নিউয়ৰ্কঃ ছিৰিয়াৰ ইডলিবত হোৱা সন্দেহজনক কেমিকেল আক্ৰমণে সমগ্ৰ বিশ্বকে জোকাৰি যোৱাৰ পিছত বৃহস্পতিবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকৰ পিছত পৰিষদৰ ভূমিকা লেহেমীয়া হোৱাৰ অভিযোগ উত্থাপন কৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰই।

নিৰাপত্তা পৰিষদৰ বৈঠকত নিজৰ স্থিতি স্পষ্ট কৰি মাৰ্কিন প্ৰতিনিধি নিক্কী হেলীয়ে কয় যে বিষয়টো সম্পৰ্কত ৰাষ্ট্ৰসংঘই ব্যৱস্থা গ্ৰহণ কৰক বা নকৰক, মাৰ্কিন যুক্তৰাষ্ট্ৰই তেনে অমানৱীয় সন্ত্ৰাসবিৰোধী পদক্ষেপ লোৱাৰ বাবে দৃঢ়প্ৰতিজ্ঞ। 
ৰাষ্ট্ৰসংঘই দায়িত্ব পালনত অপাৰগ হ’লে নিজাববীয়াকৈ দায়িত্ব গ্ৰহণৰ বাবে মাৰ্কিন চৰকাৰ সাজু বুলি মন্তব্য কৰে হেলীয়ে। ৰুছ চৰকাৰে ছিৰিয়াক সহযোগ কৰি থকালৈকে ছিৰিয়াত এনেধৰণৰ সন্ত্ৰাসৰ অন্ত নপৰে বুলিও মন্তব্য কৰে হেলীয়ে। ব্ৰিটেইন, ফ্ৰান্স আৰু মাৰ্কিন চৰকাৰে যুটীয়াভাবে ঘটনাৰ অনুসন্ধানৰ দাবী কৰি ৰাষ্ট্ৰসংঘত এক খচৰা প্ৰতিবেদন দাখিল কৰিছে। 

মঙলবাৰে পুৱাৰ ভাগত ইডলিবৰ খান শ্বেইখোন অঞ্চলত হোৱা কেমিকেল আক্ৰমণটোত শিশু-মহিলাকে ধৰি ৮৬ জন লোকে প্ৰাণ হেৰুৱাইছে। এই আক্ৰমণক ছিৰিয়াৰ প্ৰায় এটা দশকজোৰা গৃহযুদ্ধৰ এক অমানবীয় ছৱি বুলি বাছৰ আল আছাদক কঠোৰ ভাষাৰে বিশ্বজুৰি সমালোচিত হৈছে।