক্ত ফাউণ্ডেশ্যনৰ সহায়ত নিজৰ শিক্ষা সম্পূৰ্ণ কৰে।

শিক্ষা সম্পূৰ্ণ কৰি তেওঁ জনপ্ৰিয় টিভি শ্ব’ত এংকৰ হিচাপে যোগদান কৰে। পিছলৈ তেওঁ নিজাকৈয়ো টিভি শ্ব’ কৰাৰ সুযোগ লাভ কৰে। তেওঁৰ এটা টিভি শ্ব’ৰ নাম আছিল 'মাৰিছ কে’। এই শ্ব’টোতে মাৰিছে দৰ্শকসকলক তেওঁৰ পিতৃ-মাতৃৰ সম্ভেদ দিবলৈ আহ্বান জনাইছিল।

১৯৯৫ চনৰ উক্ত টিভি শ্ব’টোৰ পিছতে মাৰিছৰ মাকে তেওঁক লগ কৰিবলৈ আহিছিল। তেতিয়া মাৰিছৰ বয়স আছিল ৩৪ বছৰ। মাকে তেওঁৰ এপাৰ্টমেণ্টলৈ আহিছিল। মাকক প্ৰথমবাৰ লগ পোৱা সময়খিনিৰ বিষয়ে তেওঁ কয়, ''মই মাক সাবতি ধৰিব বিচাৰিছিলো। কিন্তু সেয়া নকৰিলো। মাক দেখাৰ পিছত মাৰ প্ৰতি থকা অনুভৱখিনি খঙলৈ ৰূপান্তৰিত হৈছিল। মই জানিব বিচাৰিছিলো যে কি কাৰণত মোক এৰি দিছিল।’’

মাৰিছক তেওঁ কৈছিল যে পিতৃ অবিহনে এটি কৃষ্ণাংগ শিশুক তুলি-তালি ডাঙৰ-দীঘল কৰাতো সেই সময়ত এগৰাকী থাই মহিলাৰ পক্ষে ভয়ানক কথা আছিল। মাৰিছে কয়, ''মই অবিহনে তেওঁ আকৌ বিয়াত বহিব পাৰিছিল আৰু পৰিয়াল গঢ়িব পাৰিছিল। মই থাকিলে সেয়া সম্ভৱ নহ’লহেতেন।’’

পিতৃৰ সৈতে মাৰিছ, আলাবামাত

মাৰিছে জানিব পাৰিলে যে সেই সময়ত বেংককৰ পূৱ প্ৰান্তৰ ছাকোএংছাও নামৰ ঠাইত নিয়োজিত হৈ থকা এগৰাকী মাৰ্কিন সৈন্যই তেওঁৰ মাকক লগ পাইছিল। কেইমাহমান ডেটিঙৰ পিছতে এদিন একো নোকোৱাকৈয়ে থাইলেণ্ড এৰি গুচি গৈছিল সেই সৈন্যজন।

মাৰিছে কয়, ''মোৰ মায়ে দেউতাৰ নামটোকে নাজানিছিল। তেওঁ সকলোবোৰ ফটো জ্বলাই দিছিল। আচলতে তেওঁ সেই দুঃসহ স্মৃতিবোৰ পাহৰি পেলাব বিচাৰিছিল। মানুহে ভাবিছিল যে মোৰ মা এগৰাকী বেয়া ছোৱালী। জীয়াই থাকিবলৈ আৰু সেই কলংকৰ পৰা মুক্তি পাবলৈ মোক এৰি দিয়াৰ বাদে তেতিয়া মাৰ হাতত আন কোনো উপায় নাছিল।’’

অনাকাংক্ষিত এই সন্তানসকলৰ দৰেকৈ থাইলেণ্ডত আজিৰ তাৰিখত জনপ্ৰিয় হৈ পৰা ছেক্স পৰ্যটনো সেই যুদ্ধৰ দিনৰে প্ৰভাৱ। ব্ৰিষ্টল বিশ্ববিদ্যালয়ৰ অধ্যাপক য়ানোছ জিল্বাৰবাৰ্গৰ মতে ভিয়েটনাম যুদ্ধৰ সময়ত থাইলেণ্ডত বিদেশী সৈন্যবাহিনীৰ উপস্থিতিৰ পৰিপ্ৰেক্ষিততে মাৰ্কিন সৈন্যবাহিনীৰ ছাউনীবোৰৰ কাষত ব্যাপক হাৰত ৰেডলাইট এলেকা গঢ় লৈ উঠিছিল।

পিতৃক প্ৰথমবাৰ লগ পোৱাৰ সময়ত মাৰিছ

তেওঁ কয়, ''ছেক্স পৰ্যটন কিদৰে বিকশিত হয় তাৰ উৎকৃষ্ট উদাহৰণ হৈছে থাইলেণ্ড। মাৰ্কিন সেনাই ভিয়েটনামত যুদ্ধ কৰিবলৈ গৈছিল আৰু ডিউটি শেষ হ’লে থাইলেণ্ডৰ ছাউনীলৈ ঘূৰি আহি মনোৰঞ্জন কৰিছিল। যেতিয়া যুদ্ধৰ সামৰণি পৰিল তেতিয়া মাৰ্কিন সেনাৰ স্থান পৰ্যটকসকলে ল’লে। এই সমগ্ৰ প্ৰক্ৰিয়াই থাই লোকসকলৰ সমাজ ব্যৱস্থা আৰু চিন্তাধাৰাকো ৰক্ষণশীলতাৰ পৰা মুক্ত কৰি তুলিলে।’’

উল্লেখ্য যে আজিৰ তাৰিখতো থাইলেণ্ডত ৰেডলাইট এৰিয়াসমূহ তেতিয়াৰ মাৰ্কিন সেনা ছাউনী স্থাপন কৰা ঠাইসমূহৰ কাষতে আছে। অৱশ্যে সেই ছাউনীসমূহ আৰু বিমানঘাটিসমূহ এতিয়া বন্ধ হৈ পৰিছে। তথ্য অনুযায়ী যুদ্ধ শেষ হোৱাৰ বহু পিছলৈকে হাজাৰ হাজাৰ মাৰ্কিন সেনা জোৱানে ছুটী লৈ থাইলেণ্ডৰ বাৰ আৰু নাইটক্লাৱসমূহলৈ ধাৰাবাহিকভাৱে আহি আছিল।

ভাৰালৈ পোৱা পত্নী!

'লাভ, মানি এণ্ড অব্লিগেশ্যনঃ ট্ৰান্সনেশ্যনেল মেৰিজ ইন এ নৰ্থ ইষ্টাৰ্ণ থাই ভিলেজ’ শীৰ্ষক গ্ৰন্থখনৰ লেখক পেটছাৰিন লাপাননৰ মতে থাই মহিলা আৰু মাৰ্কিন সেনা জোৱানৰ মাজৰ সম্পৰ্ক আছিল অতি জটিল। বহু ক্ষেত্ৰত তেওঁলোকে কেইমাহমান ধৰি স্বামী-স্ত্ৰীৰ দৰেকৈ থাকিছিল আৰু সেয়া সেনাজন দেশলৈ ঘূৰি যোৱালৈকেহে চলিছিল। থাই সমাজত কোনো কোনোৱে এনে মহিলাসকলক 'ৰেণ্টেড ৱাইফ’ বা 'ভাৰালৈ পোৱা পত্নী’ বুলিও কোৱা দেখা যায়। 

পুনৰ মিলনৰ ১০ বছৰ পিছত মাৰিছৰ মাকৰ মৃত্যু ঘটে। মাকৰ মৃত্যুৰ পিছতে সেই কাহিনীৰ সিমানতে অন্ত পৰিল বুলি তেওঁ ধৰি লয়। কিন্তু মাকৰ মৃত্যুৰ এবছৰ পিছতে তেওঁ ডিএনএ টেষ্টৰ সহায় লৈ পিতৃৰ সন্ধান কৰিবলৈ মন মেলে। এটা কোম্পানীয়ে সম্পৰ্ক ছিন্ন হৈ পৰা আত্মীয়ৰ সম্ভেদ লাভত সহায় কৰিব বুলি কৰা ঘোষণাই তেওঁক এই ক্ষেত্ৰত অধিক উৎসাহিত কৰি তোলে।

যেতিয়া ডিএনএ টেষ্টৰ ফলাফল আহিল তেতিয়া এগৰাকী মহিলাৰ সম্ভেদ লাভ কৰিলে। মাৰিছে সেই মহিলাগৰাকীক তেওঁলোকৰ পৰিয়ালৰ কোনো পুৰুষ সদস্যই ১৯৬৪-১৯৬৬ চনৰ ভিতৰত থাইলেণ্ডলৈ গৈছিল নেকি বুলি সুধিলে। তেনেকৈয়ে ইছাইয়া ৰৱাৰ্টছ নামেৰে এগৰাকী প্ৰাক্তন সৈনিকে উক্ত সময়ছোৱাত থাইলেণ্ডত কটাইছিল বুলি জানিব পাৰে। মহিলাগৰাকীয়ে ২০১৯ চনত ফোনযোগে দুয়োকে কথা পতাই দিয়ে। ৰৱাৰ্টছৰ আৰু ৩ গৰাকী সন্তান আছিল।

থাইলেণ্ডৰ ৰাজধানী বেংককৰ জনপ্ৰিয় নাইটষ্ট্ৰীট

ক’ভিড মহামাৰীৰ পৰিপ্ৰক্ষিতত তেতিয়াই তেওঁলোকৰ পক্ষে লগ কৰাতো সম্ভৱ হৈ নুঠিল। অৱশেষত ২০২২ চনত নিজৰ ৮৫ বছৰীয়া পিতৃক প্ৰথমবাৰৰ বাবে দেখা কৰিবলৈ মাৰিছে আলবামালৈ যাত্ৰা কৰে। ডিএনএ টেষ্টত দেখা গ’ল যে দুয়োৰে মাজত ৯৯.৬ শতাংশ জিনীয় সাদৃশ্য আছে।

'ভইচ অব আমেৰিকা’ক দিয়া এক সাক্ষাৎকাৰত ৰৱাৰ্টছে কয়, ''মই জানিছো যে তেওঁ হয়তো মোৰেই সন্তান। মই সেয়া অস্বীকাৰ নকৰো। মই তেওঁক গ্ৰহণ কৰিছো আৰু দায়িত্বও ল’বলৈ সিদ্ধান্ত লৈছো।’’

উক্ত বৰ্ষৰ শেষৰফালে মাৰিছে টিভিৰ ঘোষকৰ কাম বাদ দিয়ে আৰু দেউতাকৰ সৈতে কটাবলৈ বুলি আমেৰিকাতে থাকিবলৈ আৰম্ভ কৰে। এতিয়া তেওঁ অনুৰাগীসকলৰ বাবে নিয়মীয়াকৈ নতুন জীৱনৰ মুহূৰ্তবোৰৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত পোষ্ট কৰি আহিছে।

নামটোৱেই মনত নাই...

ভিডিঅ’ত মাৰিছে নিজৰ দেউতাকক সাবতি ধৰা দৃশ্য দেখি জেনি ষ্টুবাৰৰ দুচকুৰে দুধাৰি লোটক বৈ আহিছিল। ডিএনএ টেষ্টৰ জৰিয়তে ২০২২ চনত জেনিয়েও নিজৰ পিতৃৰ সম্ভেদ লাভ কৰিছিল। কিন্তু এতিয়ালৈকে লগ কৰাতো সম্ভৱ হৈ উঠা নাই। কিয়নো ৭৮ বছৰীয়া তেওঁৰ পিতৃ বৰ্তমান কাৰাগাৰত বন্দী। 

দুয়োৰে মাজত ফটোৰ আদান-প্ৰদানো হৈছে আৰু এতিয়া চিঠিৰে নিয়মীয়াকৈ কথা-বতৰা হয়। কাৰাগাৰত বন্দী প্ৰাক্তন সৈনিকগৰাকীয়ে ভাবে যে জেনি তেওঁৰেই কন্যা। জেনিয়ে কয়, ''এবাৰ চিঠিত মই তেওঁক মোৰ মা কোন আছিল বুলি সুধিছিলো। তেতিয়া কৈছিল যে মাৰ নামটো তেওঁৰ সম্পূৰ্ণকৈ মনত নাই। ফলত মাক লগ পোৱাৰ সম্ভাৱনা কমি আহিল।’’

দেউতাকে চিঠিত জনোৱা মতে জেনিৰ মাতৃয়ে ইউ-টাপাও বিমানঘাটিৰ বাহিৰত থকা এখন ফুডষ্টলত কাম কৰিছিল। তেওঁলোকে ১০ মাহ ধৰি একেলগে কটাইছিল। জেনিয়ে কয়, ''তাৰ পিছত ১৯৭০ চনত তেওঁক পুনৰ আমেৰিকালৈ ঘূৰাই পঠিওৱা হয়। কাৰণ তেওঁৰ সৰু ভায়েকক ছাইগান চহৰত নিয়োজিত কৰিব বিচাৰিছিল আৰু নিয়ম অনুযায়ী একে সময়ত এটা পৰিয়ালৰ দুজন সেনা জোৱানক একেটা স্থানত ডিউটি দিয়া নহৈছিল।’’

তেঁও কেতিয়াও গমেই নাপালে যে একেলগে সময় কটোৱা ফুডষ্টলৰ সেই থাই যুৱতীগৰাকী যে অন্তঃসত্বা হৈছিল। জেনিয়ে কয়, ''দেউতাই চিঠিত লিখিছে যে তেওঁ মোৰ মাৰ সম্পূৰ্ণ নামটো আজিলৈকে গমেই নাপালে। লগ পোৱা কেইদিনতো সম্পূৰ্ণ নামটো সোধাই নহ’ল।’’ দেশলৈ ঘূৰি আহি জেনিৰ পিতৃয়ে বিবাহপাশত আৱদ্ধ হয় আৰু পিছলৈ বিবাহ বিচ্ছেদো ঘটে। সেই বিবাহসূত্ৰে তেওঁৰ আছে দুগৰাকী সন্তান।

তুলি লোৱা ছুইছ পিতৃ আৰু মাতৃৰ সৈতে জেনি (মাজৰগৰাকী)

ইয়াৰ পিছত জেনিয়ে বহুবাৰ থাইলেণ্ডলৈ আহিছে আৰু পিতৃয়ে কোৱা চহৰখনৰ কোনখিনি ঠাইত ফুডষ্টল আছিল তাৰ বিচাৰ-খোচাৰ কৰিছিল। তেওঁ স্থানীয় বাসিন্দা, স্থানীয় প্ৰশাসনৰ সৈতেও যোগাযোগ কৰিছে যদিও একো সন্ধান নাপালে।

জেনিয়ে আৰু কয়, ''মই মাৰ ফটো এখন অংকন কৰিব বিচাৰিছিলো। কথাটো দেউতাক চিঠিত কৈছিলো। তেতিয়া দেউতাই কৈছিল, জেনি তুমি আইনাৰ সমুখত থিয় হৈ হাঁহি দিবা। তেতিয়া তোমাক যেনে দেখিব তোমাৰ মা ঠিক তেনেকুৱাই আছিল।’’

সম্প্ৰতি জেনিয়ে তেওঁৰ জৈৱিক পিতৃয়ে কাৰাগাৰৰ পৰা সোনকালে মুক্তি পোৱাৰ আশাৰে ৰৈ আছে। কাৰাগাৰৰ পৰা মুক্তি পালেই দেউতাকৰ সৈতে ভিডিঅ’ কলৰ জৰিয়তে কথা পতাৰ লগতে দেখা কৰিবলৈ যোৱাৰ আশাও পুহি ৰাখিছে জেনিয়ে। চকুলো টুকি জেনিয়ে কয়, ''হয়তো অহা বছৰ, নহ’লে তাৰ পিছৰ বছৰত দেখা পাম। এনেকুৱাও হ’ব পাৰে যে হয়তো কাহানিও দেখাই নাপাম...’’


বিবিচি ৱৰ্ল্ড ছাৰ্ভিছৰ সাংবাদিক ইছাৰিয়া প্ৰেতোংগয়ায়েমৰ প্ৰতিবেদনৰ অনুবাদ