গুৱাহাটীঃ বাগছা জিলাৰ বৰমা অঞ্চলৰ ১৮ বৰ্ষীয় যুৱতীগৰাকীয়ে জনা নাছিল যে অস্বাস্থ্যকৰ নেপকিন ব্যৱহাৰ কৰাৰ ফলত এক ভয়ংকৰ বিপদৰ সমুখীন হ’বলগা হ’ব। দুমাহমানৰ পৰা পেট ফুলি থকা যুৱতীগৰাকীৰ পেটত সামান্য বিষ আছিল যদিও তাইৰ পৰিয়ালে ভাবিছিল যে প্ৰেমৰ পৰিণতিতে তাই এনেদৰে অকালতে বিয়া নোহোৱাকৈ মাক হ’বলৈ ওলাইছে। সেয়ে সমাজৰ ভয়তে তাইক নিয়া নহ'ল চিকিৎসকৰ ওচৰলৈ।

কিন্তু পেট ফুলি থকা যুৱতীগৰাকীৰ অৱস্থা অতি শোচনীয় হৈ পৰাত উপায়ন্তৰ হৈ পিতৃ-মাতৃয়ে তাইক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাবলৈ বাধ্য হয়। তেওঁলোকে ভাবিছিল যে ছোৱালীজনীৰ গৰ্ভপাত কৰাব। কিন্তু কল্পনাৰো অগোচৰ এক ভয়ংকৰ সত্য যে উন্মোচিত হ’বলৈ গৈ আছে, সেইকথা তেঁওলোকে জনা নাছিল।

চিকিৎসকে পৰীক্ষা-নীৰিক্ষা কৰি ঘোষণা কৰে যে তাই অন্তসত্বা নহয়, তাইৰ পেটত পৰজীৱিৰ সংক্ৰমণ ঘটিছে। এই সংক্ৰমণ ঘটিছে অস্বাস্থ্যকৰ নেপকিন ব্যৱহাৰৰ ফলত। অস্বাস্থ্যকৰ নেপকিনৰ মাধ্যমেদি মেগটছ, মায়'ছিছ জাতীয় পৰজীৱি তাইৰ পেটত সোমোৱাৰ ফলত ঘটা সংক্ৰমণে তাইৰ বৃহদন্ত্ৰ পচাই পেলাইছে।

অৱশেষত যুৱতীগৰাকীয়ে মৃত্যুৰ সৈতে যুঁজি শনিবাৰে জিএমচিএইচত হাৰ মানে। এই ঘটনাই সমগ্ৰ অসমতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। অস্বাস্থ্যকৰ নেপকিন ব্যৱহাৰৰ ফল যে এনে ভয়াৱহ হ'ব পাৰে সেই কথাই সকলোকে জোকাৰি গৈছে। 

উল্লেখ্য যে ২০১১ চনত কৰা এক চৰকাৰী সমীক্ষা মতে ১১ শতাংশ মহিলাইহে চেনিটেৰী নেপকিন ব্যৱহাৰ কৰে। বহুতে আকৌ ইয়াক বিলাসিতা বুলিও গণ্য কৰে। 

'অসমত বুলিয়ে নহয়, সমগ্ৰ দেশখনতে মাহেকীয়া সংক্ৰান্ত সজাগতা আৰু জ্ঞান একেবাৰে শূন্য। প্ৰায়ভাগেই চেনিটেৰি নেপকিনটো বাদেই, একেখন টুকুৰা কাপোৰকে বাৰম্বাৰ ব্যৱহাৰ কৰে।’- ফোনযোগে newsnextone.com-ক এইদৰে জানিবলৈ দিয়ে 'প্ৰিয়বন্ধু' নামৰ বেচৰকাৰী সংস্থাটোৰ প্ৰতিস্থাপক অৰ্চনা বৰঠাকুৰে৷ 

বৰঠাকুৰে জনোৱামতে, গ্ৰামাঞ্চলৰ যিবোৰ ঠাইত গাভৰুহঁতে পিন্ধিবলৈ কাপোৰ নাথাকে, সেই ঠাইতো বিনামূলীয়াকৈ চেনিটেৰী নেপকিন বিতৰণ কৰি আহিছে 'প্ৰিয়বন্ধু' নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে। এই ঘটনাটোৱে বিব্ৰত কৰি তুলিলেও এইবাৰ বিষয়টোত সজাগতা অনাৰ বাবে আৰু যুৱতীসকলক সহায় কৰাৰ বাবে অধিক উদ্যমেৰে কাম কৰি যাব বুলি জানিবলৈ দিয়ে বৰঠাকুৰে৷  

উল্লেখ্য যে শিলচৰৰ সাংসদ সুষ্মিতা দেবে অলপতে ‘টেক্স ফ্ৰী উইংগছ’ নামৰ এক বিশেষ সজাগতা অভিযান আৰম্ভ কৰিছিল৷ চেনিটেৰী নেপকিনৰ ওপৰত চৰকাৰৰ কৰ আঁতৰোৱাৰ বাবে চেঞ্জ ডট অৰ্গযোগে আৰম্ভ কৰা সুস্মিতাৰ এই পিটিশ্যন অভিযানে ২ লাখৰো অধিক স্বাক্ষৰ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।