anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ ক্ষমতা লাভ কৰাৰ পিছৰে পৰা বিজেপিৰ নেতা-মন্ত্ৰী-বিধায়কৰ বিভিন্ন বিষয়ত প্ৰদান কৰা বিতৰ্কিত মন্তব্যই সময়ে সময়ে ৰাজনৈতিক মহলত খলকনিৰ সৃষ্টি কৰা পৰিলক্ষিত হৈ আহিছে৷ সাধাৰণ জনতাৰ মাজতো বিতৰ্কিত মন্তব্যৰ বাবে বিজেপিয়ে লজ্জাজনক পৰিস্থিতিৰ সন্মুখীন হৈ আহিছে৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ কেন্দ্ৰীয় অধ্যক্ষ অমিত শ্বাহে যিমানেই বিতৰ্কিত মন্ত্ৰী-বিধায়কসকলকৰ মুখত লেকাম লগাবলৈ চেষ্টা কৰিছে, সিমানেই যেন বিতৰ্ক সৃষ্টিৰ সংখ্যা দুগুন বৃদ্ধিহে পাইছে৷

শেহতীয়াকৈ আন এগৰাকী বিজপিৰ বিধায়কে প্ৰদান কৰা এক মন্তব্যই ৰাজনীতি আৰু সমাজ জীৱনত বিজেপিৰ স্থিতি অৱনমিত কৰা পৰিলক্ষিত হৈছে৷ পূৰ্বেও কেইবাবাৰো বিতৰ্কিত মন্তব্য প্ৰদান কৰি সমালোচনাৰ সন্মুখীন হোৱা উত্তৰ প্ৰদেশৰ বলিয়া জিলাৰ বৈৰীয়া ক্ষেত্ৰৰ বিজেপি বিধায়ক সুৰেন্দ্ৰ সিঙে পুনৰ এক বিতৰ্কিত মন্তব্য প্ৰকাশ কৰি বিবাদ সৃষ্টি কৰা পৰিলক্ষিত হৈছে৷ 

ভাৰতৰ অন্যতম সংবাদ প্ৰতিষ্ঠান এএনআইৰ বাতৰি মতে মঙলবাৰে এখন জনসভাত অংশ লৈ বিতৰ্কিচত বিধায়ক সুৰেন্দ্ৰ সিঙে কয়, ‘চৰকাৰী বিষয়াতকৈ বেশ্যাৰ চৰিত্ৰ বেছি ভাল৷ বেশ্যাই পইচা লৈ অন্ততঃ কাম কৰে আৰু মঞ্চত নাচেও৷ কিন্তু চৰকাৰী বিষয়াই পইচা লোৱাৰ পিছত আপোনাৰ কাম কৰিব নে নাই, তাৰ কোনো ভৰষা নাই৷’

মঙলবাৰে সুৰেন্দ্ৰ সিঙে ‘সতৰ্ক দিৱস’ পালন কৰি দুৰ্নীতিগ্ৰস্থ চৰকাৰী কৰ্মচাৰী বিষয়া সকলক সতৰ্ক বাণী শুনাই কয় যে যদি কোনো চৰকাৰী বিষয়াই াপোনাৰ পৰা ঘোচ বিচাৰে তেন্তে তেওঁৰ মুখত ঘোচা শোধাওক৷ যদি তাৰ পিছতো তেওঁ নামানে, তেন্তে জোতাৰে কোবাওক৷

উল্লেখ্য যে, বিজেপি বিধায়ক সুৰেন্দ্ৰ সিঙে পূৰ্বেও কেইবাবাৰো বিতৰ্কিত মন্তব্য কৰি সমালোচনাৰ সন্মুখীন হৈছে৷ যোৱা মাহত তেওঁ যোগী চৰকাৰৰ মন্ত্ৰী আৰু এছবিএছপিৰ অধ্যক্ষ ওমপ্ৰকাশ ৰাজভৰৰ তুলনা এগৰাকী বেশ্যাৰ সৈতে কৰিছিল৷ তেওঁ ৰাজভৰৰ বিৰুদ্ধে পৰিয়ালৰ সকলো সদস্যক ৰাজনীতিৰ সৈতে সংযোগ কৰি ধন ঘটা বুলি অভিযোগ উত্থাপন কৰিছিল৷

মন্ত্ৰী ওমপ্ৰকাশ ৰাজভৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰা বিষয়ক লৈ বিজেপি বিধায়ক সুৰেন্দ্ৰ সিঙে মন্তব্য কৰিছিল, ‘এগৰাকী বেশ্যাই নিজৰ চাৰিওফালে বেশ্যাকে দেখে৷’

ইয়াৰ পূৰ্বেও এপ্ৰিল মাহত গণ ধৰ্ষণ কাণ্ডত অভিযুক্ত উন্নাওৰ বিজেপি বিধায়ক কুলদীপ সিঙক সমৰ্থন জনাইছিল সুৰেন্দ্ৰ সিঙে৷ বিতৰ্কিত বিজেপি বিধায়কগৰাকীয়ে গণধৰ্ষণ কাণ্ডত অভিযুক্ত বিজেপি বিধায়কজনক সমৰ্থনত মন্তব্য প্ৰকাশ কৰি দাবী কৰিছিল যে কোনো ব্যক্তিয়েই এটি ৩ বছৰীয়া সন্তাৰ মাতৃক ধৰ্ষণ নকৰে৷