newsnextone.com | ডিজিটেল ডেস্কঃ ক্ষমতা লাভ কৰাৰ পিছৰে পৰা বিজেপিৰ নেতা-মন্ত্ৰী-বিধায়কৰ বিভিন্ন বিষয়ত প্ৰদান কৰা বিতৰ্কিত মন্তব্যই সময়ে সময়ে ৰাজনৈতিক মহলত খলকনিৰ সৃষ্টি কৰা পৰিলক্ষিত হৈ আহিছে৷ সাধাৰণ জনতাৰ মাজতো বিতৰ্কিত মন্তব্যৰ বাবে বিজেপিয়ে লজ্জাজনক পৰিস্থিতিৰ সন্মুখীন হৈ আহিছে৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ কেন্দ্ৰীয় অধ্যক্ষ অমিত শ্বাহে যিমানেই বিতৰ্কিত মন্ত্ৰী-বিধায়কসকলকৰ মুখত লেকাম লগাবলৈ চেষ্টা কৰিছে, সিমানেই যেন বিতৰ্ক সৃষ্টিৰ সংখ্যা দুগুন বৃদ্ধিহে পাইছে৷