লক্ষ্ণৌঃ ভাৰতৰ সংসদীয় গণতন্ত্ৰৰ স্নায়ুকেন্দ্ৰস্বৰূপ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত অভূতপূৰ্ব সফলতা লাভ কৰা ভাৰতীয় জনতা পাৰ্টিৰ মুখ্যমন্ত্ৰী তথা বিধায়কসকলৰ শপতগ্ৰহণ অহা ১৯ মাৰ্চত হ’ব বুলি আজি ৰাজ্যপাল ৰাম নায়কে সদৰি কৰিছে।  

৪০৩ খন বিধানসভা আসনৰ ৩২৫ খন আসন মিত্ৰজোঁটৰ সহযোগত দখলেৰে উত্তৰ প্ৰদেশৰ ৰাজনীতিৰ প্ৰেক্ষাপট উলট-পালট কৰা গেৰুৱা দলটোৰ শীৰ্ষপদবীধাৰী নেতাসকলৰ লগতে দুই দ্বিগজ ক্ৰমে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গেৰুৱা দলটোৰ অধ্যক্ষ অমিত শ্বাহ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব। 

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পদৰ বাবে ত্ৰিবেন্দ্ৰ সিং ৰাৱতে শনিবাৰে শপতগ্ৰহণ কৰাৰ যো-জাৰ পিছতে এইবাৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ নাম ঘোষণাৰ সময়। কিন্তু ৰাজ্যবাসীক এক চাচপেন্সত ৰাখিছে গেৰুৱা দলটোৱে। লক্ষ্ণৌৰ স্মৃতি উপৱনত ১৯ মাৰ্চত গধূলি ৫ বজাত হ’বলগা শপতগ্ৰহণতহে গম পোৱা যাব দেশৰ সৰ্বাধিক বিধানসভা আসন থকা ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ নাম।  

এতিয়ালৈকে সংবাদ মাধ্যমত ৰাজনাথ সিং, মনোজ চিনহা, কেশৱ প্ৰসাদ মৌৰ্যৰ নাম চৰ্চালৈ আহিছে। এতিয়া লক্ষ্ণৌৰ স্মৃতি উপৱনত দৃষ্টি নিবদ্ধ সকলোৰে।