কণমানি গুণগুণক লাগে আপোনাৰ কিঞ্চিত সঁহাৰি
দিখৌমুখ: দুখীয়াৰ উৰুখা পজাত দুখৰ ওৰ নপৰে। এই কথা আখৰে আখৰে মিলিছে শিৱসাগৰ জিলাৰ দিখৌমুখ তেলিয়াদোঙ্গা পুখুৰীপাৰত বসবাস কৰা এটা পৰিয়ালৰ ক্ষেত্ৰত। পৰিয়ালটোত এতিয়া চকুৰ পানীৰে বাট নেদেখা অৱস্থা। যিটো সময়ত ৬ দিনীয়া দেৱকন্যাক প্রাণৰক্ষা কৰিবৰ কাৰণে দিল্লীত গ্রীণ কৰিড'ৰ বনোৱা হৈছিল ,মন্দিৰ, মচজিদ ,গীৰ্জাত প্রাৰ্থনা কৰা হৈছিল সেই সময়ত এই দুখীয়া পৰিয়ালটোৰ ৮ বছৰীয়া গুণগুণৰ কাৰণে কোনে প্রাৰ্থনা কৰিব সেয়া প্রশ্নৰ বিষয় হৈছে।
পখিলা খেদাৰ বয়সত গুণগুণে ডেৰবছৰ দিন বিচনাতে কটাইছে। প্রথম শ্রেণীতেই সামৰিব লগা হৈছে স্কুলীয়া জীৱন। বিদ্যালয়ৰ শিক্ষকে জনোৱা মতে, সৰুৰে পৰা তাই পঢ়া শুনাত অত্যন্ত চোকা আছিল। কিন্তু খেলা ধুলা কৰি থকাৰ সময়তেই এদিন হঠাৎ গুণগুণ পৰি গৈছিল। সেয়াই আছিল আৰম্ভণি। তাৰ পাছৰ পৰাই শিশুটিৰ জীৱনলৈ নামি আহিল কাল অমানিশা আৰু পৰিয়ালটোলৈ নামিল আহিল গভীৰ সংকট।
দিন হাজিৰা কৰি পৰিয়াল পোহ পাল দিয়া জিতু বৰুৱা আৰু দিপ্তী বৰুৱাৰ একমাত্র কন্য গুণগুণৰ জীৱনক লৈ শংকিত হৈ পৰিছে পিতৃ-মাতৃ। বহু চেষ্টা কৰিও অৰ্থৰ অভাৱৰ বাবেই উন্নত চিকিৎসা কৰিব কৰিব নোৱাৰাত গুণগুণ সুস্হ হৈ উঠা নাই বুলি জানাইছে পৰিয়ালে। গুণগুণৰ চিকিৎসা বাবেই মাকে সোণৰ গহনা বিক্রী কৰাৰ লগতে দেউতাকে খেতি কৰি খোৱা মাটি কেইডৰাৰ লগতে গৰু-ছাগলী সকলো বিক্ৰী শেষ কৰিলে। এতিয়া একমাত্র ঘৰৰ ভেটিটোৰ বাহিৰে একো নাই এই পৰিয়ালটোৰ।
চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ নিবলৈ কোৱাত চকুৰ পানীৰে বাট নেদেখা অৱস্হা হৈছে পৰিয়ালটোৰ। এসাঁজ খাই এসাঁজ নোখোৱাকৈ থকা পৰিয়ালটোৱে কেনেকৈ নিব উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ। চিকিৎসকে জনোৱা মতে, স্নায়ু আৰু মগজুৰ সমস্যাত আক্ৰান্ত হৈছে গুণগুণ।
উন্নত চিকিৎসা কৰিলে সোনকালেই সুস্হ হৈ উঠিব। কিন্তু তাকে কৰিবলৈ অক্ষম দৰিদ্র পৰিয়ালটোৱে চৰকাৰ আৰু ৰাইজক সহায় বিচাৰি প্ৰাৰ্থনা জনাইছে। কোনো ব্যক্তিয়ে যদি গুণগুণক সহায় কৰিব বিচাাৰে তেন্তে ভাৰতীয় ষ্টেট বেংকৰ গৌৰীসাগৰ শাখাত থকা দিপ্তি বৰুৱাৰ একাউন্ট নং ৩৫১৩৫৫৭০১৫০ত ধন জমা দিব পাৰে। অথবা ৯৮৫৪৮২০২২৬ নন্বৰত ফোন কৰিব পাৰে।