newsnextone.com | ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ সৈতে লগলাগি মিত্ৰজোঁটৰ চৰকাৰ চলাই থকা জেডিএছ দলৰ মুৰব্বী তথা কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এইচডি কুমাৰস্বামীয়ে এখন সভাত ভাষণ প্ৰদান কৰি থকাৰ সময়তে আবেগিত হৈ পৰাৰ লগতে চকুলো টোকা পৰিলক্ষিত হয়৷  

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এইচডি কুমাৰস্বামীৰ দল জেডিএছ দলে মুখ্যমন্ত্ৰী পদবী লাভ কৰাত আয়োজন কৰা সভাত সতীৰ্থই দিয়া ফুলৰ মালা পৰ্যন্ত স্বীকাৰ নকৰিলে৷ কুমাৰস্বামীয়ে কয় যে মই কাকো নোকোৱাকৈ বেদনা লুকাই ৰাখিছোঁ৷ যি বিষতকৈ কম নহয়৷ যিবোৰ হৈ আছে তাৰ দ্বাৰা সুখী নহয় বুলিও কয়৷

জানিব পৰা মতে, ছচিয়েল মিডিয়াত বিগত সময়ত বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈ আহিছে কৰ্ণাটক চৰকাৰৰ বিৰুদ্ধে৷ কোডাগুৰ এজন যুৱকে ‘কুমাৰস্বামী মোৰ মুখ্যমন্ত্ৰী নহয়’ শীৰ্ষক ভিডিঅ’ শ্বেয়াৰ কৰি গাঁৱৰ জৰাজীৰ্ণ পথ সমূহ দেখুৱাই৷ ইয়াৰ চিন্তা মুখ্যমন্ত্ৰীয়ে নকৰে বুলি অভিযোগ উত্থাপন কৰে যুৱকজনে৷ আনহাতে কাষ্টোল জিলাৰ মাছমৰীয়াৰ ঋণ মাফ নকৰাত চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে মাছমৰীয়াসকল৷

ইমানে নহয় জনসাধাৰণৰ ঋণ মাফ কৰিবৰ বাবে বিষয়াক মনাবলৈ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা হয় বুলিও কয় কুমাৰস্বামীয়ে৷ অন্না ভাগ্য আঁচনিত ৫ কিলো চাউলৰ পৰিৱৰ্তে ৭ কেজিকৈ দাবী কৰে ৰাইজে৷ মই ইয়াৰ বাবে ২৫০০ কোটি টকা কৰা পৰা আনিম৷ কৰ লগোৱাৰ বাবে মোৰ সমালোচনা হৈছে৷ তাৰ পিছতোঁ মিডিয়াই প্ৰচাৰ কৰিছে মোৰ ঋণ মাফ আঁচনিৰ স্পষ্ট নহয় বুলি৷ যদি মই বিচাৰোঁ ২ ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্ৰীৰ পদ এৰি দিম বুলিও কয় কুমাৰস্বামীয়ে৷ 

মুখ্যমন্ত্ৰীয়ে আৰু কয় যে নিৰ্বাচনৰ সময়ত মোৰ কথা শুনিবলৈ মানুহ একত্ৰিত হয়৷ কিন্তু ভোট দিয়াৰ সময় আহিলে দলৰ প্ৰাৰ্থীক পাহৰি যায়৷ কুমাৰস্বামীয়ে আৰু কয় যে ইশ্বৰে মোৰ এই শক্তি দিছে আৰি তেওঁ ঠিৰাং কৰিব তেওঁ মোক আৰু কিমান দিন ৰাখিব৷ মোৰ সপোন আছিল মোৰ দল আৰু মোৰ পিতৃ এইচ ডি দেৱগৌড়াৰ আধৰুৱা কাম সম্পূৰ্ণ কৰিম৷ এই শক্তি কিবা বিচৰাৰ বাবে নহয়৷ বিধানসভা নিৰ্বাচনত ৩৭ আসমত জয়ী লাভ কৰিছোঁ৷ ইয়াৰ দ্বাৰা প্ৰমাণ নহয় মানুহে মোৰ ভিতৰত ভৰষা দেখা নাই৷